কাশ্মীৰ ফাইলছক কৰ মুক্ত কৰাৰ প্ৰয়োজন নাছিল

795
  • ৰাজেশ কাকতি

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


ব্যক্তিগত ভাবে মোৰ এজন কাশ্মীৰী পণ্ডিতৰ সৈতে দেখা হৈছিল। নিজৰ ঘৰ সম্পত্তি এৰি কাশ্মীৰৰ পৰা পলায়ণ কৰিবলগীয়া হৈছিল হাজাৰ হাজাৰ কাশ্মীৰী পণ্ডিতে। ব্যক্তিজনে যেতিয়া মোক নিজৰ কাহিনী  বৰ্ণনা কৰিছিল তেতিয়া অন্তৰ খুব ব্যথিত হৈছিল। পাকিস্তান, বাংলাদেশ , আফগানিস্তানৰ পৰা হিন্দু মানুহ পলায়ন কৰিব লাগে। যেতিয়া হিন্দুস্তানৰ এটা অংশৰ পৰাও হিন্দুক মাৰি,কাটি, বলাৎকাৰ কৰি খেদি পঠায় তাতকৈ দুখৰ কথা কি হ’ব পাৰে? কাশ্মীৰী পণ্ডিতৰ এই দুৰ্দশাৰ বাবে নানা লোকক দোষ দিয়া হয়। কিন্তু আমাৰ দৃষ্টিত ইয়াৰ বাবে দায়ী কংগ্ৰেছ দল। মুছলমান তুষ্টিকৰণত এই দলটো ইমান ব্যস্ত থাকিল যে কাশ্মীৰী পণ্ডিতৰ কথা চিন্তা কৰিবলৈ অবকাশ নাপালে। বিবেক অগ্নিহোত্রীৰ ছবি ‘দা কাশ্মীৰ ফাইলছ’ ত এই দুৰ্ভগীয়া লোকসকলৰ মৰ্মবেদনা খুব সুন্দৰ ভাবে প্ৰকাশ পাইছে। অনুপম খেৰ আৰু মিঠুন চক্ৰবৰ্তীৰ অভিনয় নিখুঁত হৈছে। প্ৰধানমন্ত্রী মোদীয়ে অগ্নিহোত্রীক লগ ধৰাৰ সময় দি ছবিখনৰ প্ৰশংসা কৰিছে। ইয়ালৈ সকলো ঠিকে আছিল। কিন্তু ইয়াৰ পিছতে চিনেমাখনৰ প্ৰচাৰ কৰিবলৈ বিজেপিৰ মুখ্যমন্ত্রী সকলৰ মাজত অঘোষিত প্ৰতিযোগিতা আৰম্ভ হ’ল। দলে বলে অসমৰ মুখ্যমন্ত্রীয়ে চিনেমা চালে। চিনেমা চাবলৈ হেনো চৰকাৰী কৰ্মচাৰীক চুটি দিব। কি নাভূত-নাশ্ৰুত ঘটনা? শনিবাৰ ,দেওবাৰে মন গ’লে তেওঁলোকে চিনেমা চাবই পাৰে। বিভিন্ন ৰাজ্যত  চিনেমাখনক কঁৰ ৰেহাই দিয়া হ’ল। বিজেপিৰ মন্ত্রী, বিধায়ক, সাধাৰণ কৰ্মী সকলো নামি পৰিল চিনেমাখনৰ প্ৰচাৰত। ফলত পকেট গৰম হ’ল বিবেক অগ্নিহোত্রীৰ পত্নী প্ৰযোজিকা পল্লবী যোশীৰ।আজিৰ দিনলৈকে ২৩০ কৌটি সংগ্ৰহ কৰা চিনেমাখনে ভ‍াঙিছে বক্স অফিছৰ বহু কেইটা ৰেকৰ্ড। চিনেমাখনৰ মুনাফাৰ টকাৰে যদি কাশ্মীৰী পণ্ডিতৰ হকে কিছু কাম কৰা গ’লহেতেন তেতিয়া কথাটো বেলেগ আছিল। চিনেমাখনৰ বাবে প্ৰযোজকৰ খৰছ হৈছিল মাত্র ১৫ কৌটি টকা। কাশ্মীৰী পণ্ডিতৰ বাবে যদি অগ্নিহোত্রী সচাকৈ দুখিত তেন্তে ৫০ কৌটি মান লাভ হোৱাৰ পিছত ইউ টিউবত মুক্তি দিব পাৰিলেহেতেন। এফালে বিজেপিৰ কৰ্মীসকলে ‘জয় শ্ৰী ৰাম’ বুলি ফেছবুকত প্ৰচাৰ কৰি আছে, আনফালে অগ্নিহোত্রীয়ে নোট গনি ভাগৰি পৰিছে। ‘কপিল শৰ্মা শ্বো’ত নিমন্ত্রণ নকৰা বুলি তেওঁ সহানুভূতি আদায় কৰি খুব প্ৰচাৰ কৰিলে। কিন্তু অনুপম খেৰৰ বক্তব্যৰ পিছত স্পষ্ট হ’ল যে অগ্নিহোত্রীৰ কথাত সত্যতা নাছিল। মুঠৰ ওপৰত চিনেমাখনৰ প্ৰমোচনত সম্পূৰ্ণ সফল অগ্নিহোত্রী।