RIP পৰিয়ালকেন্দ্ৰীক ৰাজনীতি

858
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল প্ৰত্যাশিত আছিল। উত্তৰ প্ৰদেশত বিজেপিৰ বৃহৎ বিজয়ে প্ৰমাণ কৰিলে যে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচন কেবল মাত্র আনুষ্ঠানিকতা। বিজেপিক পৰাজিত কৰিব পৰা সামৰ্থ কোনো দলৰ নাই। পঞ্জাবত আম আদমী পাৰ্টীৰ বিজয় গণতন্ত্ৰৰ বাবে শুভ লক্ষণ। দেশৰ দুখন ৰাজ্যত চৰকাৰ গঠন কৰি আম আদমী পাৰ্টীৰ মনোবল বৃদ্ধি পাইছে। গোটেইকেইখন ৰাজ্যত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিছত দললৈ অস্তিত্বৰ সংকট আহি পৰিছে। এই নিৰ্বাচনৰ সকলোতকৈ উল্লেখযোগ্য বতৰা হ’ল পৰিয়ালকেন্দ্ৰীক ৰাজনীতিক ৰাইজে অগ্ৰাহ্য কৰিছে। পঞ্জাবত বাদল পৰিয়ালৰ আটাইকেইজন সদস্য পৰাজিত হৈছে। প্ৰাক্তন মুখ্যমন্ত্রী প্ৰকাশ সিং বাদলেও নিজৰ আসনখন ধৰি ৰাখিব নোৱাৰিলে। দলটোক পৈত্রিক সম্পত্তি বুলি ভবা সুখবীৰ সিং বাদলৰ লগতে তেওঁৰ ভনী-জোঁৱাই মাজিথিয়া পৰাস্ত হৈছে। পঞ্জাবৰ ৰাইজে নিৰ্বাচিত কৰিছে সাধাৰণ পৰিয়ালৰ পৰা উঠি অহা অৰবিন্দ কেজৰীৱাল আৰু তেওঁৰ চিপাহী ভগৱন্ত মানক। উত্তৰ প্ৰদেশতো অনুৰূপ ঘটনা সংঘটিত হৈছে। ব্যাপক কৃষক আন্দোলনৰ পিছতো মুলায়ম তনয় অখিলেশ যাদৱক ৰাইজে ক্ষমতা প্ৰদান নকৰিলে। দেশত পৰিয়াল কেন্দ্ৰীক ৰাজনীতিৰ গুৰি ধৰোতা গান্ধী পৰিয়ালেও উত্তৰ প্ৰদেশত মুখ ঠেখেছা খালে। কেইবামাহ সময় উত্তৰ প্ৰদেশত প্ৰচাৰ কৰি থকা প্ৰিয়ংকা গান্ধীয়ে প্ৰায় বোৰ সমষ্টিত দলৰ সদস্যৰ আমানৰ ধনো ৰক্ষা কৰিবলৈ সমৰ্থ নহ’ল। সভাপতিৰ পদৰ পৰা পদত্যাগ কৰিও সভাপতিয়ে ল’ব পৰা সকলো নিৰ্ণয় ল’লে ৰাহুল গান্ধীয়ে। ৰাইজে ৰাহুল গান্ধীৰ কথাটো বিশ্বাস নকৰিলে। ৰাইজে আস্তাত ল’লে বুলডোজাৰ বাবা নামে বিখ্যাত যোগী আদিত্যনাথক। উত্তৰ প্ৰদেশ আৰু পঞ্জাবৰ নিচিনা দুখন ৰাজ্যৰ ফলাফলে নিশ্চিত ভাবে পৰিয়ালকেন্দ্ৰীক ৰাজনীতিৰ ধ্বজাবাহক সকলৰ বাবে বেয়া খবৰ আনিলে। উদ্ধৱ থাকৰে, জগন ৰেদ্দী, ষ্টেলিন, প্ৰেমা খাণ্ডু, কৰ্ণাদ চাংমা আদিয়েও নিজৰ পিতৃৰ হাতত ধৰি আজি মুখ্যমন্ত্রীৰ আসনত উপবিষ্ট হৈছে। কিন্তু ৰাইজৰ আশা আকাংখা পূৰণ কৰিব নোৱাৰিলে অনাগত দিনত এওঁলোককো ৰাইজে বিদায় দিব। সকলোৰে সাবধান হ’বৰ সময় হ’ল।