২০২৪ত অসমত আপৰ সম্ভাবনা

601

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


অসমত এতিয়া আম আদমী পাৰ্টীত যোগদানৰ ধুম উঠিছে। গুৱাহাটী পৌৰ নিগমত সফলতাৰ পিছত বিভিন্ন অ’পিনিয়ন প’লটো আম আদমী দলৰ প্ৰতি ৰাইজৰ আকৰ্ষনৰ কথা প্ৰমাণ হৈছে। নাওবৈচাৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুলৰ লগতে ৰাইজৰ দলৰ বহু শীৰ্ষ নেতা দলটোত যোগদান কৰিছে। এতিয়া প্ৰশ্নটো হ’ল আম আদমী পাৰ্টী অসমত কিমান সফল হ’ব? জনপ্ৰিয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্বই যিমানে ভাল কাম নকৰক কিয় চৰকাৰ এখনৰ বিৰূদ্ধে কিছু প্ৰতিষ্ঠান বিৰোধী ঢৌ থাকিবই। তাৰ বুজন সংখ্যকে কিন্তু এতিয়া আম আদমী পাৰ্টীক ভোট দিবলৈ সাজু হৈছে।

অপ্ৰিয় হ’লেও সত্য যে অসমৰ যিকোনো নিৰ্বাচনতে আজিকালি হিন্দু মুছলমানৰ ৰাজনীতি চলে। ২০২১ৰ নিৰ্বাচনত বিজেপি মিত্রজোঁটে পাইছিল ৪৪.৫১% ভোট আৰু কংগ্ৰেছ মিত্রজোঁটে লাভ কৰিছিল ৪৩.৬৮% ভোট। কংগ্ৰেছ মিত্রজোঁটে লাভ কৰা ভোটৰ অধিংকাশ আছিল মুছলমানৰ ভোট। মানকাছাৰ, জনিয়া, দক্ষিণ শালমাৰা, যমুনামূখ আদিত কংগ্ৰেছ মহাজোঁটৰ জয়ৰ ব্যৱধান লাখৰ ওপৰত। বিজেপিয়ে মুছলমানৰ ভোট ০.২৫ শতাংশৰ তলত লাভ কৰা বুলি তেওঁলোকৰ নিজৰ সমীক্ষাতে ওলাইছে। গতিকে কংগ্ৰেছে যোৱা নিৰ্বাচনত লাভ কৰা ৮% মান হিন্দু ভোট ২০২৪ত আম আদমী দললৈ যোৱাটো নিশ্চিত।এই লোকসকলে বিজেপিৰ চিন্তাধাৰাৰ লগত নিজকে সংযুক্ত কৰিব নিবিচাৰে,সেয়েহে বিজেপিৰ বিকল্প হিচাপে আম ‍আদমীক ‍আকোৱালি ল’ব। আম আদমীৰ দুৰ্নীতি বিৰোধী শ্লোগান বিশেষকৈ পঞ্জাবত এওঁলোকে যিদৰে নিজৰে মন্ত্রী এজনৰ বিৰূদ্ধে ব্যবস্থা ল’বলৈ সাহস কৰিছে তাক দেখি ৰাইজ অত্যন্ত উৎসাহিত হৈছে। বিজেপিৰ লগত থকা ৪৪% হিন্দু ভোটাৰৰ কিমানে চৰকাৰক বেয়া পাই সেয়া কোৱা কঠিন যদিও হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক কৌশল দেখি মনে নধৰে যে সংখ্যাটো ৪%তকৈ বেছি হ’ব। এতিয়া সকলো নিৰ্ভৰ কৰিব মুছলমানৰ ভোটৰ ওপৰত। মুছলমান সকলে কেতিয়াও বিজেপিক ভোট নিদিয়ে। বিজেপিয়ে স্পষ্টভাবে তেওঁলোকৰ ভোট নেলাগে বুলি কোৱাৰ পিছত আত্মসন্মান নথকা দুই চাৰিজনৰ বাদে ‍আনসকলে বিজেপিৰ সকলোতকৈ শক্তিশালী প্ৰতিদ্বন্দ্বী দলটোক ভোট দিব বিচাৰিব। আগন্তুক নিৰ্বাচনত সকলো মুছলমানে আপক ভোট নিদিয়ে। তেওঁলোকৰ নিজা নেতা বদৰুদ্দিন আজমল আছে, কিছু মুছলমান ডাঙৰ নেতা কংগ্ৰেছটো আছে। কিন্তু ১৫% মুছলমান ভোট পালেও তাৰ লগতে ১০% হিন্দু ভোট পালে ২৫% ভোট লৈ ২০২৪ত আপ প্ৰধান বিৰোধী দল হোৱাৰ যঠেষ্ট সম্ভাবনা আছে। কিন্তু আপৰ এটা সমস্যাও আছে। বেছি মুছলমানৰ নেতা দলটোত যোগদান কৰিলে বিজেপিয়ে দলটোৰ বিৰূদ্ধে সাম্প্ৰদায়িক মেৰুকৰণৰ সুবিধা পাব। ইয়াৰ লগতে নিৰ্ভৰ কৰিব দলৰ প্ৰাৰ্থীত্ব কোনে কোনে লাভ কৰে। আপে যদি শক্তিশালী প্ৰাৰ্থী দিব পাৰে আৰু ৰাইজে যদি ভাবে প্ৰাৰ্থীবিলাকে বিজেপিক হৰুৱাব পাৰে, তেন্তে আপৰ ২০২৪ত যঠেষ্ট সম্ভাবনা আছে। আপৰ সকলোতকৈ ডাঙৰ সমস্যা অসমত এজন সৰ্বগ্ৰহণযোগ্য নেতা। ড° হিমন্ত বিশ্ব শৰ্মাৰ সমকক্ষ নহলেও নিকা ভাবমুৰ্তিৰ ভাল বক্তা এজনক দলে সভাপতি নিৰ্বাচন কৰিব লাগিব। আমি ভাবো অসমত আপৰ সম্ভাবনা আছে , দলটোক প্ৰয়োজন এটা সুন্দৰ ৰণনীতিৰ।