এইবাৰ কাশীত হিন্দুত্বৰ জয় হ’ব?

930
  • জুলা শৰ্মা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


কাশী বিশ্বনাথ মন্দিৰ ভাৰতবৰ্ষৰ বাৰ জ্যোতিৰলিঙ্গৰ ভিতৰত এটা। অনাদি কালৰে পৰা এই জ্যোতিৰলিঙ্গ প্ৰাচীন চহৰ কাশীত থকাৰ কথা মহাভাৰতকে ধৰি বিভিন্ন শাস্ত্ৰত উল্লেখ আছে। কাশী ভাৰতৰ পবিত্ৰ তীৰ্থ স্থান সমূহৰ ভিতৰত এখন । এই পবিত্ৰ কাশী চহৰ খন আৰু বিশ্বনাথ মন্দিৰে বহুতো কৰুণ ইতিহাসৰ সাক্ষী হৈ আছে ।
১১৯৪ চনত কুটুবোদ্দিন আইবাকে এই বিশ্বনাথ মন্দিৰ সম্পূৰ্ণ ৰূপে বিধস্ত কৰি দিছিল। ইলতুতমিছৰ শাসণ কালত (১২১১-১২৬৬) এই মন্দিৰ পুনৰ নিৰ্মাণ কৰা হয় যদিও ছিকন্দৰ লোধিৰ (১৪৮৯-১৫১৭) শাসণ কালত আকৌ ধ্বংস কৰি দিয়ে। ইয়াৰ পাছত ৰাজা মান সিঙ আৰু আকবৰৰ ৰাজসভাৰ ৰজা টোডৰ মলে এই মন্দিৰ পুণৰ নিৰ্মাণ কৰে।
কিন্তু ১৬৬৯ চনত ঔৰংজেৱে ফৰমান জাৰি কৰি কাশী বিশ্বনাথ মন্দিৰ সম্পূৰ্ণ ৰূপে ধ্বংস কৰি দিয়ে। এই ফৰমান আজিও কলকতাৰ এছিয়েতিক লাইব্ৰেৰীত সুৰক্ষিত আছে। ঔৰংজেবৰ আদেশ অনুসৰি মন্দিৰ ভাঙি মন্দিৰৰ জ্ঞানৱাপী মন্দপত জ্ঞানৱাপী মছজিদ  নিৰ্মাণ কৰে। ইয়াৰ পাছত ঔৰংজেবে কাশী আৰু তাৰ আসে পাসে থকা ব্ৰাহ্মণ সকলক দিনে এহেজাৰ জনক মুছলমান ধৰ্মলৈ পৰিবৰ্তন কৰিবলৈ আদেশ দিলে। সেয়ে উত্তৰ প্ৰদেশৰ  ৯০ শতাংশ মুছলমান লোকৰ পূৰ্বজ ব্ৰাহ্মণ।
১৭৪২ চনত মাৰাঠী শাসক মল্হাৰৰাও হোলকাৰে মজ্জিদ ভাঙিবৰ বাবে চেষ্টা কৰে যদিও অৱধ অঞ্চল নবাবৰ অধিনত থকাত সফল হ’বলৈ নিদিলে।
১৭৫০ চনত জয়পুৰৰ মহাৰজাই কাশী বিশ্বনাথ মন্দিৰৰ মাটি জৰীপ কৰাই নতুনকৈ সাজিবলৈ বিচাৰিছিল কিন্তু তেওঁ সফল নহল।
১৭৫২ চনৰ পৰা ১৭৮০ চনৰ মাজৰ সময় ছোৱাত মাৰাঠী নেতা দত্তাজী সিন্ধিয়া আৰু মল্হাৰৰাও হোলকাৰে মন্দিৰ উদ্ধাৰৰ বাবে বহুত চেষ্টা কৰিলে। ৭ আগষ্ট ১৭৭০ চনত মহাদজী সিন্ধিয়াই দিল্লীৰ বাদছাহ ছাহ আলমৰ পৰা মন্দিৰ ভঙাৰ বাবে ক্ষতিপূৰণ বিচৰাত বাদছাহে নতুনকৈ নিৰ্মাণ কৰিবলৈ আদেশ দিলে যদিও সেই সময়ত কাশী চহৰ ইস্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ যোৱাত   নিৰ্মাণ কাৰ্য বন্ধ হৈ গল।
১৭৮০ চনত মাল্হাৰৰাও সিন্ধিয়াৰ বোৱাৰী ইন্দোৰৰ মহাৰাণী অহল্যাবায়ে বৰ্তমানৰ বিশ্বনাথ  মন্দিৰটো মছজিদটোৰ ওচৰতে অস্থায়ী ভাবে সজাই দিলে । সেই মন্দিৰত পঞ্জাৱৰ মহাৰজা ৰঞ্জিত সিঙে ৮৮০ কিলো ওজনৰ  সোণৰ ছাটি লগাই দিলে। গোৱালিয়ৰৰ মহাৰাণী বৈজাবায়ে মণ্ডপ সজালে আৰু নেপালৰ মহাৰজাই বিশাল নন্দী সজাই  দিলে।
১৮০৯ চনত কাশীৰ হিন্দু সকলে জ্ঞানৱাপী মছজিদটো নিজৰ হাতলৈ আনিবলৈ চেষ্টা কৰিলে কিয়নো সেই মছজিদ  আগতে জ্ঞানৱাপী মন্দিৰৰ মণ্ডপৰ ভিতৰত আছিল। ৩০ ডিচেম্বৰ ১৮১০ চনত বানাৰাসৰ সেইসময়ৰ জিলা দণ্ডাধীশ মিষ্টাৰ ৱাটচনে জ্ঞানৱাপীৰ সমগ্ৰ ঠাই খিনি মন্দিৰক ঘূৰাই দিবলৈ চেষ্টা কৰে যদিও হৈ নুঠে। মহাৰাণী অহল্যাবায়ে অস্থায়ী ভাবে  সজাই দিয়া মন্দিৰটোতেই আজিও হিন্দু সকলে পূজা অৰ্চনা কৰি আছে।
মন্দিৰ মছজিদ বিবাদ —
বৰ্তমান কাশী বিশ্বনাথ মন্দিৰ আৰু জ্ঞানৱাপী মছজিদৰ বিবাদ ১৯৯১ চনৰ পৰা ন্যায়ালয়ৰ মজিয়াত আছে। ইয়াৰ আগতেও ১৯৩৬ চনত দীন মহম্মদে বিশ্বনাথ মন্দিৰৰ গোটেই ঠাই খিনি মছজিদক দি দিবৰ বাবে ন্যায়ালয়ৰ ওচৰত আবেদন কৰিলে। বৃটিছ ন্যায়াধীশে১৫৮৫ চনত মন্দিৰ পুণৰ নিৰ্মাণ কৰাৰ সময়ৰ নক্সা এখন উলিয়াই দীন মহম্মদৰ আবেদন নাকচ কৰিলে মাত্ৰ মুছলমান সকলক সেই ঠাইত নামাজ পঢ়িবৰ বাবে অনুমতি দিলে।
হিন্দু সকলে বিশ্বাস কৰে জ্ঞানৱাপী মছজিদৰ ঠাই ডোখৰত বিশ্বনাথ মন্দিৰৰ জ্যোতিৰলিঙ্গ আজিও বিৰাজমান আছে সেয়ে ১৯৯১ চনত ন্যায়ালয়ৰ ওচৰত আবেদন জনাই তিনিটা দাবী কৰিলে–
১) গোটেই জ্ঞানৱাপীৰ ঠাই খিনি মন্দিৰৰ নামত ঘূৰাই দিব লাগে।
২) সেই ঠাইত থকা সকলক জ্ঞানৱাপীৰ পৰা উলিয়াই মন্দিৰ ভাঙি সজা মছজিদটো গুচাই হিন্দু সকলক ঘূৰাই দিব লাগে।
৩) হিন্দু সকলক আগৰ শিৱলিঙ্গ থকা ঠাইতে মন্দিৰ সাজিবলৈ অনুমতি দিব লাগে।
আনহাতে ১৯৯১ চনত ধৰ্মীয় উপাসনাৰ স্থান সমূহৰ যি আইন বলবৎ হয় সেই অনুসৰি ১৯৪৭ চনৰ ১৫ আগষ্টত যাৰ যি অধিনত থাকিব সেই মতে হব সেয়ে  বানাৰস জিলা ন্যায়ালয়ে সেই কথা বিচাৰ কৰিব লাগিব বুলি কলে। উচ্চ ন্যায়ালয়ে অৱশ্যে জিলা আদালতৰ নিৰ্দেশ স্থগিত  কৰিলে ।
আকৌ ২০ বছৰৰ পাছত  ২০১৮ চনত   শুনানিৰ দিন পৰিল যদিও পুণৰ স্থগিত হল।
২০২০ চনৰ পৰা আকৌ শুনানি আৰম্ভ হৈছে । মোকৰ্দমাত তিনিটা পক্ষ হৈছে  — প্ৰথম পক্ষ জ্যোতিৰলিঙ্গ বিশ্বেশ্বৰ অৰ্থাৎ ভগৱান শিৱৰ, ন্যায়ালয়ে বিজয় চন্দ্ৰ ৰাস্তগীক ভগৱান শিৱৰ উকীল নিয়োগ কৰিলে।
দ্বিতীয় পক্ষ Sunni Central Waqf Board আৰু তৃতীয় পক্ষ অঞ্জুমান ইন্টেজামিয়া মছজিদ কমিটি।
 সেহতীয়া শুনিনি অনুসৰি  মন্দিৰ পক্ষৰ উকীলে দাখিল কৰিছিল যে বিবাদিত এলেকাত থকা ভগৱান বিশ্বনাথ মন্দিৰ প্ৰাচীন কালৰ পৰাই অস্তিত্বত আছে আৰু স্বয়ম্ভু ভগৱান বিশ্বেশ্বৰ সেই বিতৰ্কিত ঠাইত বাস কৰে। “সেয়েহে, বিবাদত থকা ওপৰোক্ত ভূমি নিজেই ভগৱান বিশ্বেশ্বৰৰ বাবে অবিচ্ছেদ্য।”
তেওঁ যুক্তি দিছিল যে মন্দিৰৰ তলৰ মহলাত – ১৫ শতিকাৰ আগতে নিৰ্মাণ কৰা এটা গাঁথনি – এতিয়াও তেওঁৰ (ভগৱান বিশ্বনাথৰ) দখলত আছে। উপাসনাস্থলীৰ ধৰ্মীয় কাম কাজ ১৯৪৭ চনৰ ১৫ আগষ্টৰ একেদৰে চলি আছিল, সেয়েহে
উপাসনা ৰ স্থান আইন, ১৯৯১, প্ৰয়োগ কৰিব নোৱাৰি ।
মন্দিৰ পক্ষৰ যুক্তিৰ পাচত এলাহাবাদ উচ্চ ন্যায়ালয়ে  ২৯ মাৰ্চ (২০২২) ৰ পৰা ৰায়দান নোহোৱা পৰ্যন্ত দৈনিক শুনানি হব বুলি আদেশ জাৰি কৰে ।