জুবিনে পালে সৰ্বাধিক ভোট

634

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


ৰাজনীতি অসমৰ মাৰ্চ মাহৰ অ’পিনিয়ন প’লত আমি প্ৰশ্ন কৰিছিলো _ অসমৰ সকলোতকৈ জনপ্ৰিয় ব্যক্তি কোন?
আমাৰ বিকল্প কেইটা আছিল
ড° হিমন্ত বিশ্ব শৰ্মা
জুবিন গাৰ্গ
সৰ্বানন্দ সোণোৱাল
অংগৰাগ মহন্ত
তালিকাত নথকা আন কোনোবা
১ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ চলা আমাৰ অপিনিয়ল প’ললৈ ৰাইজে যঠেষ্ট   সহাৰি জনাইছিল। আমাৰ অ’পিনিয়ন প’লত সৰ্বাধিক ভোট লাভ কৰে হাৰ্টথ্ৰব জুবিন গাৰ্গে। তেওঁ লাভ কৰা ভোটৰ পৰিমান আছিল ৩৮.৫%। দ্বিতীয় স্থানত থাকে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। শৰ্মাই লাভ কৰে ২৬.৯% ভোট। ১৫.৪% ভোটেৰে কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল তৃতীয় স্থানত থাকে। দিল্লীত বৰ্তমান প্ৰতিস্থিত গোৱা গায়ক অংগৰাগ মহন্তক ১১.৫% ৰাইজে অসমৰ সৰ্বাধিক জনপ্ৰিয় ব্যক্তি বুলি ভাবে। ৭.৭% ৰাইজৰ মতে তালিতাক নথকা আন কোনোবাহে অসমৰ সকলোতকৈ জনপ্ৰিয় ব্যক্তি। ইয়াৰ ভিতৰত হয়তো থাকিব অৰ্ণব গোস্বামী বা আদিল হুছেইনৰ দৰে ব্যক্তি।
আমাৰ অপিনিয়ন প’লে প্ৰমাণ কৰিলে যে জনপ্ৰিয়তাৰ ক্ষেত্রত জুবিনৰ তুলনা নাই। আনকি অতি জনপ্ৰিয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাতকৈও তেওঁ বেছি ভোট লাভ কৰিবলৈ সক্ষম হৈছে।