বিজেপিয়ে open communalism কৰে আৰু আজমল ডাঙৰীয়াই মিহি communalism কৰে: আব্দুল খালেক

4171

অসমৰ প্ৰথম মাহেকীয়া ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত কংগ্ৰছৰ বিধায়ক আব্দুল খালেক

সাক্ষাৎকাৰ গ্ৰহণ কৰে গণেশ বৰ্মন আৰু দেবজিত দত্তই

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ৰাজনীতি অসম: অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ক সময় দিয়াৰ বাবে ধন্যবাদ।

আব্দুল খালেক : আপোনালোককো সাক্ষাৎকাৰ লোৱাৰ বাবে ধন্যবাদ।

ৰাজনীতি অসম: নাগৰিকত্ব বিধেয়ক ২০১৬, যদি সংসদত উত্থাপন হয় তেন্তে আপোনাৰ দলৰ কেন্দ্ৰীয় নেতৃত্বই কি স্থিতি ল’ব বুলি আপুনি ভাবে ?

আব্দুল খালেক : আমাৰ দলৰ স্থিতি স্পষ্ট আৰু আমি ব্যক্তিগত ভাবেও ইয়াক সমৰ্থন নকৰো । বাংলাদেশৰ হিন্দু সকল নিৰাপদ হ’ব লাগিব । বাংলাদেশ যিহেতু ভাৰতৰ মিত্ৰ দেশ আৰু বাংলাদেশৰ অৰ্থনীতি ভাৰতৰ সাহাৰ্য্যৰ ওপৰত নিৰ্ভৰশীল, সেই সুত্ৰে কেন্দ্ৰীয় চৰকাৰে বাংলাদেশক বাধ্য কৰাব পাৰিব লাগিব যাতে তাত থকা অমুছলমান সকলক সুৰক্ষা প্ৰদান কৰা হয় ।

ৰাজনীতি অসম: আাপুনি কোৱা কথাখিনি বুজিলো । কিন্তু আপোনাৰ দলৰ বৰাকৰ নেতাসকলে এই বিধেয়কখনকলৈ বিপৰীত স্থিতি গ্ৰহণ কৰিছে । কি ক’ব ?
আব্দুল খালেক : সুস্মিতা দেৱ , কমলাক্ষ পুৰকায়স্থ যিজনেই নহওঁক তেওঁলোকে সমৰ্থন কৰিছে যদিও এটা কথা ঠিক যে দুয়োজনেই কিন্তু ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰাটোক সমৰ্থন কৰা নাই ।
ৰাজনীতি অসম: প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই ২০১১ চনত বৰাকৰ নিৰ্বাচনী সভাত কৈছিল যে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিব লাগে । এইয়া ভুল উক্তি আছিল বুলি আপুনি ভাবে নে ?
আব্দুল খালেক : তৰুণ গগৈ ডাঙৰীয়াই নাগৰিকত্ব দিব লাগে বুলি কেতিয়াও কোৱা নাছিল । তেওঁ কৈছিল এই মানুহখিনিক আশ্ৰয় দিব লাগে । আশ্ৰয় আৰু নাগৰিকত্ব একে নহয় । এইক্ষেত্ৰত মুল কথাটো হৈছে দলৰ সিদ্ধান্তক প্ৰতিজন সদস্যই পালন কৰিব লাগিব । মুখ্যমন্ত্ৰীয়ে হওঁক বা আন যিকোনো পদবীৰে হওঁক , দলৰ সিদ্ধান্ত সৰ্বেসৰ্বা ।
ৰাজনীতি অসম: পাচঁখন ৰাজ্যৰ বিধান সভা নিৰ্বাচন আহি আছে । আপোনালোকৰ দলৰ ফলাফল কেনেকুৱা হ’ব বুলি ভাবে ?
আব্দুল খালেক : গুৱাহাটীত বহিয়েই গোটেই কেইখন ৰাজ্যৰ ফলাফল কি হ’ব সেইটো কোৱা সম্ভৱ নহয় । তথাপি আমাৰ হাতত পৰা খৱৰ অনুসৰী ৰাজস্থান ,মধ্যপ্ৰদেশ আৰু চত্তিশগড়ত কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰিব । তেলেংগানাত চৰকাৰ গঠন কৰিব পাৰিম বুলি আমি আশাবাদী । কিন্তু এটা কথা থিক যে বিজেপিতকৈ তেলেংগানাত কংগ্ৰেছে বেছি আসন পাব । মিজোৰামত বিজেপিয়ে নোৱাৰে । পিছত যদি কিবা বেক ড’ৰ এন্ট্ৰি মাৰে সেইটো বেলেগ কথা ।
ৰাজনীতি অসম: আপুনি আত্মবিশ্বাসী হৈ কৈছে বা সমীক্ষা সমুহতো কংগ্ৰেছৰ ভাল ফলাফল দেখুৱাইছে । কিন্তু কিবা কাৰণত যদি বিধান সভা নিৰ্বাচনত ফলাফল বেয়া হ’য় তেতিয়া ৰাহুল গান্ধীৰ জনপ্ৰিয়তাত আঘাত নহ’বনে ?
আব্দুল খালেক : এইটো এটা কাল্পনিক কথা । চত্তিশগড় আৰু মধ্যমপ্ৰদেশত আমাৰ ফলাফল ভাল হ’ব বুলি খবৰ আহিছে । সেয়ে এতিয়াই এই কথাটোৰ ওপৰত মন্তব্য দিয়াটো উচিত নহ’ব ।
ৰাজনীতি অসম: বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপতত দলবিলাকৰ জোটঁবন্ধনৰ সমীকৰণৰ কথা ওলায় আছে । দেশৰ প্ৰায় ভাগ সংবাদ মাধ্যমৰ সমীক্ষামতেও ৰাহুল গান্ধীত জনপ্ৰিয়তা নৰেন্দ্ৰ মোডীৰ তুলনাত বহু কম । এই পৰিস্থিতিত মমতা বেনাৰ্জী বা মায়াবতীক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি এটা অবিজেপি মিত্ৰজোঁটৰ কিবা চিন্তা চৰ্চা চলিছে নেকি?
আব্দুল খালেক : কংগ্ৰেছে সংবাদ মাধ্যমৰ সমীক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান নকৰে  । অপ্ৰিয় হ’লেও এটা কথা সচাঁ যে বৰ্তমানৰ সিংহভাগ সংবাদ মাধ্যম চৰকাৰৰ নিয়ন্ত্ৰণত আছে । সেয়েহে প্ৰায়ভাগ সংবাদ মাধ্যমে চৰকাৰে বিচৰা ধৰণে বাতৰি পৰিবেশন কৰে । কিন্তু এটা কথা সচাঁ যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জোঁট বন্ধনৰ যথেষ্ট গুৰুত্ব আছে আৰু আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্বই বাৰম্বৰ কৈছে যে এখন বিকল্প চৰকাৰৰ হে প্ৰয়োজন বেছি আছে , কোন নেতা হ’ব  সেইটো বিশেষ গুৰুত্বপুৰ্ণ বিষয় নহয় । নিৰ্বাচনৰ পিছত মিত্ৰজোঁটৰ দলসমুহে আলোচনাৰ জৰিয়তে সিদ্ধান্ত ল’ব যে চৰকাৰক কোনে নেতৃত্ব দিব ।
ৰাজনীতি অসম: তাৰমানে আপুনি নিশ্চিত যে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি পৰাজিত হ’ব ?
আব্দুল খালেক : ৰাইজেতো বিজেপি পৰাজিত হোৱাটো বিচাৰিছে । দেশৰ বিভিন্ন প্ৰান্তত ৰাইজ অসন্তুষ্ট । চৰকাৰ নিয়ন্ত্ৰণত থকা সংবাদ মাধ্যম বিলাকেও আসন কমিব বুলি কৈছে বিজেপিৰ ।
ৰাজনীতি অসম: অহা লোকসভা নিৰ্বাচনত অসমৰ পৰা কংগ্ৰেছে কিমানখন আসন পাব পাব বুলি আপুনি ভাবে।
আব্দুল খালেক : মইতো দহখন আসন পাম বুলিয়েই ভাবো।
ৰাজনীতি অসম: আপোনালোকলৈ শুভেচ্ছা থাকিল। আমাৰ পৰবৰ্তী প্ৰশ্নটোলৈ আহিছো। আজিৰ পৰা কিছু মাহ আগত আপুনি এটা ফৰ্মুলা ব্যক্ত কৰিছিল এখন অবিজেপি চৰকাৰ গঠন কৰাৰ য’ত অগপ -এ আই ইউডিএফ -বিপিএফে চৰকাৰ গঠন কৰিব আৰু কংগ্ৰেছে বাহিৰত থাকি চৰকাৰক সমৰ্থন কৰিব । এনেকুৱা ঘটনা অসমৰ ৰাজনৈতিক পটভুমিত সম্ভৱ নেকি ?
আব্দুল খালেক : ৰাজনীতিত অসম্ভৱ বুলি একো নাই । এখন অবিজেপি চৰকাৰ সম্ভৱ । কিন্তু তাৰ কাৰণে আগবাঢ়ি আহিব লাগিব এই দলকেইটাই । আমি এআইউডিএফ থকা কোনো চৰকাৰতে অংশীদাৰ হৈ নাথাকো । কিন্তু একমাত্ৰ বিজেপিক বাধা দিবলৈ আমি চৰকাৰৰ বাহিৰত থাকি সমৰ্থন দিবলৈ ৰাজী ।
ৰাজনীতি অসম: এইখিনিতে আমি আপোনাৰ পৰা জানিব বিচাৰিম যে বদৰুদ্দিন আজমলে কোৱাৰ দৰে কংগ্ৰেছ আৰু এআইউডিএফৰ মাজত মিত্ৰতা হৈছে নেকি ?
আব্দুল খালেক : মই ব্যক্তিগতভাবে এই মিত্ৰতাৰ বিৰোধী । আমাৰ ৰাজ্যিক পৰ্যায়তো সৰহ সংখ্যক নেতাই এআইউডিএফৰ লগত মিত্ৰতা কৰিবলৈ আগ্ৰহী নহয় । কিন্তু সকলো সিদ্ধান্ত ল’ব হাইকামাণ্ডে ।  কংগ্ৰেছ দলৰ এজন সাধাৰণ সৈনিক হিচাপে মই এআইউডিএফৰ লগত মিত্ৰতাৰ পক্ষপাতী নহয় আৰু এনে সিদ্ধান্ত দলৰ কাৰণে আত্মঘাতী সিদ্ধান্তৰ নিচিনা হ’ব বুলি মোৰ বিশ্বাস ।
ৰাজনীতি অসম: ৰাফেল বিমান আৰু চিবিআই এই দুটা বিষয়ে সংবাদ মাধ্যমৰ শিৰোনমা দখল কৰি আছে । এইখিনি সময়ত ৰাহুল গান্ধীয়ে বিৰোধীৰ ভুমিকা লোৱাত সফল হৈছে বুলি আপুনি ভাবেনে ?
আব্দুল খালেক : ৰাফেল কেলেংকাৰীৰ কথা আমি দেশৰ জনতাক অৱগত কৰিছো আৰু ইয়াৰ প্ৰচাৰো কৰিছো । মুল কথাটো হ’ল এই কেলেংকাৰীৰ নায়ক দেশৰ চকীদাৰ জেল নোযোৱালৈ আমাৰ প্ৰতিবাদ চলি থাকিব । ৰাফেল কেলংকাৰীক গাপ দিবলৈ আৰু অমিত শ্বাহৰ পু্ত্ৰৰ ফাইলত হাত দিয়াৰ কাৰণেই চিবিআইৰ ডিৰেক্টৰ বাৰ্মাক আপসাৰণ কৰিলে । চিবিআই মুৰব্বীজনক নিযুক্তি দিয়া হয় প্ৰধানমন্ত্ৰী ,বিৰোধী দলৰ নেতা আৰু দেশৰ মুখ্য ন্যায়াধিশৰ দ্বাৰা গঠিত সমিতি এখনে । তেনে স্থলত কি কাৰণত আলোক বাৰ্মাক অপসাৰণ কৰা হ’ল ? মোদী ডাঙৰীয়াই ৰাফেল চুক্তিক লৈ ভয় খাইছে আৰু সেই কাৰণে ততাতয়াকৈ আলোক বাৰ্মাক অপসাৰণ কৰিছে । বিজেপিয়ে ন্যয়িক ব্যৱস্থাৰ কথা কয় । কিন্তু উচ্চতম ন্যয়ালয়ে দিয়া সবৰিমালা ৰায়ক তেওঁলোকে অমান্য কৰিছে । এইবিলাকে কি বুজায় __তেওঁলোকৰ ন্যয়িক ব্যৱস্থাটোৰ ওপৰত আস্থা নাই ।
ৰাজনীতি অসম: ইণ্ডিয়া টুডেৰ এটা সমীক্ষাত গৌৰৱ গগৈক অসমৰ সৰ্বাধিক জনপ্ৰিয় নেতা বুলি কৈছে কংগ্ৰেছৰ
নেতাসকলৰ ভিতৰত । গৌৰৱ গগৈ দলৰ সভাপতি হ’লে আপোনালোকৰ কিবা আপত্তি থাকিব নেকি ?
আব্দুল খালেক : মই আগতেই কৈছো আমি কংগ্ৰেছ দলে এই সমীক্ষা সমুহক বিশ্বাস নকৰো । কাৰণ এই সমীক্ষা সমুহ বহু সময়ত জালিয়তি কৰা হয় । আচল কথাটো হ’ল দলৰ সভাপতি নিৰ্বাচন কৰিব দলৰ হাইকামাণ্ডে । কিন্তু নিশ্চিত ভাবে গৌৰৱ গগৈ আমাৰ দলৰ এজন উদিয়মন নেতা ।
ৰাজনীতি অসম: আপুনি যদি কেতিয়াবা দলৰ সভাপতি হ’বলৈ সুযোগ পায় তেন্তে কি কৰিব ?
আব্দুল খালেক : মোৰ মুখ্যমন্ত্ৰী হোৱাৰ হাবিয়াস নাই । সেই কাৰণে এই পদৰ প্ৰতি মোৰ আগ্ৰহ নাই ।
ৰাজনীতি অসম: এসময়ত আপুনি হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ আছিল । বৰ্তমান সময়ত সমষ্টিৰ কাম কাজত কেনেকুৱা সহাঁৰি পাইছে ?
আব্দুল খালেক : বিধায়ক হিচাপে সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত মন্ত্ৰীৰ ওচৰত যাবই লাগিব । কিন্তু তেওঁ এতিয়া বহু ব্যস্ত । দল আৰু নেডাৰ কামত থকা বাবে তেওঁক লগ পোৱাটো অতি সোভাগ্যৰ কথা হৈ পৰিছে । এনেকুৱা লাগে ভগৱানক লগ পোৱা সহজ কিন্তু তেওঁক লগ পোৱাহে টান । বিধান সভা চলি থাকিলে তেওঁক লগ পাওঁ । জনীয়াৰ ৰাইজে মোক বিধান সভালৈ পঠিয়াইছে । সেয়েহে নিজৰ আদৰ্শৰ লগত আপোচ নকৰাকৈ চয়তানৰ ওচৰত যাবলৈও মই ৰাজী ।
ৰাজনীতি অসম: কংগ্ৰেছ দল এতিয়া তিনিখন ৰাজ্যত একক ভাবে চৰকাৰত আছে । দেশৰ সকলোতকৈ পুৰণি দল এটাৰ কিয় এনে অৱস্থা হ’ল ?
আব্দুল খালেক : দেশে স্বাধীনতা লাভ কৰাৰ পিছত সৰ্বাধিক কাল কংগ্ৰেছ দল শাসনত আছে । দেশৰ জনতাই পৰিবৰ্তন বিচাৰিছে । এতিয়া কিন্তু আমাৰ উভতনি বিজয় যাত্ৰা আৰম্ভ হৈছে । সকলো দলৰে ভাল দিন আৰু বেয়া আহেই ।
ৰাজনীতি অসম: কংগ্ৰেছ আৰু বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ যদি আমি লক্ষ কৰো তেন্তে বিজেপিৰ প্ৰচাৰ অধিক ব্যপক হয় । আপুনি নাভাবেনে যে কংগ্ৰেছ এই  ক্ষেত্ৰত পিছ পৰি আছে ?
আব্দুল খালেক : ২০১৪ চনৰ কথাটো অলপ বেলেগ আছিল । তাৰ বাহিৰে মই নাভাবো যে বিজেপিৰ কিবা বিশেষ প্ৰচাৰ আছে । বিজেপিয়ে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰে । হিন্দু-মুছলমানৰ কাজিয়া নালাগিলে বিজেপিৰ কিবা ভৱিষ্যত আছে নেকি ? বিজেপিৰ হিন্দু-মুছলমান মেৰুকৰণৰ বাহিৰে আন কিবা কৌশল আছে বুলি মই নাভাবো । এটা কথা থিক যে বজাৰত টেঙা আম মাত্ৰ এবাৰহে বিক্ৰী কৰিব পাৰে ।
ৰাজনীতি অসম: ত্ৰিপল তালাকৰ কথাটোলৈ যিখিনি  মুছলিম মহিলা আছে তেখেতসকলৰ মাজত বিজেপি অলপ জনপ্ৰিয় হৈছে বুলি  অমি শুনিছো । কথাটো কিমান দূৰ সচা ?
আব্দুল খালেক : কিমান জনপ্ৰিয় হৈছে সেইটোতো ভোটৰ ফলাফলেহে কব । ত্ৰিপল তালাক লৈ মুছলিম সংগঠন সমূহৰ আপত্তি থাকিলেও তেওলোকে কিন্তু উচ্চতম ন্যায়লয়ৰ বিৰুদ্ধে ৰাজপথলৈ অহা নাই । সবৰিমালালৈটো ৰাজপথলৈ আহি গ’ল । ত্ৰিপল তালাকলৈ বহু মুছলমান সংগঠনৰ আপত্তি আছে, কিন্তু তেওলোকে উচ্চতম ন্যায়লয়ক দেখা দেখিকৈ অপমান কৰা নাই । সবৰিমালালৈটো বিজেপি ৰ সভাপতিয়ে কলে এই ৰায় আমি নামানো । গতিকে উচ্চতম ন্যায়লয়ৰ প্ৰতি সন্মান থাকিলে সকলোতে থাকিব লাগে ।  ত্ৰিপল তালাক লৈ অধ্যাদেশ আহিব আৰু সবৰিমালাকলৈ কব এইটো ৰায় পুনৰ বিবেচনা কৰিব লাগে । উচ্চতম ন্যায়লয়ৰ ৰায়ক আমি সন্মান কৰো ।  বহু ইছলামিক পণ্ডিতে কয় যিটো তাৎক্ষণিক ত্ৰিপল তালাক সেইটো বৈধ নহয় । গতিকে এইটো এটা গবেষণাৰ বিষয়, এইটো এটা সামাজিক সমস্যা, কিন্তু ত্ৰিপল তালাক দিয়াৰ পিছত তালাকক অবৈধ বুলি কৈ পতিক যদি জেললৈ পঠায় সংসাৰ কোনে চলাব ? পতিৰ  সম্পত্তি বাজেয়াপ্ত  আমি সমৰ্থন কৰো, পতিৰ  সম্পত্তি বিভাজিত কৰা আমি সমৰ্থন কৰো, কিন্তু পতিক জেলত ৰাখি পত্নীক নিসংগ কৰা নহবনে ? গতিকে ত্ৰিপল তালাকৰ উচ্চতম ন্যায়লৰ ৰায়ৰ প্ৰতি আমাৰ সন্মান আছে, কিন্তু ত্ৰিপল তালাকক লৈ কেন্দ্ৰীয় চৰকাৰে যিখন আইন আনিছে তাৰ প্ৰতি আমাৰ সমৰ্থন নাই ।
ৰাজনীতি অসম: গুলাম নবি আজাদে অভিযোগ কৰা মতে তেখেতক আজিকালি নিৰ্বাচনী সভাবোৰত আমন্ত্ৰণ জনোৱা নহয় । কংগ্ৰেছে এতিয়া নৰম হিন্দুত্ববাদী বা হিন্দুত্বক আকোৱালি লৈছে নেকি ?
আব্দুল খালেক :  মই এই বিষয়ে অৱগত নহয় । আজাদ ডাঙৰীয়াই কি কৈছে মই অৱগত নহয় ।
ৰাজনীতি অসম: অসমৰ যিখিনি ৪০ লাখ মানুহ ড্ৰাফট এনআৰচিত বাদ পৰি গৈছিলে, তাত স্হানীয় ৰাইজো আছে, কিন্তু এতিয়া যিখিনি নিৰ্বাচনী সভা হৈ আছে তাত অমিত শ্বাহ ডাঙৰীয়াই  কৈ আছে যে আমি অসমত চিনাক্ত কৰিলো ৪০ লাখ বিদেশী । এই সংক্ৰান্তত আপুনি নিশ্চয় অৱগত । কি ক’ৱ ?
আব্দুল খালেক : নিৰ্বাচনৰ কাৰণে কৰে । এহাতে কৈছে ৪০ লাখ গুছপেটীয়া আনহাতেদি তাৰে একাংশক অকল ৰখাই নহয় নতুনকে আকৌ আনিবলেও বিল আনি আছে । যদি আমি চিনাক্ত কৰিছো সেইখিনিক আমি খেদিব লাগিব । উচ্চতম ন্যায়লয়ৰ পৰ্য্যাবেক্ষনত হৈ আছে, draftত নাম নাহিলেই তেওঁ বিদেশী হৈ নাযায় বা draftত নাম আহিলেই স্বদেশী হৈ নাযায় । গতিকে দেখা দেখি অমিত শ্বাহ ডাঙৰীয়াই উচ্চতম ন্যায়লয়ৰ অবমাননা কৰিছে । এতিয়া কোনে অমিত শ্বাহক কাঠগড়াত থিয় কৰাব ? জাষ্টিচ লয়াক যিদৰে হত্যা কৰা হ’ল তাৰ বিচাৰ এতিয়াও কৰা নহ’ল । বিচাৰকৰ হত্যাৰ বিচাৰ যদি নহয় আন কাৰ হত্যাৰ বিচাৰ হ’ৱ ।
ৰাজনীতি অসম:  “বেষ্ট ওপোজিচন এম এল এ অব দা ইয়াৰ” আপোনাক দিছে । পাৰ্টীৰ আপুনি এজন দক্ষ নেতা । পাৰ্টীয়ে আপোনাৰ পিনে চাইছে আপুনিও পাৰ্টীৰ পিনে চাৱ লাগিব । গতিকে কেনেদৰে আপুনি আগুৱাই যাৱ বুলি ভাৱে ?
আব্দুল খালেক :পাৰ্টীৰ মই অনুগত সৈনিক ।  আমি যিবোৰ কমিতিত আছো বা কাৰ্য্যনিৰ্বাহকত আছো তাত আমি আমাৰ ৰণকৌশল সমূহ কৰিম । আমাৰ সংগঠনৰ নেতৃত্ব দি আছে ৰিপুন বৰাই আৰূ আমাৰ বিধায়নী দলৰ নেতৃত্ব দি আছে দেৱব্ৰত শইকীয়াই ।তেখেত সকলে সঠিক দিশ নিৰ্দশনাৰে পাৰ্টীটোক আগবঢ়াই লৈ যাৱ লাগিব ।  অসমৰ ৰাইজে বিজেপিক উৎখাত হোৱাটো বিচাৰিছে গতিকে আমাৰ কংগ্ৰছেও সৰূ সৰূ যিবোৰ আমাৰ স্বাৰ্থ আছে, আমাৰ সকলো সংঘাত সেইবোৰ আমি পৰিহাৰ কৰি সকলোৱে ২০২১ ত কংগ্ৰেছ চৰকাৰ গঠনৰ বাবে কাম কৰিব লাগে । আৰু ২০১৯ টো আমি কেন্দ্ৰৰ পৰা বিজেপিক উৎখাত কৰাৰ বাবে সকলো মিলি কাম কৰিব লাগে ।  মই ব্যক্তিগত ভাৱে বিচাৰো বিধানসভা নিৰ্বাচনত বাওঁপন্থী দলসমূহকে ধৰি যিবোৰ আমাৰ সমভাবপন্ন ৰাজনৈতিক দল আছে সেই দলসমূহৰ লগত আমি এক বহল ভিত্তিক বুজাপৰা কৰিব লাগে, ডা. জয়ন্ত ৰংপীৰ নিচিনা ব্যক্তিক আমি সেই বুজাপৰাৰ মাজত লৈ আনিব লাগে যাতে আমি এখন বিকল্প চৰকাৰ গঠন কৰিব পাৰো । আমাৰ শক্তি আছে, কিন্তু সেই শক্তিক অধিক সুসংগঠিত কৰিব লাগে । গণতান্ত্ৰিক ধৰ্ম নিৰপেক্ষ শক্তি সমূহক আমি লগত লব লাগে । আৰূ মই ব্যক্তিগত ভাৱে বিচাৰো যে অখিল গগৈ ডাঙৰীয়াই যদি দল কৰে আৰু তেখেত আমাৰ লগত আহিবলৈ সন্মত হয় এই বহল ভিত্তিক বুজাপৰাত অখিল গগৈ ডাঙৰীয়াকো অৰ্ন্তভুক্ত কৰা হ’ব।
ৰাজনীতি অসম: আপুনি আগতেও কৈ আহিছে অ-বিজেপি দল লগ লাগি চৰকাৰ কৰা । ২০১৯ আৰু ২০২১ ৰ কথা কলেই আপুনি, এই চৰকাৰত আৰু কোন কোন দল থাকিব ?
আব্দুল খালেক : এজিপি হৈছে সুবিধাবাদী দল । তেওলোকে নাগৰিকত্ব সংশোধনী বিধায়কৰ বিৰোধিতা কৰে আৰু এতিয়ালৈ চৰকাৰত আছে । গতিকে তেওঁলোক যেতিয়ালৈ চৰকাৰৰ পৰা ওলাই নাহে, তেতিয়ালৈকে তেওঁলোকৰ লগত বুজা পৰাৰ কথা নাই । এজিপিৰ ভিতৰত প্ৰফুল্ল মহন্ত প্ৰগতিশীল শক্তি । কিন্তু বাকীসকল বিজেপিৰ উচিষ্ট খোৱাত লাগি আছে । এজিপি অস্পৃস্য নহয় । কিন্তু এজিপি প্ৰথমে বিজেপিৰ সংগ ত্যাগ কৰিব লাগিব ।

ৰাজনীতি অসম: বিপিএফৰ লগত কিবা কথা বতৰা হৈছে নেকি ?

আব্দুল খালেক :  মই ব্যক্তিগত ভাৱে ভাবো আমি মিত্ৰতা কৰিব নালাগে । কাৰণ তেওঁলোকে বিটিএডি লৈ যিমান ধন আহিলে সেই ধনসমূহ সঠিকভাৱে ব্যবহাৰ নকৰিলে  আৰূ বিটিএডিত যিমান অবড়ো জনগোষ্ঠি আছে তেওঁলোকৰ প্ৰতিও সুবিচাৰ নকৰিলে । তাত বিপিএফৰ বাহিৰেও আন আন শক্তি আছে প্ৰয়োজন সাপেক্ষে সেই শক্তিসমূহৰ লগত বুজাপৰা কৰিব লাগিব ।
ৰাজনীতি অসম: কিন্তু আজমল ডাঙৰীয়াৰ লগত কোনো পধ্যে কৰাৰ পক্ষত নাই  কিয়?
আব্দুল খালেক : আজমল ডাঙৰীয়াৰ লগত কৰিলে আমি অাত্মহত্যা কৰা হব ।আজমল ডাঙৰীয়া আৰু বিজেপিৰ মাজত মই একো পাৰ্থ্যকও দেখা নাপাওঁ । আজমল ডাঙৰীয়া বিজেপিতকৈ অকনমান ভাল । তেওঁ ব্যবসায়ী মানুহ সেইকাৰণে কথা বাৰ্তা বেছি নকয় । তেওঁ যি কৰে তলে তলে কৰে । বিজেপিয়ে open communalism  কৰে আজমল ডাঙৰীয়াই মিহি communalism  কৰে ।