মনোমোহা স্কটলেণ্ডত ৪ দিন( দ্বিতীয় খণ্ড)

811
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


প্ৰথম খণ্ড প্ৰকাশ পাইছিল মাৰ্চ ২০২২ সংখ্যাত
২৮ আগষ্ট (শুক্ৰবাৰ)
ৰাতিপুৱা প্ৰায় ৫ বজাত উঠিলো। গা পা ধুই একাপ কফি খালো। ৰূপেশ, সুমন আৰু গৌৰৱো ৬ বজাত সাজু হ’ল। কৃঞ্চাও সময়মতে আমাৰ ঘৰ আহি পালে। আমি প্ৰায় ৬ বাজি ৩০ মিনিটত লণ্ডনৰ ইলফোৰ্ডৰ পৰা যাত্রা আৰম্ভ কৰিলো। গন্তব্য স্থান স্কটলেণ্ডৰ এডিনবেৰা। ৰূপেশক গাড়ী চলাবলৈ কলো। ৰূপেশৰ কাষৰ আসনত মই বহিলো গাইদ দিবলৈ। বাকী তিনিজন বহিল পিছৰ আসনত। বহল গাড়ী কাৰণে কাৰো একো অসুবিধা হোৱা নাছিল। গাড়ীৰ GPS অ’ন কৰি দেখিলো এডিনবেৰালৈ সময় দেখুৱাইছে ৭ ঘন্টা। মাজত ২ ঘন্টা জিৰনি ল’লেও আমি সন্ধিয়া ৩:৩০ বজাত গৈ পাম। লণ্ডন চহৰৰ মাজেৰে যাত্রা আৰম্ভ কৰোতে গতিবেগ ৩০-৫০ মাইলৰ ভিতৰত ৰাখিব লগা হৈছিল। এবাৰ হাইৱে পোৱাৰ পিছত ৰূপেশে গাড়ীৰ গতিবেগ বৃদ্ধি কৰিবলৈ সক্ষম হ’ল। সুন্দৰ ৮ লেনৰ পথত গাড়ী গতি কৰিলে ১০০ মাইল প্ৰতি ঘন্টা বেগত। ২ ঘন্টা যোৱাৰ পিছতে জিৰণি লোৱাৰ কথা ভাবিলো। হাইৱেত ২০-৩০ মাইলৰ অন্তৰে অন্তৰে কিছুমান পইন্ট থাকে যাত যাত্রীয়ে গাড়ীত তেল ভৰাব পাৰে, আহাৰ গ্ৰহণ কৰিব পাৰে আৰু টয়লেট ব্যৱহাৰ কৰিব পাৰে। তাত কে.এফ.চি, বাৰ্গাৰ কিং আদি কিছু জনপ্ৰিয় ব্ৰেণ্ডো আছিল। আমি সকলোৱে ব্ৰেকফাষ্ট কৰিলো লগতে কফি খালো। ৰূপেশৰ সমস্যা এটা হ’ল। পশ্চিমীয়া দেশবোৰত টয়লেটত টিছু ব্যবহাৰ কৰে, পানীৰ ব্যৱস্থা নাথাকে। আমি নিজৰ ঘৰত পানীৰ ব্যবস্থা কৰিছো যদিও বাহিৰত গ’লে টিছুৰে মেনেজ কৰো। কিন্তু ৰূপেশে হেনো নোৱাৰে। গৌৰৱ উপায় দিলে মিনাৰেল পানীৰ বটল এটা কিনি টয়লেটৰ ভিতৰলৈ লৈ যোৱাৰ বাবে। অবশেষত ৰূপেশৰ মুখত হাঁহি বিৰিঙিল। ৪০ মিনিট মান পিছত আমি পুনৰ যাত্রা আৰম্ভ কৰিলো। ৰূপেশ গাড়ী চলোৱাত ব্যস্ত। মোটিভেছন হিচাপে তাক লাগে কুমাৰ শানুৰ গান। কেতিয়াবা মই আৰু কেতিয়াবা গৌৰৱে নিজৰ ফোনৰ পৰা বজালো কুমাৰ শানুৰ ৯০ৰ দশকৰ বিখ্যাত গান বিলাক। মাজে মাজে লগত অনা বস্তু বিলাকেৰে পেট পূজা চলি থাকিল।  দুপৰীয়া দুটামান বজাত আমি পুনৰ অলপ জিৰণি ল’লো। লান্সত খালো বাৰ্গাৰ, ফেন্স ফ্ৰাইজ আৰু ক’ক। গাড়ীত ডিজেলো ভৰালো। এঘন্টামানত সকলো কাম শেষ কৰি যাত্রা পুনৰ আৰম্ভ কৰিলো। ৰূপেশে হেনো আজি গাড়ী স্কটলেণ্ডলৈ চলাব। মই ‍আপত্তি নকৰিলো। লাহে লাহে আমি হাইৱেৰ পৰা কাটি আহি দুটা লেনৰ ৰাস্তাত সোমালো। পাহাৰৰ মনোৰম দৃশ্য চকুত পৰিল। ভেড়াৰ জাক এটা পথাৰত ঘাঁহ খাই থকা দেখি খুব মৰম লাগিল। গাড়ী ৰাখাই ফটো উঠালো। প্ৰায় ৪ বজাত আমি এডিবেৰাৰ প্ৰিমিয়াম ইন হোটেল পালো। গাড়ীখন পাৰ্কিত থৈ হোটেলত চেক ইন কৰিলো। ফ্ৰেছ হৈ ৫ বজাত সকলো মিলি এডিনবেৰাৰ কাচেল চাবলৈ গ’লো। এডিনবেৰাত আছিল এটা প্ৰকাণ্ড কাচেল কিন্তু ভিতৰত যোৱাৰ সময় উকলি যোৱাৰ বাবে বাহিৰৰ পৰাই চাই সন্ত্তষ্টি লভিলো। ওচৰতে থকা কেইবাটাও চাৰ্চ আৰু এডিনবেৰাৰ মাৰ্কেটখন ভালকৈ ঘূৰিলো। দিনটো বাৰ্গাৰ খাই বিৰক্তি লাগিছিল। সেয়েহে নিশাৰ আহাৰৰ বাবে ভাৰতীয় ৰেষ্টুৰেন্ট এখন বিচাৰি উলিয়ালো। ৰুটী, তৰকাৰি, বিৰিয়ানী আদিৰে সুন্দৰভাবে ৰাতিৰ সাজতো গ্ৰহণ কৰিলো। হোটেলত গাড়ী থৈ আমি খোজ কাঢ়ি ফুৰিবলৈ আহিছিলো। ফুৰি ফুৰি আমি হোটেলৰ পৰা প্ৰায় ৩ কিলো মিটাৰ মান দুৰ পাইছিলো। অলপ অলপ বৰষুণো আৰম্ভ হৈছিল। গৌৰৱে এখন উবাৰ টেক্সি বুক কৰিলে। ৰাতি প্ৰায় ১০ বজাত আমি হোটেল পালো। অহাকালিৰ প্লেন হ’ল ল’ক লেমণ্ড, গ্লেনকো ভিলেজ, লক নেছ আৰু ইনভাৰনেছ। ৰাতিপুৱা ৭ বজাত যাত্রা আৰম্ভ কৰিম বুলি কৈ সকলো শুবলৈ গ’লো।
পৰবৰ্তী খণ্ড মে ২০২২ খণ্ডত