অসমৰ দুৰ্ভগীয়া ৰাজনেতা সকল

6393
  • বুবুল ঠাকুৰীয়া

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


ক্ষমতা আৰু ৰাজভোগৰ সুযোগ সকলোৱে নাপায়। ভাগ্যই ও লগ দিব লাগে! অসমত বহুত ৰাজনৈতিক নেতাৰ জন্ম হ’ল যিসকলে দল বাগৰি হওঁক বা নিজৰ দলতেই হওঁক কেৱল ব্যৰ্থতাই কঢ়িয়াই লৈ ফুৰিছে। তাৰে কিছু সংখ্যকে বৈষম্যৰ বলি হোৱাৰ ও অভিযোগ শুনা গৈছে। তেনে কেইজনমান উল্লেখযোগ্য ৰাজনেতাৰ বিষয়ে লিখিব ওলাইছোঁ আজি।
মীৰা বৰঠাকুৰ: আজিৰ পৰা কেইমাহমান আগতে অসমৰ সংবাদ মাধ্যমৰ এটি চৰ্চিত নাম আছিল মীৰা বৰঠাকুৰ। কিয়নো তেওঁক বি জে পি য়ে বহিষ্কাৰ কৰিলে। তেওঁৰ বিৰুদ্ধে অভিযোগ যে তেওঁ দলৰ বিৰুদ্ধে কাম কৰিছে। তেওঁৰ প্ৰত্যুত্তৰত যিখিনি গম পালোঁ সেয়া কিমান দূৰ সত্য গম পোৱা নাযায়। তেওঁ মুখ্যমন্ত্ৰীক সিদ্ধান্ত লব নোৱাৰা ব্যক্তি তথা ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসক মেৰদণ্ড হীন আখ্যা দিছে। মীৰা বৰঠাকুৰে নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ ৰ বিৰুদ্ধে মাত মতা আৰু ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাইৰ নাৰীজনিত কেলেংকাৰীৰ বিৰুদ্ধে মাত মতা আৰু ২০১৯ ত হবলগা লোকসভা নিৰ্বাচনৰ গুৱাহাটী সমষ্টিৰ পৰা টিকট বিচৰা কাৰ্য্যই কাল হ’ল। তেওঁ বি জে পি ৰ কেন্দ্ৰীয় নেতা চন্দ্ৰশেখৰৰ বিৰুদ্ধে আন এটা অভিযোগ আনিছিল যে তেওঁ শাৰীৰিক আত্ম সমৰ্পন নকৰিলে সেয়ে দলত এলাগী হল! উল্লেখযোগ্য যে ১৯৯৯ চনৰ বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় জনতা দলৰ পৰা কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰিছিল। যোৱা বিধানসভা নিৰ্বাচনত টিকট পালে মীৰা বৰঠাকুৰ জয়ী হোৱা প্ৰায় নিশ্চিত  আছিল। অকল বিধায়িকাই নহয় তেখেত মন্ত্রীত্বৰো প্ৰবল দাবীদাৰ হ’লহেতেন কাৰণ বিজেপি দলৰ পৰা বৰ্তমান মন্ত্রী হোৱাৰ যোগ্য বিধায়িকা নাই। এইবাৰো মীৰা বৰঠাকুৰক ভাগ্যই লগ নিদিলে!
অপূৰ্ব কুমাৰ ভট্টাচাৰ্য: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পূৰ্বৰ সভাপতি ভট্টাচাৰ্য ডাঙৰীয়াই অসম গণ পৰিষদ দলত যোগদান কৰে ২০০৪ চনৰ মে মাহত। ২০০৪ চনৰ লোকসভা নিৰ্বাচনত মঙ্গলদৈ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰে আৰু তাৰ পিছত ২০১১ ৰ বিধানসভা নিৰ্বাচনত ঢেকীয়াজুলি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পুনৰ পৰাজয় বৰণ কৰে।অৱশেষত তেওঁ অসম গণ পৰিষদ দলৰ সেই সময়ৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত আৰু দলৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে অভিযোগ আনি দল ত্যাগ কৰে ২০১৩ চনত আৰু কংগ্ৰেছ দলত যোগদান কৰি দলৰ মুখপাত্ৰৰ বাব লাভ কৰে। তেওঁ কংগ্ৰেছত যোগদান কৰাৰ কিছুমাহ পিছতে অসমত ১৫ বছৰীয়া কংগ্ৰেছ দলৰ শাসনৰ অন্ত পৰি অগপ- বিজেপি ক্ষমতালৈ আহিল। তেওঁকো ভাগ্যই লগ দিয়া নাই যেন অনুমান হয়।
প্ৰদ্যুৎ বৰা: আই আই এম আহমেদাবাদৰ স্নাতক বৰাই ২০০৪ চনত বি জে পি দলত যোগদান কৰিছিল।২০০৭-২০০৯ লৈ তেওঁ বি জে পি ৰ ৰাষ্ট্রীয় আহ্বায়ক আছিল আই টি কোষৰ। ২০১০-২০১২ লৈ অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক আৰু ২০১৩-২০১৫ লৈ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক কমিটিৰ সদস্য যিজনে ২০০৯চনত হোৱা লোকসভা নিৰ্বাচনত বি জে পি ৰ প্ৰধান মন্ত্ৰীত্বৰ প্ৰাৰ্থী এল কে আডৱানীৰ হৈ প্ৰচাৰৰ বাবে গুৰু দায়িত্ব পালন কৰিছিল। যিজনে জালুকবাৰী সমষ্টিৰ পৰা ২০১১ ৰ বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ হাতত ৰেকৰ্ড সংখ্যক ৭৭,১৬১ টা ভোটত হাৰিছিল। ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত দলৰ শীৰ্ষ নেতৃত্বৰ লগতে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ বিৰুদ্ধে অভিযোগ আনে যে দল অনুশাসন হীন ভাবে চলি আছে আৰু সেয়ে বি জে পি পদত্যাগ কৰে। সেই বছৰৰে মাৰ্চ মাহত তেওঁ “লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টী” নামেৰে এটা ৰাজনৈতিক দল গঠন কৰে যদিও সেইটোৰ অস্তিত্ব বৰ্তমান সংকটৰ গৰাহত । বিজেপি নেৰিলে হয়তো আজি আমি প্ৰদ্যুত বৰাক সোনোৱাল কেবিনেটৰ সদস্য হিচাপে দেখা পালো হেতেন। গতিকে প্ৰচুৰ মেধাৰ গৰাকী হলেও বৰা ডাঙৰীয়াকো ভাগ্যই লগ দিয়া নাই!
শংকৰ প্ৰসাদ ৰায়: লগৰজন বৰ্তমান অসম মন্ত্ৰীসভাৰ সদস্য। হয় ঠিকেই পঢ়িছে শংকৰ প্ৰসাদ ৰায় আৰু তপন গগৈয়ে একেলগে বি জে পিত যোগদান কৰিছিল ২০১৫ চনত। ৰায় আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আৰু গগৈ আছিল সম্পাদক।গতিকে তেওঁলোকৰ বাবে ৰাজনীতি সহজ হৈ পৰিছিল। কিন্তু গগৈয়ে বি জে পি ৰ পৰা টিকট পাই জিকি আহিল ,মন্ত্রী ও হ’ল আৰু ৰায় ২০১৬ চনত বি জে পি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে। কাৰণ হিচাপে দেখুৱাই তেওঁ বঙাইগাঁওৰ পৰা টিকট বিচাৰিছিল। কিন্তু এ জি পি আৰু বি জে পি ৰ নিৰ্বাচনৰ পূৰ্বে হোৱা মিত্ৰতাৰ বাবে সেই চিটটো এ জি পিক এৰি দিবলগীয়া হোৱাই ৰায়ৰ সপোন চুৰমাৰ হৈ যায়। শেষত তেওঁক কংগ্ৰেছ দলে তাৰ পৰাই টিকট দিয়ে যদিও ফণী ভূষণ চৌধুৰীৰ হাতত পৰাজয় বৰণ কৰে। গতিকে তেওঁৰ ওপৰত ও ভাগ্য সুপ্ৰসন্ন নোহোৱা যেন অনুমান হয়।
পুলকেশ বৰুৱা: এ জি পি গঠন হোৱা কালৰে পৰা এইজন নেতা দলটোৰ লগতে আছিল যদিও ২০১৫ চনত তেওঁ এ জি পি ত্যাগ কৰি বি জে পিত যোগদান কৰে। উল্লেখযোগ্য যে ১৯৮৫ আৰু ১৯৯১ ৰ বিধানসভা নিৰ্বাচনত বৰক্ষেত্ৰী সমষ্টিৰ পৰা বিধায়ক হোৱাৰ লগতে ১৯৮৬-১৯৯১ লৈ তেওঁ বিধানসভাৰ অধ্যক্ষ পদ ও অলংকৃত কৰিছিল।এ জি পি ৰ আদৰ্শৰ লগত মতবিৰোধ ঘটি দীনেশ গোস্বামী আৰু ভৃগু কুমাৰ ফুকনৰ লগ লাগি ১৯৯১ চনত তেওঁ “নতুন অসম গণ পৰিষদ” দল গঠন কৰে আৰু ১৯৯৪ ত পুনৰ দলটো এ জি পিত চামিল হয়। যদিও ২০১৫ তেওঁ বি জে পি ত যোগদান কৰে কিন্তু বৰক্ষেত্ৰী সমষ্টিৰ টিকট লাভৰ পৰা বঞ্চিত হয়। গতিকে বৰুৱা ডাঙৰীয়াকো ভাগ্যই লগ দিয়া নাই চাগে!
পৰিশেষত:
এনেকুৱা অলেখ ৰাজনৈতিক নেতা আছে যি ছয় মাহ আগত দল এটাত যোগদান কৰিও বিধায়ক বা মন্ত্ৰী হৈ আছে আৰু ওপৰোক্ত নেতা সকলে ইয়াৰ পৰা বঞ্চিত হৈ আছে গতিকে কব পাৰি সঁচাকৈয়ে তেওঁলোক দুৰ্ভগীয়া ৰাজনেতা।।
বি.দ্ৰ: ফটো ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে