কা আন্দোলনৰ ছন্দপতন

1559
  •  সন্দীপ বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


কৰোনাকালত দেশ, ৰাজ্যৰ বিপৰ্যয়ৰ মাজত ককবকাই থকাৰ সময়তে শাসকীয় দলৰ বাবে যেন আশীৰ্বাদ উঠিল এই নিষিদ্ধ সময়৷ বিগত বছৰৰ ডিচেম্বৰ মাহত ৰাজ্যৰ পৰিৱেশ যিধৰনে উত্তাল হৈ উঠিছিল সেই পৰিৱেশ চাই ধাৰনা কৰা হৈছিল যে এই আন্দোলনে শলঠেকত পেলাব ভাৰতীয় জনতা পাৰ্টীক৷ আন্দোলনৰ গুৰি ধৰোতাসকলেও ৰাজহুৱাভাৱে কৈছিল, এই আন্দোলন দীঘলীয়া হ’ব৷ কিন্তু সাম্প্ৰতিক দৃশ্যপট এতিয়া সম্পূৰ্ণ ওলোটা৷ একাংশ সুবিধাবাদী অভিনেতা-গায়ক, ছাত্ৰনেতাৰ ওলোটা খৰত যেন দিশহাৰা অসমৰ ৰাইজৰ এই আন্দোলন৷
ভুলটো ক’ত আছিল?
প্ৰথম ভুলটো আছিল আন্দোলনত তৃতীয় পক্ষ সোমাই পৰাটো৷ প্ৰধানতঃ  কটন আৰু সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ডিচেম্বৰত সেই দিনটোত যেতিয়া প্ৰতিবাদী সমদল উলিয়াই দিছপুৰ অভিমুখে যাত্ৰা কৰিছিল তেতিয়ালৈ ই আছিল এক নিভাজ প্ৰতিবাদ৷ কিন্তু কোনো নিৰ্দিষ্ট নেতৃত্ব নোহোৱা এই আন্দোলনটোত সোমাই পৰা এচাম দুষ্কৃতিকাৰীয়ে কিদৰে সমগ্ৰ গুৱাহাটী জ্বলাই দিলে সেয়া ৰাজ্যবাসীয়ে প্ৰত্যক্ষ কৰিলে৷ কলাক্ষেত্ৰকে ধৰি জাতীয় তথা বহু ব্যক্তিগত সম্পত্তিৰ ক্ষতিসাধনে ৰাইজৰ মনত প্ৰথমবাৰৰ বাবে আনি দিছিল এক অনাস্থা৷ এফালে ধোঁৱা আৰু ছাইৰ মাজত গুৱাহাটী আনফালে আন্দোলন দমনৰ নামত পাঁচজনকৈ উঠি অহা যুৱকৰ মৃত্যুৱে যেন ইংগিত দিছিল তিৰাশীৰ সেই অশান্ত সময়ৰ৷ কিন্তু আকৌ এবাৰ তেনে এক পৰিবেশৰ মুখামুখি হ’বৰ বাবে যেন আগ্ৰহী নাছিল অসমীয়া সমাজ৷ বিশেষকৈ জুয়ে পোৰা তিৰাশীৰ মাজেৰে খোজকাঢ়ি অহা অভিভাৱকসমাজ মুঠেও আগ্ৰহী নাছিল তেওঁলোকৰ সন্তানক পুনৰ তেনে এক অশান্ত সময়ৰ মাজলৈ ঠেলি দিবলৈ৷ আনহাতে আন্দোলনৰ ধ্বংসাত্মক দিশটো চাই তাত তৃতীয় পক্ষ জৰিত থকাৰ কথা নিশ্চিত হোৱাৰ পাছতেই দ্বিধাবোধত ভুগিছিল ৰাইজ৷ ধ্বংসলীলাত উদ্বিগ্ন হৈ আনকি সদৌ অসম ছাত্ৰ সন্থায়ো নিশাৰ সকলো প্ৰতিবাদী কাৰ্যসূচী বাতিল কৰিছিল৷ আমাৰ দৃষ্টিত এয়াই আৰম্ভনি৷  শাসকীয় দলৰ প্ৰতি থকা তীব্ৰ ক্ষোভৰ পিছতো আন্দোলনৰ প্ৰতি ৰাইজ সন্দিহান হৈ পৰিল৷ ইয়াৰ মাজতেই শিল্পী জুবিন গাৰ্গৰ অংশগ্ৰহণে যে আন্দোলনটোক এক নতুন উদ্যম দিলে৷ শিল্পী সমাজ, আছুকে ধৰি ছাত্ৰ নেতৃত্বত গুৱাহাটী কেন্দ্ৰিক আন্দোলনটো প্ৰসাৰিত হ’ল ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ৷ কিন্তু আন্দোলন ব্যাপক হোৱাৰ সমান্তৰালভাৱে আন্দোলনকাৰী অশালীন আচৰনে বিৰক্ত কৰিছিল সাধাৰন জনতাক৷ বহু বিবাহযাত্ৰীৰ দলক অশালীন আচৰন কৰাৰ খবৰ সেই সময়ত সংবাদ মাধ্যমত প্ৰচাৰিত হৈছিল৷ কা সমৰ্থনকাৰীক আঁঠু কঢ়াই থোৱা, অপদস্থ কৰা আদিয়ে দখল কৰিছিল সংবাদ শিৰোনাম৷ ইয়াৰ মাজতেই হঠাৎ “কা” প্ৰতিবাদত নতুন দিল্লীত উলংগ হোৱা নেতাৰ গেৰুৱাবসন পৰিধানে টেঙা খুৱালে ৰাইজক৷ দুৰ্ভাগ্যজনকভাৱে শাৰিৰীক অসুস্থতাৰ বাবে উন্নত চিকিৎসাৰ বাবে জুবিন গাৰ্গ মুম্বাইলৈ যায়৷ ইয়াৰ পিছতেই কাৰ্যতঃ প্ৰতিবাদটো এচাম সুবিধাবাদীৰ আখৰাথলীত পৰিনত হয়৷ ৰাইজৰ আন্দোলনটো ৰূপান্তৰিত হয় সাংস্কৃতিক অনুষ্ঠানলৈ৷ আন্দোলনত গান গোৱাটো পৰিনত হ’ল  সেই সময়ৰ অন্যতম গ্লেমাৰলৈ৷ ইয়ে দ্বিতীয় বাৰৰ বাবে ছন্দপতন ঘটালে ৰাইজৰ প্ৰতিবাদী সত্বাটোক৷ ইয়াৰ মাজতে আহিল মহামাৰী কৰোনা৷ আহিল লকডাউন৷ স্তব্ধ হৈ পৰিল দেশ৷ বন্ধ হৈ গ’ল আন্দোলনৰ নামত চলা গান-বাজানাৰ অনুষ্ঠান৷ হঠাৎ যেন হেৰুৱা চন্দ ওভটাই পালে শাসকীয় দলটোৱে৷ একাষৰীয়া নকৰিবলৈ ৰাইজক খোদ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাবলগীয়া হোৱা পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ সকলো প্ৰকাৰৰ ৰাজনীতি আৰম্ভ হ’ল৷ তলাবন্ধত স্বাস্থ্যসেৱা , সাহায্য, আৰ্থিক অনুদানেৰে ৰাইজৰ কিছু আস্থা ঘুৰাই পাবলৈ সক্ষম হয় দলটো৷ ইয়াৰে সুযোগ গ্ৰহন কৰি বিজেপিয়ে খেলিলে এটা মাষ্টাৰষ্ট্ৰোক৷ আৰম্ভ হ’ল সাম দাম দণ্ড ভেদৰ ৰাজনীতি৷ আন্দোলনৰ সময়ত পদত্যাগৰ জোৱাৰ উঠা দলটোত যোগদানৰ উজান উঠিল৷ ৰাইজে যেন চকুৰ আগত প্ৰত্যক্ষ কৰিলে একাংশ নীতিহীন সুবিধাবাদীৰ উলংগ ৰূপ৷ কিন্ত ক্ষমতাৰ খোৱা কামোৰাত যে এইসকলে দুইকুল হেৰুৱালে সেয়া গম পাবলৈ তেওঁলোকক কিছু সময় লাগিব৷ মেৰুদণ্ড নোহোৱা নীতিহীন খিনিয়ে এৰেহাকো অমৃত বুলিয়ে খাব৷ কিন্তু অনুশোচনাত ভুগিব এতিয়াও কিছু আত্মসন্মান থকা সকল৷ হালৰো নহ’ল ফালৰো নহ’ল ধৰনে ওলমি থাকিব আস্থাহীনতাৰ পৃথিৱীত৷ যিটো দেখা পোৱা গৈছিল হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালত৷ বিভিন্ন চৰকাৰী অনুগ্ৰহ প্ৰদানেৰে সংযুক্ত মুক্তি বাহিনী অসমৰ ব্যাপক আন্দোলনটো ভাঙি দি সৃষ্টি কৰা হৈছিল ছাৰেণ্ডাৰড আলফা অৰ্থ্যাৎ ছালফা৷ আজি এজন ছালফাই যিমানেই ঐশ্বৰ্য বিভুতি আহৰন নকৰক কিয় ছালফা নামটো শুনিলে প্ৰথমেই মনত কি ধাৰনা আহে সেয়া প্ৰতিজন অসমীয়াই জানে৷ সেই ইতিহাসৰেই যেন পুনৰাবৃত্তি হ’বলৈ গৈ আছে সম্প্ৰতি৷ কিয়নো সামাজিকেই হওঁক ৰাজনৈতিকে হওঁক,বিপ্লৱৰ ইতিহাসত আত্মসমৰ্পণকাৰীৰ কোনো স্থান নাই৷