ভ্ৰাম্যমানত দৰ্শক কমিছে , দোষ কিন্তু ৰত্নাকৰৰ নহয়…

1569
  • প্ৰশান্ত দত্ত চৌধুৰী

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


সময় চৰ্ত সাপেক্ষ । অভিজিৎ ভট্টাচাৰ্য্য সমালোচিত হয় বহু তথাকথিত ভ্ৰাম্যমান গৱেষকৰ দ্বাৰা । কিন্তু এবাৰো নুশুনো যে __ চম্পক শৰ্মাই যোৱা কিমান বছৰে হাতত দা – কুঠাৰ , চুৰি লৈ ফটো উঠিছে পোষ্টাৰত , তপন দাসৰ দৰে world ক্লাছ অভিনেতাজনে কিয় লংপেন্টত মৰা বেল্ট মুৰত মাৰি প্ৰমো কৰে ?  ভ্ৰাম্যমানৰ সাম্ভাব্য নতুন দৰ্শক প্ৰজন্মই জেফ্ৰীক জানে নে ভৱেশ বৰুৱাক চিনি পায়  ? অনলাইনত শাক পাচলি কিনা যুগত এবাৰ টিকট কাটিবলৈ লাইন ধৰিব লাগিব , এবাৰ পেণ্ডেলত সোমাবলৈ লাইন ধৰিব লাগিব আৰু নাটক শেষ কৰি বাহিৰ ওলাই আহোতে গেলাৰীৰ পিছফালেও লাইন ধৰিব লাগিব ।
ৰত্নাকাৰ __ যতীন বৰা হিৰো , চিনেমাৰ স্ক্ৰীপ্ট অভিজিৎ ভট্টাচাৰ্য্যৰ । দুয়োজনেই ভ্ৰাম্যমানৰ লগত এৰাব নোৱাৰা সম্পৰ্কৰে আবদ্ধ । ৰত্নাকৰ আৰু কাঞ্চনজংঘা দুয়োখন চিনেমাই অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন ঠাইত প্ৰদৰ্শিত  হৈছে । চিনেমা গৃহতেই সীমাবদ্ধ নাই । অডিটৰিয়াম , টম্বুৰ পেণ্ডেলত দুয়োখন চিনেমাই শ্ব’ কৰিছে । কাঞ্চনজংঘাই দৰ্শকৰ জড়তা ভাঙিলে আৰু কাঞ্চনজংঘাৰ সফলতাৰ ওপৰত ভিত্তি কৰি ৰত্নাকৰে ইতিহাস ৰচনা কৰিলে । ভ্ৰাম্যমান থিয়েটাৰৰ ব্যৱসায়ৰ সিংহভাগ আহে অবিভক্ত কামৰূপ জিলাৰ পৰা । মধ্য অসমৰ দুৰ্গা  পূজা , লক্ষ্মী পূজা , ৰাস পূজা আদি বিভিন্ন উৎসৱৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ভ্ৰাম্যমান থিয়েটাৰ ।
এইবছৰ অসমীয়া চিনেমাৰ কাৰণে ঐতিহাসিক বছৰ । ৰত্নাকৰ হিট হৈছে কাৰণ দৰ্শকৰ ৰুচিৰ লগত চিনেমাখন খাপ খাইছে । আনহাতে থিয়েটাৰত দৰ্শক কমিছে , দোষ কিন্তু ৰত্নাকৰৰ নহয় । ভাল বস্তু এটাৰো এক্সপাৰী সময় থাকে । ভ্ৰাম্যমানক সাহিত্য কওক বা নাটক কওক বা সংস্কৃতি কওক , যিয়েই নকওক ভ্ৰাম্যমান থিয়েটাৰ মুলত: অৱসৰ বিনোদনৰ আহিলা । মোবাইলৰ যুগত হাত ঘড়ী হেৰায় গ’ল , মোবাইলে চিডি কেচেট নোহোৱা কৰিলে , কেমেৰা নোহোৱা কৰিলে আৰু শেহতীয়া চিকাৰ হৈছে টিভি ।  টিভিৰ নিউজ চেনেলক প্ৰত্যাহ্বান জনালে সৰু সৰু নিউজ পোৰ্টেলে একমাত্ৰ মোবাইলক আহিলা হিচাপে লৈ । চিনেমা হ’লক প্ৰত্যাহ্বান জনালে নেটফ্লিক্সে , ইউ টিউবত গান-  চিনেমা ৰিলিজ দিব পৰা হ’ল । ইমানখিনি  পৰিৱৰ্তনৰ পিছতো ভ্ৰাম্যমান থিয়েটাৰ জীয়াই থকাটো আচৰিত । আচৰিত ঘটনাৰ আঁৰৰ  একমাত্ৰ ব্যক্তিজন হৈছে অভিজিৎ ভট্টাচাৰ্য্য। কিন্তু অভিজিৎ ভট্টাচাৰ্য্যৰও সীমা আছে ।  মানুহৰ ৰুচিৰ পৰিৱৰ্তনত নাটকৰ দোষ গুণ অৰ্থহীন । ৰমেশ চিপ্পীৰ শ্বোলে , শ্বাহৰুখ খান অভিনীত দিলবালে দুলহনীয়া বহু মাহ এটা এটা চিনেমা হ’লত চলিছিল । শ্বোলে ছবিখন বছৰ বছৰ ধৰি চলিছিল মুম্বাইৰ এটা হ’লত । কিন্তু আজিৰ তাৰিখত শ্বোলেত কৈ ১০ গুণ ভাল চিনেমা দহদিন জানো চলিব ? নচলে , এইটো বাস্তৱ সত্য । বাস্তৱক দোষ গুণেৰে বিচাৰ কৰিব পাৰি কিন্তু ফলাফল শুন্য । ভ্ৰাম্যমানত দৰ্শক কমি আহিছে , আৰু কমি থাকিব । এইটো বাস্তৱ । বাস্তৱক সমালোচনা কৰিব পাৰি কিন্তু  বাধা দিব নোৱাৰি ।