প্ৰশান্ত কিশোৰৰ দৃষ্টিত মোডী আৰু ৰাহুল

6996
  • পাৰ্থ সাৰথি দত্ত

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


“If I have to give only one phrase, Modi is a big risk taker. He has courage and conviction to take big risk. Rahul I see in general and I could be wrong is a status quoist. That might have to do with the fact that he is leading a hundred year old party”..স্থান : ডোগ্ৰা হ’ল,আই আই টি দিল্লী, সময় আবেলি ৩.৩০ , বিশিষ্ট সাংবাদিক বৰ্খা দত্তৰ প্ৰশ্নৰ উত্তৰ দি মোডী আৰু ৰাহুলৰ পাৰ্থক্যটো এনেদৰে ব্যাখ্যা কৰিলে ভাৰতৰ ৰাজনৈতিক জগতত চানক্য নামেৰে খ্যাতি অৰ্জন কৰা নিতীশ কুমাৰৰ ৰাজনৈতিক উত্তৰাধিকাৰী প্ৰশান্ত কিশোৰে। তেওঁ আনকি এইটোও কয় যে দুয়োজনৰ পাৰ্থক্য কি সেই বিষয়ে এখন কিতাপ লিখিব পৰা যায়। নিতীশ কুমাৰৰ জনতা দল (ইউনাইটেড)ত যোগদান কৰাৰ পিছৰ  সাক্ষাৎকাৰত বৰ্খা দত্তৰ লগতে উপস্হিত থকা জনতাৰ বহুতো প্ৰশ্নৰ উত্তৰ দিয়ে তেওঁ। নৰেন্দ্ৰ মোডী, ৰাহুল গান্ধী, নিতীশ কুমাৰ, কেপ্তেইন অমৰিন্দৰ সিং আদি শীৰ্ষ পৰ্যায়ৰ নেতাৰ লগত কাম কৰাৰ অভিজ্ঞতা থকা প্ৰশান্ত কিশোৰৰ কথা শুনিবলৈ স্বাভাবিকতে উৎসুক আছিল উপস্হিত জনতা । ২০১৪ চনত বিজেপিৰ নিৰ্বাচনৰ প্ৰচাৰ পৰিচালনা কৰা  কিশোৰে মোডীক অতি সাহসী নেতা বুলি অভিহিত কৰে। এই ক্ষেত্রত তেওঁ  মোডীৰ “চাই পে চৰ্চা” অনুষ্ঠানৰ এটা ঘটনা উল্লেখ কৰে। ভাৰতত প্ৰথমবাৰৰ বাবে হবলগীয়া এনে এটা অনুষ্ঠানৰ প্ৰথমখন সভাৰ ঠিক আগত চিন্তাগ্ৰস্ত প্ৰশান্তক সাহস দি আগবাঢ়ি গৈছিল মোডী। ২০১৪ নিৰ্বাচনৰ আগতে মোডী আৰু প্ৰশান্তৰ মাজত পৰবৰ্তী চৰকাৰৰ ৰূপৰেখাক লৈ আলোচনা হৈছিল। সিদ্ধান্ত লোৱা হৈছিল যে বিভিন্ন বিভাগত কাম কৰা প্ৰফেচনেল ব্যক্তিবিলাকক লৈ চৰকাৰৰ সমান্তৰাল ভাবে এটা অনুষ্ঠানৰ গঠন কৰি চৰকাৰৰ পাৰদৰ্শিতা বৃদ্ধি কৰা হ’ব। কিন্তু বিভিন্ন কাৰণত এইটোক লৈ বিলম্ব হোৱাত  প্ৰশান্ত কিশোৰ মোডী ফৈদৰ পৰা ওলাই আহে।
পঞ্জাব আৰু উত্তৰ প্ৰদেশৰ নিৰ্বাচনত ৰাহুল গান্ধীৰ সৈতেও কাম কৰিছিল প্ৰশান্তে। প্ৰশান্তৰ মতে কংগ্ৰেছৰ গ্ৰাফডাল ২০১৪ত ঘপংকৈ নমা নাই, বৰং ১৯৮৫ৰ পৰাই লাহে লাহে নামিব ধৰিছিল। তেওঁ ৰাহুল গান্ধীক কংগ্ৰেছক তৃণমূল পৰ্যায়ৰ পৰা শক্তিশালী কৰাৰ পৰামৰ্শ দিছিল। কংগ্ৰেছ যেতিয়া শক্তিশালী হ’ব তেতিয়া নিজে নিজে সকলো প্ৰতিদ্বন্দ্বীৰ সন্মুখিন হব পাৰিব। কিন্তু ৰাহুল গান্ধীৰ একমাত্র এজেণ্ডা মোডীক পৰাভূত কৰা। অবশ্যে পোনপতীয়া ভাবে ৰাহুলক সমালোচনা কৰাৰ পৰা বিৰত থাকে তেওঁ । ১০০ বছৰীয়া দল এটাৰ কাম কৰাৰ ধৰণ  সলনি কৰা খুব সহজ নহয়। ৰাহুল গান্ধীক আৰু অধিক সময় দিয়াৰ পোষকতা কৰে প্ৰশান্ত কিশোৰে। নিজকে বিহাৰৰ উন্নতিৰ বাবে সমৰ্পন কৰি অহা ১০ বছৰলৈ কেন্দ্ৰৰ ৰাজনীতিত প্ৰবেশ নকৰে বুলি ঘোষণা কৰে তেওঁ। প্ৰশান্তৰ বাবে ২০১৯ৰ নিৰ্বাচনৰ ৰণত বিজেপি বৰ্তমালৈ আগবাঢ়ি আছে।
সংসদীয় গণতন্ত্ৰত পৰিয়াল কেন্দ্ৰীক ৰাজনীতিৰ সমালোচনা কৰি তেওঁ কয় যে বৰ্তমান যুৱ সাংসদ সকলৰ ৩ ভাগৰ ২ ভাগেই নিজৰ স্হানটো পৰিয়ালৰ মানুহৰ বাবে লাভ কৰিছে। ভাৰতৰ ক্ৰিকেট টিমত যদি অকল গাভাস্কাৰ, কপিল দেৱ আদিৰ পুত্রই খেলিলে হেতেন তেন্তে আমি ধোনী বা বিৰাট কোহলীক নাপালো হেতেন।
নিৰ্বাচনত ঋণাত্মক প্ৰচাৰে এটা পৰ্যায়লৈ দলক সহায় কৰিব কিন্তু দলে জয়ী হৈ কি কৰিব সেইটো বুজাব নোৱাৰিলে নিৰ্বাচনত জয়ী হোৱা সম্ভব নহয়। উদাহৰণ স্বৰুপে পঞ্জাবত আম আদমি দলৰ পৰাজয়।
অবশ্যে বিজেপি চৰকাৰৰ  বিমুদ্ৰাকৰণৰ সিদ্ধান্তক সমৰ্থন নকৰিলে প্ৰশান্ত কিশোৰে। “They could have gone without it”  ২০১৪ৰ তুলনাত মোডীৰ যাদু কিছু হ্ৰাস পাইছে তথাপি তেখেত আজিও খুব জনপ্ৰিয়। ।