বঙালী বন্ধু

1535
  • তাৰক দাস

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


“তোমাৰ বাৰী কোথায়?” মাত্র এটা  বাক্য জানিছিলো বঙালী ভাষাৰ। কিন্তু কলিকতাত থকা এবছৰৰ ভিতৰতে সলসলীয়াকৈ বঙালী ক’ব পৰা হ’লো। ইয়াৰ বাবে মোৰ কেইজনমান বঙালী বন্ধুক ধন্যবাদ দিবই লাগিব। আমি চাৰিজন অসমীয়া লৰা এটা ঘৰত ভাৰা কৰি আছিলো। আমাৰ কাষৰ ঘৰটোত ভাৰা কৰি আছিল পশ্চিমবংগৰ কল্যাণী চহৰৰ তিনিজন বঙালী লৰা। আমি ৭ জন একেখন কলেজতে পঢ়ো। সিহতে অনুৰোধ কৰিলে যেন আমি বঙালীত কথা পাতো। আপোন আপোন লাগিব। ভুল হ’লেও কথা নাই। “তোমৰ বাৰী কোথায়” ৰ পৰা যি আৰম্ভ কৰিছিলো ..কেই মাহ মানৰ ভিতৰত আমি চাৰিজনে সুন্দৰকৈ বঙালী ক’ব পৰা হ’লো। ইমান সুন্দৰকৈ যে আমি কথা ক’লে মানুহে ধৰিব নোৱাৰে যে আমি বঙালী নহয়। সিহত তিনিজনেও প্ৰায় ৫০% অসমীয়া ভাষা আয়ত্ত কৰিলে।
বঙালী শিকাৰ চাৰি বছৰ মান পিছত এদিন কলিকতাৰ পৰা অকলে গুৱাহাটীলৈ যাত্রা শৰাইঘাট এক্সপ্ৰেছত। মোৰ বাৰ্থত এটা বঙালী পৰিয়াল। ৩৫ বছৰমান হ’ব মানুহজনৰ , অসমত চাকৰি কৰে। লগত ঘৈনিয়েক আৰু ৩ বছৰীয়া সন্তান। স্বাভাবিকতে পৰিয়ালটোৰ লগত কথা বতৰা হ’ল। মানুহজনে এবছৰৰ পৰা অসমত চাকৰি কৰি আছে এটা ব্যক্তিগত প্ৰতিষ্ঠানত। নিজৰ পৰিয়ালক প্ৰথমবাৰৰ বাবে অসমলৈ লৈ গৈ আছে। আমি সুন্দৰকৈ বঙালীত কথা পাতি আছো। মানুহজনে ঘুনাক্ষৰেও ভবা নাই যে মই বঙালী নহও। এনেতে আহিল ক্লাইমেক্স। মই মানুহজনক সুধিলো
– “আপোনাৰটো অসমত এবছৰ হ’ল…অসমীয়া ভাষা শিকিছে নে?”
– ” কোনে শিকিব এইবিলাক ভাষা? মোৰ অলপো ইচ্ছা নাই। মই হিন্দীতে কথা পাতো আৰু ভবিষ্যতেও পাতি থাকিম”
– “মইতো অসমীয়া কিন্তু বঙালী শিকিছো…আপুনি বঙালী হৈ অসমীয়া শিকাত আপত্তি কিহৰ?”
মানুহজন বাকৰদ্ধ হ’ল। কেই মিনিটমান মুখৰ পৰা কোনো শব্দ নোলাল। ঘৈনিয়েকে ঘোপাকৈ মানুহজনৰ পিনে চালে।