কংগ্ৰেছত বিজেপিৰ এজেন্ট

1041

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


দেশৰ আগশাৰীৰ ৱেব পৰ্টেল লল্লনটপৰ সৌৰভ দ্বিবেদীয়ে অসম নিৰ্বাচনৰ ৰিপৰ্টিঙ কৰাৰ সময়ত বহুকেইজন নেতাৰ সাক্ষাৎকাৰ গ্ৰহণ কৰে। তাৰ ভিতৰত দুটা সাক্ষাৎকাৰে ৰাষ্ট্ৰীয় মাধ্যমত আলোড়নৰ সৃষ্টি কৰে। বদৰুদ্দিন আজমলৰ সাক্ষাৎকাৰে ইউ টিউবত ৩ সপ্তাহত ৩ লাখ ভিউজ অতিক্ৰম কৰে। বদৰুদ্দিন আজমলৰ সাক্ষাৎকাৰৰ দুদিন পিছত আপলোদ কৰা হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎকাৰে অতিক্ৰম কৰে ২.৫ লাখ ভিউজ। এই দুটা সাক্ষাৎকাৰ প্ৰত্যক্ষ কৰা মানুহ অসমৰ বাহিৰৰো বুজন সংখ্যক আছে। বদৰুদ্দিন আজমলৰ এটা বক্তব্যত দ্বিবেদী হতবাক হৈ পৰে। আজমলে কৈছিল_ মই নাজানো হিমন্ত বিশ্ব শৰ্মাই কিমান প্ৰাৰ্থীক কোন কোন দলৰ পৰা নিৰ্বাচন খেলাই আছে। মোৰ দলটো এনে প্ৰাৰ্থী থাকিব পাৰে। আজমলৰ কথাৰ আত ধৰি সৌৰভ দ্বিবেদীয়ে হিমন্ত বিশ্ব শৰ্মাৰ পৰা কথাটোৰ সত্যতা জানিব খুজি কৈছিল_মই মোৰ কেৰিয়াৰত কেতিয়াও এনে কথা আগতে শুনা নাই, এজন দলৰ মুৰব্বীয়ে কৈছে মই নাজানো মোৰ দলৰ পৰা কিমানজনে হিমন্ত বিশ্ব শৰ্মাৰ হৈ নিৰ্বাচন খেলি আছে। উত্তৰত শৰ্মাই কথাটোৰ সত্যতা স্বীকাৰ কৰি এখোপ আগুৱাই গৈ কৈছিল যে _ মই যদি আজমলক তেওঁৰ দলৰ পৰা কাৰোবাক টিকট দিয়াৰ বাবে অনুৰোধ কৰো, আজমলে তাক নিশ্চয় টিকট  দিব।
কংগ্ৰেছে নিৰ্বাচনৰ পিছত যি ৰিজোৰ্টৰ ৰাজনীতি আৰম্ভ কৰিলে তাৰ কাৰণ এই সাক্ষাৎকাৰটোৰ পৰাই স্পষ্ট হয়।এটা সময়ত মাল্লিকাৰ্জুন খাৰ্গেৰ সন্মুখত ৫০ ৰ অধিক বিধায়কে শৰ্মাক মুখ্যমন্ত্রী ৰূপে লাগে বুলি মতদান কৰিছিল। অৰ্ধেন্দু দে, চিদ্দিক আহমেদৰ দৰে নেতাই মন্ত্রীত্ব ত্যাগ কৰি শৰ্মাৰ লগত ৰাজভৱনলৈ পদত্যাগ পত্র দিব গৈছিল। শৰ্মাৰ লগত ছাটোৰ দৰে লাগি আছিল আব্দুল খালেক, কমলাক্ষ দে পুৰকায়স্থ, ৰেকিবুদ্দিন আহমেদ আদি বহুটো। হিমন্ত বিশ্ব শৰ্মাৰ লগত ৯জন তেতিয়াৰ বিধায়ক বিজেপিলৈ গ’ল। কিন্তু ৰাজনৈতিক বাধ্যবাধকতাৰ বাবে কংগ্ৰেছতেই থাকি গ’ল তেওঁৰ বহুত অনুগামী। বিজেপিলৈ গ’লেও দলে আব্দুল খালেক বা ৰেকিবুদ্দিনক তেওঁলোকৰ সমষ্টিৰ পৰা জিকাই আনিব নোৱাৰে। কমলাক্ষ আৰু চিদ্দিকৰো একেই অবস্থা। কিন্তু প্ৰয়োজনত  শৰ্মাৰ এটা আহ্বানত যে এওঁলোক সকলোৱে দল সলনি কৰিব পাৰে এয়া আজমলে বুজি পায়। কেনেবাকৈ নিৰ্বাচনত জয়ী হ’লেও চৰকাৰ বনোৱা যে মসৃন নহয় সেয়া বুজি কংগ্ৰেছ নেতৃত্বই প্ৰতিষেধক লোৱাৰ চেষ্টা কৰিছিল। কিন্ত কৰোণাই  সকলো পণ্ড কৰি দিলে। ইতিমধ্যে ফলাফল প্ৰকাশৰ আগতে কংগ্ৰেছত বিদ্ৰোহৰ উকমুকনি দেখা গৈছে। অংকিতা দত্তই নিজৰ শীৰ্ষ নেতৃত্বকে দোষাৰোপ কৰি ফেচবুকত পোষ্ট দিছে। উজনি অসমত যি দুই চাৰিখন আসন কংগ্ৰেছে জয়ী হোৱাৰ সম্ভাবনা আছে তাৰ ভিতৰত আমগুৰি অন্যতম। ৰাজ্যত কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ যদি অলপো সম্ভাবনা থাকিলহেতেন তেন্তে অংকিতাই এনে মন্তব্য নকৰিলেহেতেন। আমি পোৱা খৱৰ অনুসৰি নিৰ্বাচনৰ আগত অংকিতা দত্তৰ বিজেপি যোগদানৰ কথা আছিল। আনকি প্ৰদীপ হাজৰিকাক টীয়কৰ পৰা টিকট দি অংকিতাক আমগুৰিৰ পৰা প্ৰক্ষেপৰ সম্ভাবনীয়াৰ কথা আলোচনা হৈছিল। কিন্তু মুৰকত সেয়া হৈ নুঠিল। মিত্রতাৰ ধৰ্মৰ খাতিৰতে সৰ্বা-হিমন্ত আমগুৰিলৈ প্ৰচাৰ কৰিবলৈ গ’ল। শীৰ্ষ  নেতৃত্বক কৰা এনে সমালোচনাৰ পিছত অংকিতা আৰু কিমানদিন কংগ্ৰেছত থাকিব তাক লৈ সন্দেহ আছে। জয়ী হৈ আহিলেও বিধায়ক পদ ত্যাগ কৰি বিজেপিৰ টিকটত নিৰ্বাচন খেলাৰ সম্ভাবনা নুই কৰিব নোৱাৰি। অনুৰূপ ঘটনা সংঘটিত হ’ব পাৰে  সুশান্ত বুঢ়াগোহাঁইৰ সৈতে। আমাৰ সমীক্ষা মতে বিজেপি মিত্রজোঁটে অসমত ৮০খনৰো ‍অধিক আসন দখল কৰি চৰকাৰ গঠন কৰিব। কিন্ত যদি আমাৰ সমীক্ষা ভুল প্ৰমাণিত হয় আৰু মিত্রজোঁটে ৬৪তকৈ কম আসন পায় তেতিয়াও এইসকল নেতাৰ সহায়ত বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰিব। ইউ.পি.পি.এলতকৈ বিপিএফে বেছি আসন পালে কাউন্সিল বনোৱাৰ স্বাৰ্থত পুনৰ হাগ্ৰামা বিজেপিৰ কাষ চাপিব পাৰে। সকলো বুজি এতিয়া তীব্ৰ চাপত আছে কংগ্ৰেছ নেতৃত্ব। কিন্তু লক্ষণীয় হ’ব যদিহে বিজেপি মিত্রজোঁটে ৮০ৰ অধিক আসন পায়। তেতিয়া কংগ্ৰেছ দলত থকা বিজেপিৰ এজেন্ট  সকলৰ কি হ’ব? তেওঁলোকে এজেণ্ট হৈয়ে থাকিব নে নিজৰ গুৰুৰ লগত দেখা দেখিকৈ লগ লাগিব। যদি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্রী হয় তেন্তে কংগ্ৰেছত যে পুনৰ খহনীয়া হ’ব সেয়া খাটাং । বিজেপিৰ এটা কৌশলে হ’ল বিৰোধীৰ নেতা আনি তেওঁলোকক দুৰ্বল কৰা। নিৰ্বাচনৰ ফলাফল দিয়াৰ ৬ মাহৰ ভিতৰত বহু এজেন্টে নিজৰ চাকৰি এৰি পুনৰ নিৰ্বাচন খেলাৰ সম্ভাবনা প্ৰবল।