কংগ্ৰেছ মুক্ত হব নেকি উত্তৰ পূৰ্বাঞ্চল?

2856

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত আগন্তুক  বিধানসভা নিৰ্বাচনৰ বাবে ব্যাপক আলোচনা, সমীক্ষা আদি প্ৰচাৰ হৈছে। কিন্তু এইবিলাকত এখন ৰাজ্য প্ৰায় বাদ পৰাৰ দৰেই হৈছে আৰু সেইখন হ’ল মিজোৰাম। মিজোৰামত লোকসভাৰ মাত্র এখন আসন । প্ৰতিদ্বন্দ্বিতাত নাই বিশ্বৰ সৰ্ববৃহৎ দল বিজেপিও। সেইবাবে হয়তো সংবাদ মাধ্যমৰো কোনো আকৰ্ষন নাই। পিছে মিজোৰামৰ গুৰুত্ব গোটেই নোহোৱাও নহয়। গোটেই ভাৰতত  কংগ্ৰেছৰ তিনিজন মুখ্যমন্ত্রী আৰু তাৰে এজন হ’ল আমাৰ মিজোৰামৰ জন। সেই ফালৰ পৰা চাব গ’লে উত্তৰ পূৰ্বাঞ্চলৰ এই সৰু ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ পৰাজিত হ’লে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে হৈ চৈ কৰাটো খাটাং । বা কিবা কাৰণত কংগ্ৰেছ জয়ী হ’লে দলে যে ৰাহুল গান্ধীক ইয়াৰ কৃতিত্ব দিব সেয়াও কিন্তু নিশ্চিত। খ্ৰীষ্টান ধৰ্মৰ লোকৰ সংখ্যাগৰিষ্ঠতা থকা মিজোৰাম ৰাজ্যত বিজেপিৰ ভূমিকা তেনেই সিমিত। নেডাৰ অৰ্ন্তভূক্ত তথা প্ৰধান বিৰোধী দল ‘মিজো নেচনেল ফ্ৰন্টে’ বিধানসভা নিৰ্বাচনত বিজেপিৰ লগত মিত্রতা কৰাত আগ্ৰহী নহয়। বিজেপিৰ লগত মিত্রতা হ’লে গীৰ্জাৰ যাজকৰ ৰোষত পৰি ভোট হেৰুৱাব বুলি ভয় খাইছে মিজো নেচনেল ফ্ৰন্ট চমুকৈ এম.এন.এফে। এই একেটা কাৰণতে বিজেপিৰ লগত মেঘালয়ত মিত্রতা কৰা নাছিল এন.পি.পি এ। বিজেপিৰ গো হত্যা বিৰোধী নীতি আৰু হিন্দুত্ববাদত আদৰ্শই তাৰ ৰাইজক কিছু পৰিমাণে বিজেপিৰ প্ৰতি সন্দিহান কৰি তুলিছে।
১৯৭২ চনত অসমৰ পৰা ফালি নি মিজোৰামক কেন্দ্ৰীয় শাষিত ৰাজ্যৰ মৰ্যাদা দিয়ে। ২০ ফেব্ৰুৱাৰী ১৯৮৭ চনত ভাৰতৰ  ২৩ নম্বৰ পূৰ্ণ ৰাজ্যৰ স্বীকৃতি পায় মিজোৰামে। মিজোৰাম যেতিয়া কেন্দ্ৰীয় শাষিত ৰাজ্য আছিল তেতিয়া তাত কিছুমান আঞ্চলিক দলে চৰকাৰ গঠন কৰিছিল। কংগ্ৰেছে প্ৰথম ক্ষমতাৰ সোৱাদ পায় ১৯৮৪ চনত। মুখ্যমন্ত্রী হয় লাল থানহাৱলা। ১৯৮৯ চনত তেখেত দ্বিতীয় বাৰৰ বাবে আৰু ২০০৮ চনত তৃতীয় বাৰৰ বাবে মিজোৰামৰ মূখ্যমন্ত্রী হয়। মিজো নেচনেল ফ্ৰন্টৰ পৰা ১৯৮৬ চনত লালডেংগা আৰু ১৯৯৮ চনত যোৰামথাংগায়ো মুখ্যমন্ত্রীৰ আসনত উপবিষ্ট হৈছিল।
বৰ্তমান কংগ্ৰেছৰ অবস্হা ৰাজ্যখনত খুব সন্তোষজনক নহয়। কিছুমান মন্ত্রীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। কিছুদিন আগতে আইজলৰ ৰাজপথ কপাই কৃষকে আন্দোলন কৰে। মুখ্যমন্ত্রীৰ বিৰুদ্ধে স্বজন তোষণৰ অভিযোগ উঠিছে। মুখ্যমন্ত্রী লাল থানহাৱলাই নিজৰ ভাতৃ লাল থানজাৰাক নিজৰ উত্তৰাধিকাৰী পাতিব বুলি গম পাই নিজৰ দলৰ ভিতৰতে অসন্তোষ বৃদ্ধি পাইছে। ৰাইজৰ মাজত আন কিছুমান সমস্যা যেনে ৰাস্তা ঘাটৰ দুৰবস্হা,  নিচাজনিত কাৰণত মানুহৰ মৃত্যু আদিয়ে কংগ্ৰেছক অসুবিধাত পেলাব পাৰে। দুজন কংগ্ৰেছ নেতাই কেইদিনমান আগতে দল ত্যাগ কৰি এম.এন.এফত যোগদান কৰিছে। প্ৰাক্তন মন্ত্রী ডাঃ বি.ডি চাকমাইও কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগ দিছে।
অমিত শ্বাহে বিজেপিৰ হৈ ইতিমধ্যে প্ৰচাৰ আৰম্ভ কৰিছে। কংগ্ৰেছৰ বিৰুদ্ধে পৰিয়ালকেন্দ্ৰীক ৰাজনীতি আৰু দুৰ্নীতিৰ অভিযোগ আনি নিজৰ দলৰ ৭০০০ কৰ্মীৰ সন্মুখত উদাত্ত  ভাষন দিয়ে শ্বাহে। বৰ্তমান পৰিস্হিতিত এনে লাগিছে যেন কংগ্ৰেছক উৎখাত কৰি মিজো নেচনেল ফ্ৰন্টে ৪০ জনীয়া বিধানসভাত নিজৰ চৰকাৰ গঠন কৰিব। কেইজনমান বিধায়কেৰে বিজেপিও তেওঁলোকৰ চৰকাৰত চামিল হব পাৰে। ২০১৮ত উত্তৰ পূৰ্বাঞ্চল হৈ পৰিব পাৰে কংগ্ৰেছ মুক্ত।