পেট্ৰলৰ দাম ১২০ টকা হ’ব নেকি?

503

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


সচৰাচৰ শাসকীয় দলৰ নেতাসকলে ইন্ধনৰ মুল্যবৃদ্ধিৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰক দোষ দিয়ে।  কিন্তু যোৱা কেইদিনমানত আমি ভালদৰে বুজি উঠিলো যে তেলৰ দাম বৃদ্ধি নিৰ্ভৰ কৰে চৰকাৰৰ ইচ্ছাৰ ওপৰত, আন্তৰাষ্ট্ৰীয় বজাৰৰ ওপৰত নহয়। উত্তৰ প্ৰদেশ নিৰ্বাচনৰ বাবে ১০০ৰো অধিক দিন পেট্ৰল-ডিজেলৰ দাম বৃদ্ধি হোৱা নাছিল। ৰিলায়েন্স, শ্বেল আদি ব্যক্তিগত প্ৰতিষ্ঠানে বিক্ৰী বন্ধ কৰি দিব লগা হৈছে কাৰণ চৰকাৰী বিলাকে চাবচিদি দি তেল বিক্ৰী কৰিছে।  নিৰ্বাচনৰ ফলাফল অহাৰ লগে লগে তেলৰ দাম আশাকৰা ধৰনে বৃদ্ধি হ’ল। মাজুলীত পেট্ৰলৰ দাম ১০৩ টকা অতিক্ৰম কৰিলে। গুৱাহাটীতো ১০১ৰ ওপৰত। পেট্ৰল-ডিজেলৰ দাম বৃদ্ধিয়ে সকলো বস্তুৰ দাম বৃদ্ধিৰ কাৰক। কাজি নেমুৰ বজাৰত দাম ১৫ টকা হৈছে। ৰন্ধন গেছৰ মুল্য বৃদ্ধি পাইছে। টোল গেটৰ মাচুলো ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব। মুঠতে এই চৰকাৰখনৰ দিনত ৰাইজ মুল্যবৃদ্ধিৰ প্ৰকোপত জ্বলা কলা খাইছে। এতিয়া প্ৰশ্ন হৈছে পেট্ৰলৰ দাম ‍অ‍াৰু কিমান বৃদ্ধি পাব? পেট্ৰলৰ দাম বৃদ্ধি হৈ ১২০ টকা পাব পাৰে নেকি? ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ পিছত বজাৰ অস্তিৰ হৈ পৰিছে। কৰোনা কালত যি পেট্ৰোলৰ দাম কমি শুন্যৰ ওচৰা ওচৰি হৈছিল, সেই পেট্ৰলৰ আজি বজাৰ মুল্য ১২০ প্ৰতি বেৰেল পাইছে। যুদ্ধ শেষ হ’ব বুলি ভাবি বজাৰত খাৰুৱা তেলৰ দাম কিছু হ্ৰাস হৈছে যদিও এতিয়াও কি হ’ব কোৱা কঠিন। চৰকাৰৰ অধীনষ্ঠ পেট্ৰলিয়াম কোম্পানী বোৰে যাতে অধিক লোকচান ভৰিব লগা নহয় তাৰবাবে চৰকাৰে দাম বৃদ্ধি কৰিবলগীয়া হৈছে। বিশেষজ্ঞ সকলৰ মতে দাম বৃদ্ধি হৈ ১১০ টকালৈ যাব। তাৰ পিছত চৰকাৰে শুল্ক কিছু ৰেহাই দিয়াৰ কথা চিন্তা কৰিব পাৰে। চৰকাৰে যদি শুল্ক ৰেহাই নকৰে তেন্তে প্ৰতিলিটাৰ পেট্ৰলৰ দামে ১২০ টকা ‍অতিক্ৰম কৰাটো নিশ্চিত।