ই-চিগাৰেট — নিৰ্মলাই কৰিলে নিৰ্মুল

1835
  • প্ৰদীপ পাটোৱাৰী

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


অলপতে ভাৰত চৰকাৰে দেশত ই-চিগাৰেট ( e-cigarette / vaping device ) খোৱা বা হুপা , বেচা কিনা কৰা অথবা মজুত ৰখাটো অপৰাধ বুলি বিবেচনা কৰি ইয়াৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে– এইটো দেশৰ বাবে বিশেষকৈ উঠি অহা নৱপ্ৰজন্মৰ বাবে অতিশয় মঙ্গল জনক কাম বুলি সকলোৱে বিবেচনা কৰিছে । নৱপ্ৰজন্মক হাওঁফাওঁৰ মাৰাত্মক বেমাৰৰ পৰা বচাবলৈ ইয়াতকৈ আৰু কি কৰিব লাগে ?  জানিব পৰা মতে বিদ্যালয়ৰ নবম-দশম শ্ৰেণীৰ কুমলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বহুতো এই ই-চিগাৰেটত বয়স্ক সকলোতকৈ সবাতোকৈ বেছি আসক্ত হৈছিল।
       ধপাত জাতীয় পদাৰ্থৰ প্ৰচলন আদিম যুগৰে পৰা সমাজত প্ৰচলিত হৈ আহিছে – ইয়াৰ অপকাৰীতাৰ কথা জানিও। ইয়াৰ ভিতৰত ধপাঁতৰ বিড়ি আৰু পিছলৈ ধপাঁতৰ চিগাৰেটৰ বহুলভাৱে প্ৰচলন হৈছিল। ধপাঁতৰ মাজত নিকোটিন নামৰ এবিধ পদাৰ্থ থাকে যাক এজন মানুহে সেৱন কৰিলে আৰু সেৱন কৰিবলৈ মন গৈ থাকে আৰু তেতিয়া মানুহজনে এই ধপাত জাতীয় পদাৰ্থৰ ওপৰত বহুলাংশে আসক্ত বা নিচাত বন্দী হৈ পৰে আৰু তাকেই নিচাসক্ত বা ইংৰাজীত এডিক্টিটেদ ( addicted ) বুলি কোৱা হয়। নিকোটিনৰ দ্বাৰা আসক্ত হলে কম বয়সৰ ল’ৰা-ছোৱালীবোৰৰ চিগাৰেট হুপিব নাপালে মন ভাল নালাগে, পঢ়া-শুনাত মন নবহে , মানসিক অশান্তি , অস্থিৰতা বাঢ়ি যাবলৈ ধৰে আৰু কিছুমানৰ শৌচ ( পাইখানাত যাবলৈ মন নাযায় ) আদি নোহোৱাও হয়। গতিকে নানা কাৰণত চিগাৰেট এৰিব নিবিচাৰে। চিগাৰেটৰ ধোঁৱাত নিকোটিন হাওঁফাওঁৰ ভিতৰত সোমায় আৰু তাৰপৰাই তেজৰ নলীৰ সহায়ত গোটেই দেহত বিয়পি পৰে যদিও হাওঁফাওঁৰ ভিতৰত বেছি লাগি থাকে আৰু হাওঁফাওঁৰ সমস্যাৰ সৃষ্টি কৰে, মানুহজনৰ কাঁহ হব, উসাহ নিসাহৰ সমস্যা হব আৰু কৰ্কটৰ দৰে মাৰাত্মক ৰোগৰও সৃষ্টি হব পাৰে।
          গতিকে ধপাঁত সেৱনৰ পৰা মুক্ত কৰিবলৈ আমেৰিকা আদি উন্নত দেশবোৰত বজাৰলৈ আহিল ই-চিগাৰেট , ইলেকট্ৰিকেল/ ইলেক্ট্ৰনিক চিগাৰেট য’ত ধপাঁতৰ সলনি আন কিছুমান ভাল লগা পদাৰ্থ থাকিব আৰু বেটাৰী চালিত শক্তিৰে ধোঁৱা সেৱন কৰিব পাৰিব আৰু তেনেকৈয়ে চিগাৰেট খোৱাৰ আনন্দ লাভ কৰিব । ই-চিগাৰেটৰ মুখ্য উদ্দেশ্য আছিল ধপাঁতৰ চিগাৰেট সেৱন নকৰি ই-চিগাৰেট হুপিব দিলে ধপাঁত আসক্ত মানুহক চিগাৰেট হুপাৰ দৰে আত্ম সন্তুষ্টি দিব আৰু ইয়াৰ দ্বাৰা আচল চিগাৰেট খোৱা কমি যাব । এই ই-চিগাৰেট আৱিষ্কাৰ হোৱাৰ লগে লগে গোটেই বিশ্বজুৰি ইয়াক ব্যৱহাৰ কৰা কুমলীয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হাজাৰ হাজাৰ বাঢ়িল, ইয়াক তৈয়াৰ কৰা কাৰখানা বাঢ়িল আৰু বিভিন্ন ধৰণৰ , বিভিন্ন সোৱাদৰ , বেলেগ বেলেগ দামৰ ই-চিগাৰেট বজাৰত উপলব্ধ হব ধৰিলে। প্ৰথম অৱস্থাত এই ই-চিগাৰেটৰ ওপৰত কোনো নিৰ্দিষ্ট নিয়ম বা মানদণ্ডৰ ওপৰত কোনো  আলোকপাত কৰা নাছিল।
কিন্তু এই ই-চিগাৰেটত ও কোম্পানী বোৰে নিকোটিনৰ লগতে নানান সুগন্ধি আৰু সুস্বাদু বস্তু ব্যৱহাৰ কৰিব ধৰিলে। কোনোবাই চকলেটৰ সোৱাদৰ , কোনোবাই মিঠা সোৱাদৰ, কোনোবাই সুগন্ধি ধোঁৱা ওলোৱা ধৰণৰ ভাল পায় – মুঠতে বিভিন্ন প্ৰকাৰৰ ই-চিগাৰেৰে বজাৰ ভৰি পৰিল ; ইয়াৰ ওপৰত কাৰো আপত্তি বা নিয়ম আদি নাথাকিল। ফলত প্ৰস্তুতকাৰি কোম্পানী বোৰে বেছি লাভৰ  আশাত নিকোটিন থকা বা নিকোটিন নথকা কিন্তু দেহৰ হানিকাৰক নানান সুস্বাদু , সুগন্ধি দ্ৰব্য  আনকি ক্ষুদ্ৰাতি ক্ষুদ্ৰ ( নেনো পাৰটিকল – nano particles) ৰাসায়নিক আৰু ধাতৱ পদাৰ্থ ( metallic) মিহলি কৰিব ধৰিলে। অলপতে আমেৰিকা যুক্তৰাষ্ট্ৰত দুটা কমবয়সীয়া ল’ৰা-ছোৱালীতাৰ মৃত্যু হোৱাত আৰু বহুতো হাওঁফাওঁৰ বেমাৰত আক্ৰান্ত হোৱাত এই ই-চিগাৰেটৰ কুপ্ৰভাৱৰ বিষয়ে ধৰা পৰাত আৰু আমাৰ দেশতো ই-কমাৰ্চ বা অন-লাইন যোগে বহুতো ই-চিগাৰেটৰ বিক্ৰী হোৱা বুলি প্ৰতিপন্ন হোৱাত , চৰকাৰে এই ই-চিগাৰেটৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে ।
       এই ই-চিগাৰেট নো কি ? এই ই-চিগাৰেট হাতেৰে ধৰি মুখেৰে চিগাৰেটৰ দৰে হুপিপ লাগে। এটা ডাঙৰ বহল কলমৰ সমান , ভিতৰত এটা সৰু বেটাৰী ( কিছুমান ৰিচাৰ্জ কৰিব পৰা ) ( ordinary or rechargeable) আৰু গৰম কৰা বা উষ্ণতা বঢ়াৰ উপায় ( micro heating element ) থাকে  , এটা জুলিয়া পদাৰ্থৰ সৰু পাত্ৰ বা পেকিং থাকে , এটা চুইচ্ থাকে – আৰম্ভণি বা বন্ধ কৰিবলৈ , ৰিচাৰ্জ কৰা সুবিধাৰ বাবে তাৰ কেবল ( wire cable) থাকিব বা নাথাকিব পাৰে , লাইট জ্বলি ইয়াৰ পৰা ওলোৱা ধোঁৱাৰ সৌন্দৰ্য বঢ়াই তুলিবলৈ ব্যৱস্থা আদি বিভিন্ন ধৰণৰ ই-চিগাৰেট বজাৰত উপলব্ধ আছিল , দামৰ , দেখাত আৰু স্টাইলৰ তাৰতম্য আছিল , আনকি কম দামৰ এবাৰ হুপি পেলায় দিয়া (disposable e-cigarette ) ধৰণৰও আছিল ।
             প্ৰথম ই-চিগাৰেট জ্বলাই ললে ( on ) – ( on / off switch is there ) বেটাৰিৰ পৰা বিদ্যুৎ গৈ  ভিতৰত থকা হিটাৰ টো গৰম হয় ( heating element ) , ভিতৰত উষ্ণতা বৃদ্ধি হয় আৰু এমুৰত হুপিলে তাত থকা জুলিয়া পদাৰ্থ বোৰ ধোঁৱা বা বাস্প লৈ ৰূপান্তৰিত হয় আৰু সেই ধোঁৱাৰ সোত  মানুহৰ হাওঁফাওঁৰ ভিতৰত সোমায়। পোহৰৰ ব্যৱস্থা থকা ই-চিগাৰেতৰ ধোঁৱা বোৰ বেলেগ বেলেগ ৰাঙলী ৰঙৰ হয় আৰু সেই ধোঁৱাৰ শোভাৰে ডেকা চামৰ মনপ্ৰান আলোকিত কৰি দিয়ে । এই ই-চিগাৰেট মন গ’লে নুমাই থব পাৰি, সাধাৰণ চিগাৰেটতকৈ বেছি দিন যায়, ধৰিলে বাহিৰত গৰম অনুভৱ নহয় , বেটাৰী চাৰ্জ  কৰিব পাৰি , জুলিয়া পদাৰ্থ শেষ হলে আকৌ ভৰাব পাৰি , ইত্যাদি বিভিন্ন ধৰণৰ সুবিধা আছিল।
       সকলোবোৰ ব্যৱস্থাপনা ঠিকেই আছিল , পিচে ইয়াৰ , মানে এই  ই-চিগাৰেটৰ ভিতৰত আছিল মাৰাত্মক ৰোগৰ কাৰণ বাহক কিছুমান অতি বিষাক্ত ৰাসায়নিক পদাৰ্থ । ৰাসায়নিক পদাৰ্থৰ ভিতৰত – নিকোটিন – nicotine , marijuana , দাই-এচিটাইল – diacetyl , বিষাক্ত গধুৰ ধাতু – নিকেল , টিন, সিহ – poisonous heavy metal like nickel, tin , lead , ইত্যাদি।
         এই সকলোবোৰ ৰাসায়নিক পদাৰ্থৰ বিক্ৰিয়া ঘটি – উসাহ-নিসাহৰ কষ্ট ( breathing trouble ), হাওঁফাওঁৰ বেমাৰ ( popcorn lunch disease) , হৃট যন্ত্ৰৰ বিষ ( chest pain),  কৰ্কট ( Cancer) ৰোগ আদিৰ সৃষ্টি কৰিব পাৰে আৰু ফুল-কুমলীয়া ল’ৰা-ছোৱালীবোৰ বেছি সোনকালেই আক্ৰান্ত হব পাৰে। ক্ষুদ্ৰাতি ক্ষুদ্ৰ কণিকাবোৰ হাওঁফাওঁৰ ভিতৰৰ ছালত লাগি ধৰে।
          গতিকে এই ই-চিগাৰেটৰ প্ৰচলন বন্ধ হোৱাত দেশৰ শ শ যুৱকৰ লগতে পৰিয়াল বোৰৰও উপকাৰ হ’ব। আনকি ই-চিগাৰেটৰ বেটাৰী বিস্ফোৰণৰ ফলত ও বহু জন আঘাত প্ৰাপ্ত হৈছিল , অঙ্গ আদি পোৰাও গৈছিল। অলপতে দিল্লীৰ কেবাখনো আগশাৰীৰ বিদ্যালয়ৰ পৰা কেবাটাও ই-চিগাৰেট উদ্ধাৰ হোৱা বুলি জানিবলৈ পোৱা গৈছে।