৮টা নতুন ঘোঁৰা, ৩টা পুৰণি ঘোঁৰা

827

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


গোটেই দিন খেল চলিল। ফলাফল ওলাল মাজৰাতি। পবিত্র মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰী বিজয়ী হ’ল,  ৰিপুণ বৰা পৰাজিত হ’ল। পবিত্র মাৰ্ঘেৰিটাই পালে ৪৬টা ভোট, নাৰ্জাৰীয়ে ৪৪টা আৰু বৰাই ৩৫টা ভোট লাভ কৰিলে। শশীকান্ত দাসক বাদ দি বিৰোধীৰ ভোট আছিল মুঠ ৪৩টা।   ইয়াৰে কংগ্ৰেছৰ ২৬, এ.আই.ইউ.দি.এফৰ ১৫, অখিল গগৈ আৰু মনোৰঞ্জন তালুকদাৰৰ  ভোট আছে। ইয়াৰ অৰ্থ হ’ল মুঠ ৮জন বিৰোধী বিধায়কে দলক বিশ্বাসঘাতকতা কৰিছে। ছিদ্দিক আহমেদক ইতিমধ্যে ঘোঁৰা বুলি কংগ্ৰেছে নিজে সংবাদমেল পাতি জনাই দিছে।
নিৰ্বাচনৰ দিনা কি হৈছিল?
নিৰ্বাচনৰ দিনা ৰাতিপুৱাৰে পৰা বিজেপিয়ে প্ৰচাৰ আৰম্ভ কৰিছিল যে কংগ্ৰেছৰ কেইজনম‍ান বিধায়কে ভুলকৈ ভোট দিছে আৰু বেলট ফালিছে। এ.আই.ইউ.দি.এফৰ বিধায়ক সকল বিধানসভালৈ আহিছে ১১:৩০ বজাত। বিজেপিয়ে সংবাদমাধ্যমক তাৰ আগতে নিজৰ জয়ৰ খৱৰ ঘোষণা কৰি দিছে। যিহেতু হিন্দুবাদী দল বিজেপিয়ে আজমলৰ মুছলমান দলৰ সমৰ্থন ল’লে বেয়া মেচেজ যায় সেয়ে মুখ্যমন্ত্রীৰ পৃষ্ঠপোষকতাত বাৰে বাৰে বিজেপিয়ে কৈ থাকিল যে তেওঁলোকক ‌এ.আই.ইউ.দি.এফৰ ভোট নালাগে। বিজেপিয়ে ক’ব বিচাৰে যে কেইজনমান কংগ্ৰেছ বিধায়ক আৰু অখিল গগৈৰ সহযোগত তেওঁলোকৰ প্ৰাৰ্থী বিজয়ী হৈছে।
কোন এই ৭ জন গাদ্দাৰ?
প্ৰাপ্ত খৱৰ অনুসৰি এই নাটকখনৰ চিত্রনাট্য ৰচনা কৰিছিল খোদ মুখ্যমন্ত্রীয়ে। বিজেপি-এআইইউদি এফৰ গোপন বুজাবুজি অনুসৰি ৭ জন এআইইউদিএফ বিধায়কে বিজেপিক ভোট দিলে। দলৰ এজেন্ট জনকে ধৰি ৭জন বিধায়কক ৰণগৌৰা নাৰ্জাৰীৰ সপক্ষে ভোট দিবলৈ কোৱা হ’ল। যদিও এজন বা দুজন বিধায়কৰ ভোট পালেই বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থীজন বিজয়ী হ’লহেতেন তথাপিও বিজেপিয়ে কোনো চান্স ল’ব নিবিচাৰিলে। বৃহৎ ব্যবধানত জয়ী হ’ল দুয়োজন শাসক দলৰ প্ৰাৰ্থী। দিগন্ত কলিতা বা পিযুষ হাজৰিকাৰ মতে যদি কোনো কংগ্ৰেছ বিধায়কে বেলট ফালিলে হয় তেন্তে ভোট কেনচেল হ’লহেতেন। কিন্তু এটা ভোট বাদ দি  কাৰো ভোট কেনছেল হোৱা নাই। ১২৫ টা বৈধ ভোট পৰিছে। যিকোনো সাধাৰণ মস্তিষ্ক থকা ব্যক্তিয়ে বুজি পাব অতি চালাকী দেখুৱাব বিচৰা দিগন্ত কলিতাই কিয় ৰাতিপুৱাই কংগ্ৰেছৰ ভোট লাভ কৰা বুলি আস্ফালন কৰি আছিল। কিহৰ বাবে আজমলৰ দলে কংগ্ৰেছক বিশ্বাসঘাতকতা কৰিলে সেয়া জনা হোৱা নাই। কংগ্ৰেছৰ নেতা ৰিপুণ বৰাই নিৰ্বাচনী ফলাফলৰ পিছত মুল্যবোধৰ লেকছাৰ দিছে। কিন্তু পাহৰি গ’লে নহ’ব যে এই কংগ্ৰেছ  দলেই আগতে দুবাৰ ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিং কৰাইছিল। ৰিপুণ বৰা ইয়াত প্ৰত্যক্ষভাবে জড়িত নাছিল যদিও ইয়াৰ বিৰোধিতাও কৰা নাছিল। মৌন থকা মানে সমৰ্থন কৰা বুজায়। আন এজনে আকৌ ৪টা ঘোৰাক গাড়ীত তুলি আনি বাল্মীকিৰ উদাহৰণ দিয়ে। তেওঁলোকে মনত ৰখা উচিত যে বালিলৈ যিপাত শৰ, সুগ্ৰীবলৈও সেইপাত শৰ। আমি যিকোনো ৰাজ্যসভাৰ নিৰ্বাচনত ক্ৰছ ভোটিংৰ বিৰোধিতা কৰো। কিন্তু কংগ্ৰেছে ইতিমধ্যে দুবাৰ বেয়াকাম কৰি কোনখন মুখেৰে বিজেপিক সমালোচনা কৰে? ৰাইজৰ কংগ্ৰেছৰ প্ৰতি কোনো সহানুভূতি নাই।
পূৰণি ঘোঁৰা
যেতিয়াই ৰাজ্যসভাৰ নিৰ্বাচন হ’ব তেতিয়াই আমি মনত পেলাম পূৰণি ঘোঁৰাসকললৈ। অসমত প্ৰথমবাৰ ঘোঁৰাৰ বজাৰ বহা সময়ত যিসকল বিক্ৰী গৈছিল সেইসকলৰ ৰাজনীতিত বৰ্তমান কোনো অস্তিত্ব নাই। শম্ভুসিং মাল্লা, কাৰ্তিক সিনহা, অভিজিত হাজৰিকা আৰু ডা: ৰুমী নাথক সকলোৱে পাহৰিছে। দ্বিতীয়বাৰ ৰাজ্যসভাৰ নিৰ্বাচনত অংক বিলাক অলপ গোপনে কৰা হৈছিল। সেইসময়ৰ অভিযুক্ত কেইজনৰ এজন আজি সন্মানীয় মন্ত্রী আৰু দুজন সন্মানীয় বিধায়ক। পদ্ম হাজৰিকাই সেইসময়ক ভোটদান কৰাত ভুল কৰিছিল। ঠিক আজিৰ চিদ্দিক আহমেদৰ নিচিনা। তেনেদৰে বিজেপিৰ পলিং এজেন্ট প্ৰশান্ত ফুকন আৰু তেওঁৰ সহকাৰী ৰঞ্জিত দাসৰ বিৰূদ্ধেও ঘোঁৰা হোৱাৰ অভিযোগ উঠিছিল। বিজেপিয়ে অনুসন্ধান কৰি নিশ্চয় তেওঁলোক দুজনৰ বিৰূদ্ধে কিবা প্ৰমাণ পাইছিল যাৰ বাবে তেওঁলোকক বিধায়িনী দলৰ দলপতি আৰু উপ দলপতি পদৰ পৰা অব্যাহতি দিয়া হৈছিল।
এতিয়া বিধানসভাত মুঠ ১১টা ঘোঁৰা আছে। তাৰে আঠটা নতুন আৰু তিনিটা পুৰণি।