CAB ৰ সমৰ্থনত ভোট দিব কংগ্ৰেছে?

1484

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


CAB ক লৈ কেবামাহো উত্তপ্ত হৈ আছিল অসম । বিজেপিক বাদ দি আন প্ৰায়বোৰ দল সংগঠনে ঘোৰ বিৰোধিতা কৰিছিল CAB  ক। বিজেপিৰ কিছুমান নেতা – কৰ্মীৰ ওপৰত আক্ৰমন চলোৱা হৈছিল। ছাপত পৰি বিজেপিৰ কিছুমান বিধায়কেও কেমেৰাৰ সন্মুখত CAB ক বিৰোধিতা কৰিবলৈ বাধ্য হৈছিল। কিন্তু বিজেপিৰ নেতৃত্বৰ বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ  CAB কলৈ স্থিতি স্পষ্ট   আছিল। তেওঁ মুকলিকৈ CAB ক সমৰ্থন কৰিছিল। পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ আগতে তেওঁ CAB  ৰ সমৰ্থনত উদাত্ত ভাষন দিয়ে। বুদ্ধিজীবী সমাজে ইয়াৰ ফলত বিজেপিৰ লোকচান হ’ব বুলি ভবিষ্যতবানী কৰিছিল যদিও  ফলাফল  ওলোটা হয়।

পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰদৰ্শনে তেওঁলোকৰ পুৰণি ৰেকৰ্ড ভংগ কৰে। সকলোতকৈ ক্ষতিগ্ৰস্থ হয় কংগ্ৰেছ দল। ২০১১ চনৰ নিৰ্বাচনৰ আগত বৰাকত গৈ হিন্দু শৰনাৰ্থীৰ সমৰ্থনত বক্তব্য ৰখা কংগ্ৰেছ দলে সুযোগ বুজি CAB ৰ বিৰোধিতা কৰি নিজকে জাতিয়তাবাদী দলৰূপে প্ৰতিষ্ঠা  কৰিবলৈ চেষ্টা কৰিলে। তেওঁলোকে ভাবিলে যে অসমীয়া মুলসুতিৰ মানুহে কংগ্ৰেছক হিয়া উজাৰি ভোট দিব। কিন্তু প্ৰকৃততে কংগ্ৰেছ দল ইয়াৰ ফলত লোকচানৰহে সন্মুখীন হ’ল। বঙালী হিন্দুৱে  বিজেপিক একচেটিয়াকৈ ভোট দিলে। বৰাকৰ দুয়োটা লোকসভা সমষ্টিতে কংগ্ৰেছৰ পৰাজয় হ’ল। অসমীয়া মানুহখিনিৰ মাজতো CAB কলৈ কোনো শংকা দেখা নগ’ল। গুৱাহাটী, ডিব্ৰুগড়, নলবাৰী আদি অসমীয়া ভাষীৰ সমষ্টিত কংগ্ৰেছ ধূলিস্যাৎ  হ’ল।
কংগ্ৰেছৰ সমৰ্থনত ৰ’ল মাত্র মুছলমান আৰু কিছু আহোম ভোট। কংগ্ৰেছে এতিয়া বুজি উঠিছে যে CAB  বিৰোধীতাৰ ফলত তেওঁলোকৰ লাভতকৈ লোকচানহে বেছি হ’ল। দলৰ এটা সুত্রৰ পৰা খবৰ আহিছে যে সুস্মিতা দেৱে ইতিমধ্যে ছোনীয়া গান্ধীৰ আগত এই বিষয়ে এক বিস্তৃত প্ৰতিবেদন দাখিল কৰিছে। দেৱে বিচাৰিছে যাতে সংসদত বিলখন উত্থাপন হ’লে কংগ্ৰেছ ইয়াক সমৰ্থন কৰে। নহ’লে আগন্তুক দিনত বঙালী হিন্দুৰ ভোট লাভ কৰা কংগ্ৰেছৰ বাবে অসম্ভব হ’ব। প্ৰদেশ কংগ্ৰেছৰ স্থিতিও কিছু নমনীয় হৈছে।
অহা নবেম্বৰ -ডিচেম্বৰ মাহত সংসদত CAB উত্থাপন হোৱাৰ সম্ভাবনা আছে। কংগ্ৰেছ হাই কামাণ্ডে CAB সম্পৰ্কত বিশদ ভাবে আলোচনা কৰি লাভ লোকচানৰ হিচাপ কৰিব। বিলখনৰ প্ৰতি দলে সমৰ্থন আগবঢ়ালেও আচৰিত হ’বলগীয়া একো নাই।