২৬ বছৰত ড° হিমন্ত বিশ্ব শৰ্মাৰ ৬টা মাষ্টাৰ ষ্ট্ৰোক

792
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্রী হিচাপে এটা বছৰ অতিক্ৰম কৰিবলৈ গৈ আছে। যোৱা কেইমাহত তেখেতে নিজৰ বিচক্ষণতাৰ পৰিচয় দি গৃহ বিভাগক সংস্কাৰ কৰি ভুক্তভোগীক ন্যায় প্ৰদানৰ ব্যবস্থা কৰিছে। বিজুলী বিভাগক লাভৰ মুখ দেখোৱা, মিছন বসুন্ধৰা, পৰিবহণ বিভাগক ৰাইজৰ কাষ চাপি নিয়া আদিৰে তেখেতে ৰাইজৰ প্ৰশংসা বুতলিবলৈ সক্ষম হৈছে। অনাগত দিনত এক লাখ চাকৰি প্ৰদান,  কেইবাখনো কেনছাৰ হাস্পতাল মুকলি কৰা আদি গুৰুত্বপূৰ্ণ কাম হবলৈ গৈ আছে। আজি তেখেত অসমৰ অদ্বিতীয় নেতা। তেখেতৰ সমকক্ষ নেতা বৰ্তমান অসমত নাই। বিভিন্ন সময়ত তেখেতে লোৱা ৬টা সঠিক সিদ্ধান্তৰ সুফল আজি অসমবাসীয়ে ভোগ কৰিছ। আজি আমি আলোচনা কৰিম ড° হিমন্ত বিশ্ব শৰ্মাৰ ৬টা মাষ্টাৰষ্ট্ৰোক।
১) সদৌ অসম ছাত্র সন্থাৰ পৰা ওলাই বেছিভাগে যোগদান কৰে অসম গণ পৰিষদত। কিন্তু ড° শৰ্মাই হিতেশ্বৰ শইকীয়াৰ কাষ চাপিলে আৰু আছুৰ পৰা গৈ কংগ্ৰেছত যোগদান কৰিলে। প্ৰফুল্ল মহন্ত, ভৃগু ফুকন, চন্দ্ৰমোহণ পাটোৱাৰী আদি ৮৫ৰ নেতাৰে গিজগিজাই থকা অগপত কোনো নতুন যুৱ নেতাই গৈ স্কোপ পাব বুলি ভবা অমূলক আছিল। আনহাতে কংগ্ৰেছত প্ৰয়োজন আছিল মুলসুঁতিৰ অসমীয়া যুৱ নেতাৰ। কংগ্ৰেছত যোগদান কৰাটো আছিল ড° শৰ্মাৰ প্ৰথম মাষ্টাৰ ষ্ট্ৰোক।
২) মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াৰ অত্যন্ত অনুগত যুৱ কংগ্ৰেছ নেতা ড° শৰ্মাই বিধানসভা নিৰ্বাচন খেলাৰ মন বান্ধিলে। সমষ্টিৰ কথা মনলৈ আহিল আৰু বহু বিচাৰ কৰি বাচি ল’লে জালুকবাৰী।  তাত টিকট পোৱা সহজ আছিল। ভৃগু ফুকনৰ বিৰূদ্ধে নিৰ্বাচন খেলিবলৈ সাহস কৰা লোকৰ সংখ্যা কম। দ্বিতীয় কাৰণ হ’ল সমষ্টিটোৰ কিছু অংশহে গুৱাহাটী মহানগৰৰ অন্তৰ্গত। সেয়হে মহানগৰীখন সম্প্ৰসাৰণ কৰিবলৈ হ’লে জালুকবাৰীয়ে সকলোতকৈ বেছি অগ্ৰাধিকাৰ পাব। সেয়হে দিৰ্ঘম্যাদী পৰিকল্পনা কৰি তেখেতে ব‍ছি ল’লে জালুকবাৰী সমষ্টি। প্ৰথমটো নিৰ্বাচনত ১৯৯৬ চনত পৰাজিত হৈও সমষ্টিত অহৰহ লাগি আছিল। পিছৰখিনি এতিয়া ইতিহাস। ভোটৰ মাৰ্জিন ২০২১ত ১ লাখ অতিক্ৰম কৰিলে।
৩) ২০০১ চনত চৰকাৰ গঠন কৰাৰ পিছত ড° শৰ্মাই বুজি উঠিলে যে চৰকাৰ ভঙা পতাৰ ক্ষেত্রত মিডিয়াই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পত্নীয়ে নিৰ্মান কৰিলে অসমৰ প্ৰথমটো চেনেল যাক টাটা স্কাই, ডিছ টিভি আদিতো সম্প্ৰচাৰৰ ব্যবস্থা কৰি জনপ্ৰিয় কৰি তোলা হ’ল। পিছত বাতৰি কাকতখনো জনপ্ৰিয় হ’ল। ড° শৰ্মাই যি ইচ্ছা কৰে সেয়া ৰাইজে শুনে, সেয়াই ৰাইজে দেখে।
৪) তৰুণ গগৈৰ প্ৰথমটো কাৰ্য্যকালত এজন সফল ৰাজ্যিক মন্ত্রী হিচাপে ড° শৰ্মা মুখ্যমন্ত্রীৰ বিশ্বাসভাজন হৈ পৰিল। ২০০৬ চনত তেখেতক কেবিনেট মন্ত্রী পতা হ’ল। যেতিয়া বিভাগৰ কথা আহিল বিচাৰিলে স্বাস্হ্য। নিজৰ সকলোতকৈ প্ৰিয় অনুজৰ অনুৰোধ গগৈ ডাঙৰীয়াই কেনেকৈ নৰখ‍াকৈ থাকে? ৫ বছৰত স্বাস্হ্যৰ বাবে কেন্দ্ৰ চৰকাৰৰ প্ৰচুৰ ফাণ্ড আহিল। কেন্দ্ৰৰ টকা আৰু নিজৰ দক্ষতাৰে ড° শৰ্মাই স্বাস্হ্য বিভাগৰ চেহেৰা সলনি কৰি পেলালে। বহু দশক বিৰতিৰ মূৰত নতুনকৈ অসমত তিনিখন মেডিকেল কলেজ নিৰ্মানৰ কাম ‍আৰম্ভ হ’ল। ২০১১ চনত স্ব‍াস্থ্য বিভাগৰ কামৰ সুবাদতে তৰুণ গগৈ চৰকাৰ তৃতীয় বাৰ ক্ষমতালৈ আহে।
৫) ২০১২ চনৰ পৰা ড° শৰ্মা আৰু তৰুণ গগৈৰ মাজত সংঘাত আৰম্ভ হয়। গৌৰৱ গগৈৰ গুৰুত্ব কংগ্ৰেছ দলত বৃদ্ধি পায়। জুনিয়ৰ গগৈৰ বশ্যতা স্বীকাৰ কৰিব নোখোজা শৰ্মাৰ হাতত আছিল দুটা বিকল্প_ নিজাকৈ দল গঠন কৰা বা বিজেপিত যোগদান কৰা। দুয়োতাতে আছিল কিছু ৰিস্ক। বহু টকা পইছা খৰছ কৰি নতুন দল গঠন কৰি চৰকাৰ বনালেও অসমৰ দৰে ৰাজ্য এখনত কেন্দ্ৰীয় চৰকাৰৰ সহায় অবিহনে উন্নয়ন অসম্ভব। মোদী প্ৰধানমন্ত্রী হোৱাৰ পিছত কেন্দ্ৰত বিজেপি বহু দশক শাসন কৰাটো প্ৰায় স্পষ্ট হৈ পৰিছিল। বিজেপিত যোগদান আছিল শৰ্মাৰ ৫ নম্বৰ মাষ্টাৰ ষ্ট্ৰোক।
৬) কেব আন্দোলনৰ সময়ত বহু সময়ৰ বাবে নিৰৱতা অবলম্বন কৰিছিল তেতিয়াৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে। সোণোৱালে দোধোৰ-মোধোৰ স্থিতি লোৱাৰ বিপৰীতে শৰ্মাৰ নাছিল কোনো কনফিউজন। আৰ.এছ.এছ আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক সন্ত্তষ্ট  কৰি তেওঁ ৰাখিছিল কেবৰ সপক্ষে বক্তব্য। প্ৰত্যেকটো টিভি চেনেলত গৈ কেবৰ কথা ব্যাখ্যা কৰ‍া, কেবৰ সপক্ষে সমদল কৰা সহজ নাছিল। কিন্তু চতুৰ শৰ্মাই বিৰোধীক ধৰাষায়ী কৰি কেব ইছুটোৱে নোহোৱা কৰি পেলালে। সেই সময়ত আনকি গৃহ বিভাগৰ হৈও বক্তব্য ৰাখিছিল হিমন্ত বিশ্ব শৰ্মাই। ফলত সৰ্বানন্দ সোণোৱালৰ স্থিতি দুৰ্বল হয়। আৰ.এছ.এছ আৰু কেন্দ্ৰীয় নেতৃত্বৰ অত্যন্ত প্ৰিয়ভ‍াজন হৈ পৰে ড° শৰ্মা। সেই সময়তে প্ৰায় নিশ্চিত হৈছিল ২০২১ত বিজেপি আহিলে কোন অসমৰ পৰৱৰ্তী মুখ্যমন্ত্রী হ’ব।
এইয়া আছিল হিমন্ত বিশ্ব শৰ্মাৰ ৬টা মাষ্টাৰ ষ্ট্ৰোক যিয়ে তেখেতক সফলতাৰ উচ্চতম শিখৰলৈ লৈ গৈছে। উত্তৰ প্ৰদেশত যেতিয়া অসমৰ মুখ্যমন্ত্রীৰ লগত অসংখ্য  ৰাইজে ফটো উঠিব বিচাৰে তেতিয়া নিশ্চয় কাৰো মনত সন্দেহ নাথাকে যে শৰ্মা এতিয়া গোটেই ভাৰতবৰ্ষতে বিজেপিৰ এজন অন্যতম চেহেৰা।