চত্তিছগড় ২০১৮ঃ সিং ইজ কিং

2581

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


১৫ বছৰ একেৰাহে শাষন কৰাৰ পিছত ভবা হৈছিল যে ৰমণ সিং এইবাৰ বিপদত পৰিব। বহুতে ধৰি লৈছিল যে প্ৰতিস্হান বিৰোধী ঢৌত উটি যাব এসময়ত আয়ুৰ্বেদিক ডাক্তৰ হিচাপে খ্যাতি অৰ্জন কৰা শ্ৰী ৰমণ সিং । কিন্ত্ত বৰ্তমান চত্তিছগড়ত এখন সম্পূৰ্ণ ওলোটা ছবিহে দেখা গৈছে। ১৫ বছৰ পিছতো ৰমণ সিং তাত সমানে জনপ্ৰিয় আৰু আগন্ত্তক বিধানসভা নিৰ্বাচনত বিজয়ী হৈ চতুৰ্থ বাৰলৈ মুখ্যমন্ত্রী হবলৈ গৈ আছে তেখেত।
২০০০ চনত প্ৰয়াত প্ৰধান মন্ত্রী অটল বিহাৰী বাজপেয়ীৰ প্ৰচেষ্টাত চত্তিছগড় ৰাজ্য গঠন কৰা হৈছিল। মধ্যপ্ৰদেশৰ পৰা জন্ম হোৱা এই ৰাজ্যৰ প্ৰথম মুখ্যমন্ত্রী আছিল অজিত যোগী। চত্তিছগড় বিধানসভাৰ প্ৰথম নিৰ্বাচন অনুস্হিত হয় ২০০৩ চনত। চত্তিছগড় বিধানসভাৰ যোৱা তিনিটা নিৰ্বাচনতেই বিজেপি আৰু কংগ্ৰেছ দলৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হোৱা দেখা গৈছিল।
২০১৩ চনত বিজেপি তৃতীয় বাৰৰ বাবে বিজয়ী হৈছিল যদিও দুই দলৰ মাজৰ ভোটৰ ব্যবধান আছিল মাত্র ০.৭% । চত্তিছগড়ৰ কিছুমান ঠাইত মায়াবতীৰ প্ৰভাবো নথকা নহয়। বি.এছ.পি আৰু অজিত যোগীৰ জনতা কংগ্ৰেছ লগ হৈ নিৰ্বাচনত অবতীৰ্ণ হোৱাৰ সিদ্ধান্ত  লৈছে। এই জোটঁবন্ধনে কিছুমান ঠাইত বিজেপিৰ আৰু আন কিছুমান ঠাইত কংগ্ৰেছৰ ভোট কাটিব বুলি  অনুমান কৰা হৈছে। যোগীৰ বিলাসপুৰ নামৰ অঞ্চলত কিছু জনপ্ৰিয়তা আছে। তাত তেওঁ ৪-৫ খন আসন লাভ কৰিলে একো আচৰিত হবলগীয়া নাই।
কংগ্ৰেছৰ প্ৰধান সমস্যা যে তেওঁলোকৰ তাত সৰ্ব গ্ৰহণযোগ্য নেতাৰ অভাব। কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেশ বাঘেলৰ জনপ্ৰিয়তা ৰমণ সিংৰ তুলনাত খুবেই কম। যোৱা পোন্ধৰ বছৰত চৰকাৰৰ বিফলতা বিলাক ৰাইজৰ আগত ডাঙি ধৰি ৰাইজক কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত কৰিবলৈ তাত নেতাৰ অভাব। স্হানীয় নেতা নাথাকিলে অকল দিল্লীৰ নেতাৰে নিৰ্বাচন জয়ী হোৱাটো সম্ভব নহয়। সময় থাকোতে এই বিষয়ে চিন্তা কৰাহেতেন কংগ্ৰেছে আজি ৰমণ সিংক প্ৰত্যাহ্বান জনাব পাৰিলেহেতেন। মোডীৰ নিৰ্বাচনী সভাবিলাক আৰম্ভ হোৱাৰ লগে লগে ৰমণ সিংৰ জয়ী হোৱাৰ সম্ভাবনা আৰু অধিক বৃদ্ধি পাব। কব লাগিব যে কংগ্ৰেছে এক সোনালী সুযোগ হেৰুৱালে। হয়তো মধ্যপ্ৰদেশ আৰু ৰাজস্হানৰ চিন্তা বেছিকৈ কৰাৰ ফলত চত্তিছগড়ে অলপ কম গুৰুত্ব পালে। অ’পিনিয়ন প’ল বিলাকতো ৰমণ সিংৰ জনপ্ৰিয়তাৰ উমান পোৱা যায়।
চত্তিছগড় – মুঠ: ৯০
বিজেপি কংগ্ৰেছ অন্য
WARROOM ৪৭ ৩৩ ১০
ABP-CVOTER ৪০ ৪৭
India TV-CNX ৫০ ৩০ ১০
গড় ৪৭ ৩৭
এবিপি নিউজে প্ৰথম অবস্হাত বিজেপিক কম আসন দিছিল যদিও শেহতীয়া সমীক্ষাত নিজৰ স্হিতি সলনি কৰিছে। একেৰাহে চাৰিবাৰ নিৰ্বাচনত জয়ী হোৱাতো সহজ কথা নহয়। কিন্তু এনে লাগিছে ৰমণ সিং এ এয়া কৰি দেখুৱাব। ২০১৮ চনৰ ১১ ডিচেম্বৰৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ দিনা সকলোৱে একেমুখে কব লাগিব…..সিং ইজ কিং ।