বিধানসভাত মুখ্যমন্ত্রী বনাম অখিল গগৈ

340
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বাক প্ৰতিভা শত্ৰুয়েও স্বীকাৰ কৰে। বিধানসভাত তেওঁ বিৰোধীৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ খুব মনোগ্ৰাহীকৈ সৰ্বসাধাৰণে বুজি পোৱা ধৰণে দিয়ে। প্ৰতিটো বিষয়ৰ ওপৰত তেওঁৰ জ্ঞানৰ গভীৰতা চকুত লগা বিধৰ। সেয়েহে যোৱা ২০টা বছৰ তেওঁ বিধানসভাত আছিল অদ্বিতীয়। তেওঁ বিধানসভালৈ নিৰ্বাচিত হোৱাৰ সময়ৰে পৰা শাসকীয় পক্ষতে আছে। অসমত প্ৰতিবাৰ বুজন সংখ্যক বিৰোধী বিধায়ক আছিল যদিও কোনেও ড°হিমন্ত বিশ্ব শৰ্মাৰ লগত ফেৰ মাৰিবলৈ সাহস নকৰে। ২০২১ত ৰাইজৰ দলৰ অখিল গগৈ বিধানসভালৈ নিৰ্বাচিত হয়। তেতিয়াৰ পৰাই গগৈয়ে শৰ্মা তথা তেওঁৰ মন্ত্রীসভাৰ সদস্য সকলক ব্যতিব্যস্ত কৰি ৰাখিছে। তেওঁ ৰাইজৰ দলৰ একমাত্র বিধায়ক বাবে কথা ক’বলৈ বেছি সময় নেপায়।কিন্তু মন্ত্রীসকলে উত্তৰ দি থকাৰ সময়তে বিভিন্ন প্ৰশ্ন কৰি তেওঁলোকৰ ৰক্ত চাপ বৃদ্ধি কৰি থকা পৰিলক্ষিত হৈছে। কৃষিমন্ত্রী অতুল বৰা আৰু বনমন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী ইতিমধ্যে অখিল গগৈৰ ওপৰত খৰ্গহস্ত হৈছে। গণতন্ত্রত বিৰোধী দলৰ ভুমিকা অতি গুৰুত্বপূৰ্ণ। শাসক দলক গুণগত প্ৰশ্ন কৰি আইনা দেখুৱাই দিয়া তেওঁলোকৰ কাম। বিৰোধী দলপতিজন প্ৰায়ে মৌন হৈ থাকে। ৰকিবুল হুছেইন আৰু ভৰত নৰহে প্ৰশ্ন কৰে যদিও তেওঁলোকৰ নিজৰে ইতিহাস সিমান ভাল নহয়। তেওঁলোকৰ প্ৰশ্নবোৰ শাসকীয় পক্ষই হেলাৰঙে উত্তৰ দিয়ে। অখিল গগৈৰ প্ৰশ্নবোৰ অলপ সুকীয়া। সেইবোৰে মন্ত্রীক কাইটৰ দৰে বিন্ধে। দুদিন আগতে বিধানসভাত ওপিছ-এনপিএছক লৈ বিতৰ্ক হৈছিল। অখিল গগৈৰ প্ৰশ্নত মুখ্যমন্ত্রী বিব্ৰত হৈ পৰে। সাধাৰণতে বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দি আনন্দ লাভ কৰা মানুহজনৰ মুখৰ পৰা ওলাই পৰিল কিছু নক’বলগীয়া কথা। এফালে এনপিএছৰ সুবিধাৰ কথা কৈ ওকালতি কৰা শৰ্মাই কৈ পেলালে যে ওপিএছ দিলে ৫ বছৰত চৰকাৰখন দেউলীয়া হৈ যাব। কিছু মাহ আগতে মুখ্যমন্ত্রীয়ে গগৈক পিং পং ব’লৰ লগত তুলনা কৰিছিল। মুঠৰ ওপৰত মুখ্যমন্ত্রী তথা তেওঁৰ মন্ত্রীসভাৰ সদস্য সকলৰ মুৰৰ কামোৰণি হৈ পৰিছে কৃষক নেতাজন। জয়ন্ত মল্ল, পিযুষ সকলোৰে খং বাঢ়িছে। ৰাইজৰ বাবে কিন্তু এইটো সুখৰ খৱৰ। বিৰোধীয়ে শাসকীয় দলক কঠিন প্ৰশ্ন কৰিব পাৰিব লাগিব। তেতিয়াহে আচল কথাবিলাক ওলাই পৰিব।