শৰ্মা, গগৈ সকলো কাঞ্চনজংঘা ….

1885

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম (www.rajnitiaxom.com)


জুবিন গাৰ্গৰ নতুন ছবি কাঞ্চনজংঘাই গলিউডত তোলপাল লগাইছে। বোলছবিখনৰ উপাৰ্জনে ইতিমধ্যে সকলো ৰেকৰ্ড ভংগ কৰিছে। অসমৰ বাহিৰত যেনে মুম্বাই, দিল্লী , বাংগালোৰ আদিতো ছবিখন প্ৰথম সপ্তাহত হাউচফুল। অসমৰ ৰাজনেতাসকলেও ইতিমধ্যে ছবিখন চাইছে। ছবিখনৰ বিষয়ে আমি কথা পাতিলো অসমৰ কেইজনমান বিশিষ্ট ৰাজনেতাৰ সৈতে …
বিমন্ত বিশ্ব শৰ্মা
সুন্দৰ ছবি হৈছে। মাত্র দুটা বস্তু মই ভাল পোৱা নাই। প্ৰথমটো হ’ল ধূলিকণা। যিটো সময়ত ভাৰতৰ প্ৰধানমন্ত্রীজনে স্বচ্ছ ভাৰতৰ কথা কৈ আছে সেই সময়ত জুবিনে ধূলিকণাক প্ৰমোট কৰা কথাটো সঠিক হোৱা নাই। ধূলিকনা প্ৰেয়সী নহয় ..ই খলনায়ক। দ্বিতীয় কথাটো হ’ল লঘুন চিঙা কথাটো। ময়ো বামুন, মোকো ৰাহুলে অপমান কৰিছিল। কুকুৰ লগাই দিছিল। কতা..মইতো লগুণ চিঙা নাই। যিকি নহওক চিনেমাখনে মোক বিজেপিত যোগদানৰ দিনটোৰ কথা মনত পেলাই দিলে…
মোৰ কোনো গান্ধী নাই, মোৰ কোনো নেহেৰু নাই
মই মুদী
মই কাঞ্চনজংঘা….
কৰুণ গগৈঃ
এইখন চৰকাৰৰ দিনত জুবিনৰ দৰে মেধাবী লৰাই এ.পি.এচ.ছি নাপালে। হাতত অস্ত্র তুলি লবলৈ বাধ্য হ’ল। এইখন চৰকাৰ আকৌ হেনো শুন্য সহনশীল। আমাৰ দিনত কিন্তু এনৱকুৱা হোৱা নাছিল..সকলোৱে চাকৰি পাইছিল। চিনেমাখন দেখি এটা আবৃতি কৰিবলৈ মন গ’ল
দলত আজি কলিতা নাই, ৰয় নাই
আমি সুপ্ত নে লুপ্ত
নে আমি কাঞ্চনজংঘা?
উজ্জ্বল ভট্টাচাৰ্য্যঃ
চিনেমাখনৰ সফলতাৰ কাৰণ কি জানেনে? একনায়কত্ববাদ। জুবিনে নিজে গিতিকাৰ, সংগীতকাৰ, নিৰ্দেশক, প্ৰযোজক, অভিনেতা। দ্বিতীয়জন কাৰো কাম নাই। সেইবাবে আমাৰ দলটোৱো ভালকৈ চলি আছে। মোক সমালোচনা কৰি লাভ নাই।
মোৰ কোনো স্কুল নাই, কলেজ নাই, শিক্ষক নাই
তথাপিও মই ছাত্র
ময়েই নেকি কাঞ্চনজংঘা?
সুদৰ্শন সোণোৱালঃ
জুবিনে যদি কতনু ভূঞাৰ বিৰুদ্ধে ঘোচ লোৱাৰ কিবা প্ৰমাণ দিব পাৰিলেহেতেন তেন্তে মই তাৰ বিৰুদ্ধে যাবতীয় ব্যবস্হা গ্ৰহণ কৰিব পাৰিলোহেতেন। মই ইতিমধ্যে অসৎ তালুকদাৰৰ নিচিনা মানুহক জেলত থৈছো। আগতে গম পালে কাঞ্চনজংঘাৰ তালুকদাৰৰো একে দশা কৰিলোহেতেন। যিকি নহওক মই জুবিনক অনুৰোধ কৰিম ভবিষ্যতে কিবা অসুবিধা পালে মোক জনাওক। চাকৰিৰ পৰা আমি আনকি ভাইভাও উঠাই দিছো। কৃঞ্চ….।
মোৰ দিনত দুৰ্নীতি নাই, ভ্ৰষ্টাচাৰ নাই
মই উৎকৃষ্ট
মই কাঞ্চনজংঘা
ফাকেছ পাল
এই বিলাক কি চিনেমা বনাইছে? এইবোৰ দেখি আজিৰ প্ৰজন্মই কি শিকিব? কুঠাৰখন থাকিল বুলিয়েই আইন হাতত তুলি ল’ব নেকি? আইন আদালত বুলিও বস্তু কিছুমান আছে নহয়। মোৰ অবশ্যে চিনেমাখন দেখি চেয়াৰমেন হোৱা দিনটোলৈ মনত পৰিল…
মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই
মই মুক্ত
মই টকা আসক্ত
মই চুপাৰমেন, স্পাইদাৰমেন
মই চেয়াৰমেন
ময়ে কাঞ্চনজংঘা