জাতিৰ কথা কোৱা নেতাৰ হাতত জাতীয়তাবাদ আঘাতপ্ৰাপ্ত

3835

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


এন আৰ চি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়ত অসমৰ প্ৰতিজন মানুহে ভাবিছিল যে বিদেশী সমস্যাৰ স্থায়ী সমাধান নহ’লেও এন আৰ চি হ’ব এই সমস্যা সমাধানৰ মাইলৰ খুটি । প্ৰতিটো ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা অবিশ্বাসৰ ভাৱ নোহোৱা হ’ব । কিন্তু সকলো আশাত চেচাঁ পানী ঢালি কেন্দ্ৰীয় চৰকাৰে পুনৰবাৰ অসমৰ বাতাবৰণ অশান্ত কৰি পেলালে । নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ই অসমত পুনৰবাৰ আৰম্ভ কৰিলে আন্দোলনৰ বাতাবৰণ । এই বিধেয়কখনে অসমত বাস কৰা থলুৱা মানুহৰ অস্তিত্ব বিপন্ন কৰাই নহয় , অসম আন্দোলনৰ সময়ছোৱাত অসমীয়া -বঙালীৰ বিনষ্ট হোৱা সম্পৰ্ক মেৰামতি হৈ থকাৰ শেষ পৰ্য্যায়ত পুনৰবাৰ ঘা নতুন কৰা হ’ল । অকল অসমীয়াই নহয় ভাৰতৰ প্ৰায় প্ৰতিটো ভাষিক গোষ্ঠীৰ  সংস্কৃতি আজি বিপন্ন । কাৰণ বিশ্বায়ন আৰু ইংৰাজীৰ বহুল প্ৰয়োগে আঞ্চলিক ভাষা সমুহৰ আয়ুস কমাই আনিছে । এই ক্ষেত্ৰত মাৰাঠী , কানাড়া , তেলুগু , বড়ো আদি সকলো ভাষাই একে শাৰীতেই আছে। বিশ্বায়ন আৰু ইংৰাজীৰ বেত্ৰাঘাটত অসমীয়া ভাষাও ককবকাই আছে । কিন্তু বিশ্বায়নৰ প্ৰভাব চলি থাকোতেই একামাত্ৰ অসমত জাপি দিব বিচৰা হৈছে থলুৱা আৰু খিলঞ্জীয়াৰ সংস্কৃতি  নিশেষ: কৰাৰ অতি খৰটকীয়া প্ৰচেষ্টা । কুলডিপ নায়াৰে তেওঁৰ জীৱনৰ শেষ লেখাটোত লেখিছে যে “অসম তথা উত্তৰ পুৰ্বাঞ্চলত বিজেপিয়ে যদি অতি হিন্দুত্বৰ ৰাজনীতি কৰে তেন্তে সেয়া মুৰ্খামী হ’ব ।” ‘আজিৰ পেট্ৰিয়ত , অহাকালিৰ পলিটিচিয়ান ‘ এই নীতিত অসমৰ অসমীয়া আজি নিৰ্যাতিত আৰু লুন্ঠিত । অসমীয়া কোন ? বৰ অসম ভাঙি সাতখন হ’ল । নতুন নতুন ৰাজ্য সৃষ্টিয়ে অসমীয়াৰ সংজ্ঞাকো নতুন নতুন ৰূপ দিছে । ভৱিষ্যতে এতিয়াৰ অসম ভুখণ্ডৰ যদি অকৌ ভাগ হয় তেন্তে অসমীয়াৰ সংজ্ঞা আকৌ এবাৰ পুনৰ নিৰ্ধাৰণ হ’ব নেকি ?

   অসমীয়াৰ সাংবিধানিক ৰক্ষা কবচৰ ধাৰণা কি হ’ব তাক ৰাইজে বুজি নাপালেই আৰু বুজি পোৱাৰ আগতেই ভুতৰ ওপৰত দানহ পৰা দি পৰিল নাগৰিকত্ব বিধেয়ক ২০১৬ । এইখন বিধেয়ক অসংবিধানিক নহয় । কাৰণ সংসদত বিধেয়ক খন পাচ হোৱাৰ লগে লগে বিলখন আইনত পৰিণত হ’ব । সংসদত সকলো দলেই ইয়াক সমৰ্থন কৰাটো খাটাং । কাৰণ ভাৰতৰ আন ৰাজ্যৰ মানুহৰ কাৰণে অসম ভাৰতত নে নেপালত এতিয়াও কুইজৰ প্ৰশ্নই হৈ আছে । বিধেয়ক উত্থাপন হোৱা মানেই ৯৯% শতাংশ সাংসদেই ইয়াক সমৰ্থন দিব , হয়তো দুই এজনে ভোটিংৰ পৰা বিৰত থাকিব । কংগ্ৰেছেই হওঁক বা বিজেপিয়েই হওঁক দলীয় স্থিতিক বিৰুদ্ধাচৰণ কৰাৰ ক্ষমতা আজিৰ ভোগ  সৰ্বস্ব যুগত এজন সাংসদৰো নাই । অসমীয়া মানুহৰ অতি অবেগে জাতীয়তাবাদী সংগঠনৰ নেতাবিলাকক নায়ক পাতে । মানুহে পাহৰি  যায় ভাৰতীয় গণতন্ত্ৰৰ সংসদীয় ৰাজনীতিৰ মেৰপাক । যিকোনো এজন ব্যক্তিয়ে ৰাইজৰ স্বাৰ্থত কাম কৰাৰ উদ্দেশ্য লৈ ৰাজনৈতিক দলত যোগ দিয়াৰ দিনাই নিজা আদৰ্শৰ লগত বিভিন্ন সময়ত আপোচ কৰিবলৈ বাধ্য  হয়। যদিহে আপোচ নকৰাৰ প্ৰতিজ্ঞাবদ্ধ হয় তেন্তে তেওঁ ৰাজনৈতিক দলৰ পৰিৱৰ্তে এনজিও হে কৰিব । এইখিনি পাৰ্থক্য অসমীয়া মানুহে আজিলৈ উপলব্ধি কৰা নাই । সৰ্বানন্দ সোণোৱাল অসমৰ স্বাৰ্থত কাম কৰা বিচক্ষণ ছাত্ৰ নেতা আছিল । তেওঁৰ অসম প্ৰেমক উলাই কৰা নাযায় । কিন্তু সেই একেই খিনি কাম আজিও যদি তেওঁৰ পৰা আশা কৰা যায় তেন্তে সেই ভুল তেওঁৰ নহয় , সেই ভুল একাংশ ৰাইজৰ । সৰ্বানন্দ সোণোৱাল আছুৰ সভাপতি আছিল । যিটো সময়ত অসমত প্ৰতিটো জনগোষ্ঠীৰে নিজা নিজা ছাত্ৰ সংগঠন আছে, প্ৰতিটো সংগঠনৰে নিজা নিজা দাবী আছে । বহু সময়ত এটা সংগঠনৰ দাবী আনটো ছাত্ৰ সংগঠনৰ দাবীৰ পৰিপন্থী হোৱাও দেখা যায় । সেয়ে ‘আছু’ ত থকা কালছোৱাত তেওঁ অসমৰ প্ৰতিটো অঞ্চলৰ ছাত্ৰকে প্ৰতিনিধিত্ব কৰিছিল বুলি কৰা ধাৰণাটো শুদ্ধ নহয় । কিন্তু বৰ্তমান তেওঁ অসম ৰাজ্যৰ মুখ্যমন্ত্ৰী । তেওঁ অসমৰ প্ৰতিজন জনতাৰ প্ৰতিনিধি । ছাত্ৰ সন্থাত থকা কালছোৱাত  সতেওঁ পালন কৰা দায়িত্ব আৰু কৰ্মৰ প্ৰভাব যিমান পৰিছিল তাৰ হাজাৰ গুণ প্ৰভাব মুখ্যমন্ত্ৰী আসনত থাকি কৰিলে পৰিব । প্ৰতি দহ মাইলত ভাষা, খাদ্য , পিন্ধন সলনি হোৱা অসম ৰাজ্যত বিগত ৬-৭ বছৰৰ ৰাজনৈতিক প্ৰেক্ষাপটত প্ৰতিটো গোষ্ঠীয়ে নিজৰ বুলি ভাবিব পৰা একমাত্ৰ ব্যক্তি আছিল সৰ্বানন্দ সোনোৱাল । বিজেপি আৰু বিজেপিৰ মাৰ্গদৰ্শক মণ্ডলীয়ে সম্পুৰ্ণ সুপৰিকল্পিত ভাবে তেওঁক প্ৰক্ষেপ কৰিছিল । সৰ্বানন্দ সোণোৱালৰ ব্যক্তিত্বত খিলঞ্জীয়া জাতি জনজাতি সকলে যিদৰে জনজাতিৰ গুণ পাইছিল ,সেই একেদৰে বৰ্ণ হিন্দু অসমীয়া সমাজখনৰ কাৰণেও আছিল বুকুৰ আপোন । ৰাজনৈতিক নেতা এজনতকৈও তেওঁ আছিল অসমৰ প্ৰতিটো পৰিয়ালৰ এজন সন্তান সদৃশ । বিজেপিয়ে ২০১৬ নিৰ্বাচনৰ সময়ত এইজন ব্যক্তিক প্ৰক্ষেপ কৰিয়েই বিভিন্ন দলৰ লগত ৰামধেনু সদৃশ মিত্ৰটা কৰিবলৈ সক্ষম হৈছিল । নিৰ্বাচন কেন্দ্ৰীক ভাৰতীয় ৰাজনীতিত মুখ্যমন্ত্ৰী এটা চৰিত্ৰ মাথো  । আজি সেই চৰিত্ৰ তেওঁ ৰূপায়ন কৰিছে তেওঁৰ অনুপস্থিতিত কাইলৈ বেলেগেও কৰিব পাৰে ।
   বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত অগপ আৰু বিজেপি অসম চৰকাৰৰ মিত্ৰ দ’ল । কিন্তু অগপই এতিয়াও চৰকাৰৰ পৰা ওলায় অহা নাই । নেতাৰ ভাষ্য অনুসৰি নাগৰিকত্ব বিধেয়কখন গৃহিত হ’লেহে তেওঁলোকে চৰকাৰৰ ওপৰত সমৰ্থন প্ৰত্যাহাৰ কৰিব । সেইখিনি সময়ত অগপৰ সমৰ্থন প্ৰত্যাহাৰৰ জানো কিবা গুৰুত্ব থাকিব ? জাতি আৰু সম্প্ৰদায় ভিত্তিক ৰাজনীতিত অগপৰ সীমা দিনক দিনে কমি আহিছে । অসম আন্দোলনৰ সমাপ্তিত অসমীয়াৰ আবেগেৰে গঠিত দল এটাই ১৯৮৫ নিৰ্বাচনতো মাত্ৰ ভোট পাইছিল প্ৰায় ৩৩% । অতি তাৎপৰ্য্যপুৰ্ণ আছিল এই শতাংশৰ সমীকৰণ । পৰিৱৰ্তী সময়ছোৱাত প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীয়ে আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ দাবীত সুকীয়া সুকীয়া মঞ্চ গঠন কৰিলে ।  ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তা সমুহ অগপৰ মঞ্চৰ পৰা অতৰি যোৱাটো তেনেই স্বাভাবিক হ’ল । সদৌ শেষত অগপৰ ওচৰত ভোটেৰে নহ’লেও আবেগেৰে থাকিল একমাত্ৰ বৰ্ণহিন্দু অসমীয়াখিনি আৰু  জাতীয়তাবাদী একাংশ অসমীয়া ভাষী মুছলমান । জনগাঠনিৰ আমুল পৰিৱৰ্তনে এই দুই শ্ৰেণীৰ ভোটাৰৰ প্ৰভাব নিৰ্বাচনসমুহত লাহে লাহে কমাই আনিছে ।  বিধেয়কখন সংসদত উত্থাপন মানেই গৃহিত হোৱা । সংসদত অকল বিজেপিয়েই নহয় কংগ্ৰেছ দলেও ইয়াক সমৰ্থন দিয়াৰ সম্ভাবনা আছে। । অতি সুপৰিকল্পিত ভাবেই অগপক বিজেপিয়ে মিত্ৰজোঁটৰ অংশীদাৰ কৰিছিল । কাৰণ বাংলাদেশক মাটি এৰি দিয়া আৰু নাগৰিকত্ব বিধেয়কৰ সময়ছোৱাত অগপৰ প্ৰয়োজনীয়তাক বিজেপিয়ে দুইবছৰ আগতেই অংক কৰি থৈছিল । হিন্দু বাংলাদেশী বা হিন্দু পাকিস্তানী যিয়েই নহওঁক বিজেপিৰ নীতি স্পষ্ট । যিহেতু গণভোটৰ আধাৰত ভাৰত-পাকিস্তান বিভক্ত হোৱা নাছিল সেয়ে পাকিস্তান বা বাংলাদেশৰ নিৰ্যাতিত হিন্দুৰ দায়িত্ব ভাৰতে ল’বই লাগিব । বিজেপিৰ কাৰণে অসম , পশ্চিম বংগ বা তামিলনাডুৰ মাজত কোনো পাৰ্থক্য নাই ,হিন্দু পৰিচয়হে প্ৰথম । হিন্দুৰ পিছতহে ভাষা ,গোষ্ঠী ইত্যাদি পৰিচয় । তেওঁলোকৰ আদৰ্শত হিমালয়ৰ পৰা সিন্ধুলৈ সকলো এক ভাৰত । গুৱাহটীৰ লুইত পৰীয়া সমাবেশত ৰাষ্ট্ৰীয় সয়ংসেৱক সংঘৰ সৰ সংঘচালক মোহন ভাগৱতে কৈছিল যে এজন প্ৰকৃত হিন্দুৰ বুকু কান্দি উঠিব যেতিয়া পৃথিৱীৰ যিকোনো ভুখণ্ডত বাস কৰা হিন্দু সমস্যাত পৰিব । বিজেপি নীতি স্পষ্ট আৰু প্ৰধান বিৰোধী কংগ্ৰেছৰ নীতি হৈছে সাপহৈ খুটি বেজহৈ জৰা । কংগ্ৰেছৰ হাততো বেলেগ উপায় নাই । কাৰণ ১৯৪৭ ত তেওঁলোকৰ নেতাৰ সাক্ষৰতেই ভাৰত বিভক্ত হৈছিল ধৰ্মৰ আধাৰত । এই ক্ষেত্ৰত একমাত্ৰ অসমীয়াই স্পষ্ট কৰিব লাগিব অস্তিত্ব ৰক্ষাৰ নীতি। কাৰণ আজিৰ সিংহভাগ অসমীয়াৰ নতুন প্ৰজন্মই নিজৰ মাতৃভাষা লেখিব নাজানে । সাংবিধানিক ৰক্ষা কবচৰ ধাৰণা ঢুৱলি কুৱলি । খিলঞ্জীয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বাংলাদেশী মুলৰ ভাৰতীয়ৰ তুলনাত অতি কম । তেনে পৰিস্থিতিত অস্তিত্ব ৰক্ষা কেনেকৈ হ’ব ? জাতিৰ কথা কোৱা নেতাৰ হাতত জাতীয়তাবাদ আঘাতপ্ৰাপ্ত । ৩৩ বছৰে আছুৰ ‘অসম চুক্তি’ কাৰ্য্যকৰি নহয় , হাতত বন্দুকলৈ স্বাধীনতাৰ শ্লোগান দিয়া সকলে দহজন অসমীয়াকো স্বাৱলম্বী কৰিব নোৱাৰিলে , বিদেশী সমস্যা সমাধান হোৱাটো বাদেই _ নতুনকৈহে বিদেশী অনিবলৈ চৰকাৰ সাজু হৈছে । যিদৰে অসম আন্দোলনৰ দৰে জনজাগৰণ আজিৰ সময়ত আকৌ সম্ভৱ নহয় সেই একেদৰে আজি চলি থকা প্ৰতিবাদৰ চিঞৰ আজিৰ পৰা দহ বছৰ পিছত থাকিব বুলি আশা কৰা নাযায় ।
অসমীয়াৰ কথা কোনো ৰাষ্ট্ৰীয় দলে সুকিয়াকৈ ভাবিব বুলি ভবাটো ভুল হ’ব । কাৰণ গণতান্ত্ৰীক ব্যৱস্থাটো ভোটৰ গোলাম আৰু অসমীয়াৰ ভোটৰ সংখ্যা নিম্নগামী । বিধেয়কখন গৃহিত হওঁকেই বা নহওঁক  অসমীয়া বাচিব একমাত্ৰ এটা নীতিত । ষষ্ঠ অনুসুচীৰ অধিনৰ এলেকা সম্প্ৰসাৰণ । গোটেই ব্ৰহ্মপুত্ৰ উপত্যকা  ষষ্ঠ অনুসুচীৰ আওঁতাত  আহিলে এনেকুৱা নাগৰিকত্ব বিধেয়কে অসমীয়াৰ পৰিচয় নিশেষ: কৰিব নোৱাৰিব । য’ত বৰ্তমান সময়ত ৬ ষ্ঠ অনুসূচীৰ অঞ্চলত সমুহত  পুৰ্বৰ নিয়মেই বাহাল ৰখা হ’ব । ষষ্ঠ অনুসুচীৰ যিদৰে সংশোধন ঘটায় ভৈয়ামৰ জনজাতিয় এলেকাতো  প্ৰয়োগ কৰা হৈছিল , সেই একে সংশোধন প্ৰক্ৰিয়াৰে সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাকো ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিব পৰা যায় ।