৮৫ত মাৰাৰ ভয়ত আৰু ২২ত হাৰাৰ ভয়

776

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


কংগ্ৰেছৰ বাবে অপ্ৰিয় হ’লেও সত্য যে এতিয়া কংগ্ৰেছৰ হৈ নিৰ্বাচন খেলিব বিচৰা লোকৰ অভাব। যোৱা বিধানসভাতো দলে গুৱাহাটীৰ চাৰিটা সমষ্টিত প্ৰাৰ্থী বিচাৰি পোৱা নাছিল। পৌৰসভাৰ নিৰ্বাচনতো বহু ঠাইত বিজেপি বিনা প্ৰতিদ্বন্দ্বীতাৰে জয়ী হৈছে। মানুহে কবলৈ বাধ্য হৈছে_ ৮৫ত মাৰাৰ ভয়ত আৰু ২২ত হাৰাৰ ভয়ত কংগ্ৰেছৰ প্ৰাৰ্থীবিলাক অন্তৰ্ধান হৈছে। যিবিলাক সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী দিছে তাতো কৰ্মীবিলাকৰ উৎসাহ নাই। মুঠতে পৌৰসভাৰ নিৰ্বাচনটোৰ মাদকতা হেৰাই গৈছে। ফলাফল সকলোৱে জানে। যিবিলাক ৱাৰ্ডত মুছলমান ৪০% তকৈ বেছি আছে তাত বিৰোধীদল আৰু আনবিলাকত বিজেপী জয়ী হোৱাটো নিশ্চিত। তেনে ক্ষেত্রত অসমৰ বেছিভাগ পৌৰসভাই দখল কৰিব বিজেপিয়ে। যেতিয়া ফলাফল আগতীয়াকৈ গম পোৱা যায় তেতিয়া স্বাভাবিকতে ৰাইজৰ মাজতো কোনো উত্তেজনা নাথাকে। কিন্ত এই boring  পৌৰসভাৰ নিৰ্বাচনত দুখনমান চহৰৰ ফলাফল জানিবলৈ ৰাইজৰ মাজত উৎসাহ আছে। উদাহৰণ স্বৰূপে শিৱসাগৰ আৰু বঙাইগাওঁ। শিৱসাগৰত বিধানসভা নিৰ্বাচনত নাটকীয়ভাবে অখিল গগৈ জয়ী হৈছিল। এইবাৰ সুশান্ত বুঢ়াগোহাঁইয়ে বিজেপিৰ আহোম চেহেৰা হৈ অখিলৰ বিৰূদ্ধে যুঁজ দিছে। আনফালে বঙাইগাওঁত বঙহৰ যুঁজ। ফণীভূষণৰ দুৰ্গ বঙাইগাওঁত বিজেপিয়ে নিজাববীয়াকৈ প্ৰাৰ্থী দিছে। চহৰখনত বিজেপিয়ে নিজৰ শক্তিৰ আভাস পাব। মুঠৰ ওপৰত ৰাইজে ইতিমধ্যে জানিছে নলবাৰী, পাঠশালা, যোৰহাট, ডিব্ৰুগড় আদিত কোন জয়ী হ’ব। অপেক্ষা মাত্র শিবসাগৰ আৰু বঙাইগাওঁ। লগতে লক্ষণীয় হ’ব কিমান শতাংশ মুছলমানে বিজেপিক ভোট দিয়ে।