হাই স্পীড ইন্টাৰনেট আৰু কংগ্ৰেছ মুক্ত ভাৰত

960
  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


দেশত প্ৰায় ৭০ % শতাংশ ৰাজ্যত বিজেপি চৰকাৰ বা বিজেপি সমৰ্থিত চৰকাৰ ।ৰাজ্যসভা আৰু লোকসভাত বিজেপিৰ স্থিতি অতি শক্তিশালী ।  বিধান সভাৰ পৰা আৰম্ভ কৰি পঞ্চায়তলৈ বিজেপি দলে আজিৰ সময়ত প্ৰায় ৱাক অভাৰ পাই আছে । GST , পেট্ৰ’ল -ডিজেলৰ মুল্যবৃদ্ধি ,  আম্বানি , আদানিৰ  ব্যৱসায়ীক অগ্ৰাসন ইত্যাদি  স্বত্তেও বিজেপি দল অবিসম্বাদী হৈয়ে আছে । কিয়, কেনেকৈ  এইয়া সম্ভৱ হৈ আছে ?
 ক্ৰমাৎ দুৰ্ৱল হৈ পৰিছে ভাষীক আঞ্চলিকতাবাদী দল আৰু জাতিবাদী দলবোৰ । উত্তৰ প্ৰদেশত মায়াবতীৰ ৰাজনীতি শেষ হোৱাই প্ৰমাণ কৰে জাতিবাদ এতিয়া নিৰ্বাচনত ডাঙৰ ইচ্ছ্যু নহয় আনহাতে তামিলনাডুৰ বাহিৰে ভাষীক আঞ্চলিক দল ভাৰতৰ কোনো ৰাজ্যতে শক্তিশালী স্থিতিত নাই । গোলকীকৰণৰ যুগত কোনো এখন সমৃদ্ধিশালী ৰাজ্যই অকল নিজৰ ৰাজ্যভাষা কোৱা মানুহখিনিকলৈ সমৃদ্ধ  হোৱা নাই । ব্যৱসায়িক যুগলবন্দীৰ ফলত বিভিন্ন ভাষা ভাষীৰ মাজত আত্মীয়তাও বৃদ্ধি পাইছে ।   সেয়ে হয়টো এটা ভাষা কোৱা মানুহখিনিক ভিত্তি কৰি  নিৰ্বাচনত জয়লাভ কৰিব নোৱাৰে বুলি  আঞ্চলিক দলবোৰ প্ৰতিয়মান হৈছে । ভাৰতৰ কোনো এখন ৰাজ্যতে একো একোটা জাতি যেনে অনুসুচিত (SC) , অন্যান্য পিচপৰা (OBC) , ব্ৰাহ্মন ইত্যাদিৰ  জনসংখ্যা ১৫% – ২০ %  ৰ বেছি নহয় ।   তেনেস্থলত এটা জাতিৰ মানুহখিনিক ভিত্তি কৰি ৰাজনীতি কৰা দল এটাৰ নিৰ্বাচন কেন্দ্ৰীক সাফল্য অতি কঠিন । উদাহৰণস্বৰূপে মুলায়ম সিং যাদৱ  , মায়াৱতী ,  লালু দৰে নেতাৰ দৰ দাম কৰা ক্ষমতা লাহে লাহে শেষ বিন্দু পাইছে ।
কংগ্ৰেছ দেশৰ আটাইতকৈ পুৰণি দল । বৃটিছ শাসক অক্টোভিয়ান হিউম আৰু একাংশ বৃটিচ চোৰাংচোৱা বিষয়াৰ ছত্ৰছায়াত স্বাধীনতা সংগ্ৰামৰ চোক লঘু কৰাৰ স্বাৰ্থত জন্ম দিয়া হৈছিল কংগ্ৰেচ দলক । তৎস্বত্তেও এটা পুৰণি দলৰ ইমান বিপৰ্যয় কিয় সম্ভৱ হৈছে ? ভাৰত স্বাধীন হোৱাৰ এদিন আগত ভাৰত খণ্ডন হৈ পাকিস্তান জন্ম হৈছিল ।ইচলামৰ আধাৰত পাকিস্তান জন্ম হোৱাৰ পিছত পুনৰ নেহৰু চৰকাৰে ভাষাৰ আধাৰত ৰাজ্য পুনৰগঠন কৰিলে ।  ভাৰতীয়   ধাৰণাটোক অবদমিত কৰি হ’লেও ক্ষমতাৰ স্বাৰ্থত ইচলাম ,হিন্দু , ভাষা , জাতি ,জনজাতি বিভিন্ন ধাৰণাৰে মানুহক মানুহৰ পৰা আতঁৰায় ৰখা হ’ল । ভাৰতীয় পৰম্পৰা বৰ্জিত হ’ল । বৃটিছৰ শিক্ষানীতিকেই প্ৰয়োগ কৰা হ’ল । নিজা নিজা পৰিচয় মনত পুহি নিজৰ নিজৰ অস্তিত্বকলৈ মানুহবোৰ চিন্তাত পৰিল । অস্তিত্বৰ যুজঁখনত প্ৰতিবেশীজনকেই ভাবুকি বুলি ভাবিবলৈ আৰম্ভ কৰিলে ।
সংখ্যাগৰিষ্ঠ খিনিয়ে সংখ্যালঘুৰ আচৰণক সন্দেহ কৰিবলৈ আৰম্ভ কৰিলে আৰু সংখ্যালঘুখিনিয়ে সংখ্যগৰিষ্ঠক খিনিক ভাবুকি বুলি ভাবিব ধৰিলে । তৎস্বত্তেও প্ৰায় অৰ্ধ শতিকা কাল কংগ্ৰেছ দলেই চৰকাৰ চলাই থাকিল ।  সংখ্যালঘু ইচলাম ভোটখিনিক ভোট বেংক হ’ল আৰু সংখ্যাগুৰু ভোট বিভিন্ন পৰিচয়ৰে বিভক্ত হৈ কংগ্ৰেচ দলে চৰকাৰ কৰাৰ সুযোগ পাই থাকিল । কিন্তু ধুমুহাৰ বেগত অহা ইনটাৰনেট ( 2G , 3G, 4G) সেৱা আৰু মোদী বতাহে কংগ্ৰেচৰ ৰাজনীতি তচনচ কৰি দিলে ।  ডাটা যিমানেই সুলভ হ’ল সিমানেই নতুন ভোটাৰে বুজি পালে ভাৰত বিভাজন ,কাশ্মীৰী পণ্ডিতৰ গণহত্যা , ধাৰা ৩৭০ আদিৰ আচল ৰহস্য । বিজেপিয়ে কংগ্ৰেচক দুৰ্বল কৰিব পৰা নাই বা কৰাৰ সামৰ্থ্য নাই । কাৰণ কংগ্ৰেচৰ শিপা বহু মজবুত । কংগ্ৰেচৰ শিপা ক্ষতি কৰিছে ইচলাম আধাৰিত ৰাজনৈতিক নেতা আৰু জাত পাত মুলীয় ৰাজনৈতিক দলবোৰে । কাৰণ এইখিনিয়েই আছিল কংগ্ৰেচৰ ভেটি । অসমত এআইইউদিএফৰ দৰে প্ৰায় প্ৰতিখন ৰাজ্যতে মুচলমান ৰাজনেতা সকলে কংগ্ৰেচৰ পৰা আঁতৰি আহি নিজৰ দল আৰম্ভ কৰিছে আৰু সমান্তৰাল ভাবে মুচলমান সকলে পৃথক দল জন্ম দিয়াৰ লগে লগে জাত-পাতৰ সমৰ্থক দল বিলাকৰ গনভিত্তি হ্ৰাস পাবলৈ আৰম্ভ কৰে ।
আত্মসমালোচনা নকৰা  কংগ্ৰেছ দলৰ অতীত আৰু বৰ্তমানৰ  কৰ্মকাণ্ডক সমালোচনা কৰি বিজেপি দলে ‘ এক ভাৰত  ‘ ৰ ভিত্তিত যদি  আৰু অধিক সৱল  ৰাষ্ট্ৰীয়  ৰাজনীতি কৰে তেন্তে সেই ৰাজনীতিত কংগ্ৰেছ দলৰ গনভিত্তি অনাগত ভৱিষ্যৎত  আৰু অধিক চিন্তনীয় হ’ব । যদিহে কংগ্ৰেছে দলেওঁ সোপন্থী ৰাজনীতি কৰে বা বিজেপিত সংখ্যালঘু সম্প্ৰদায়ৰ নেতা-কৰ্মীৰ প্ৰাচুৰ্য্য বৃদ্ধি পায় তেন্তে ৰাজনীতিৰ চক্ৰ পুনৰ সলনি হব পাৰে ।