গুলাম নবীক একাপ চাহ দিয়া

463

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


৫০ বছৰীয়া পৰিক্ৰমাৰ অন্ত পেলাই কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্রী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী, ৰাজ্যসভাত কংগ্ৰেছৰ প্ৰাক্তন দলপতি গুলাম নৱী আজাদে দল ত্যাগৰ সিদ্ধান্ত লয়। কংগ্ৰেছ সভাপতি ছোনীয়া গান্ধীক দিয়া এখন পত্রত তেওঁ ইয়াৰ কাৰণ বিস্তাৰিত ভাবে ব্যাখ্যা কৰে। তেওঁ চিঠিত কোনো নতুন কথা লেখা নাই যিবিলাক ভাৰতৰ মানুহে নাজানে। ৰাহুল গান্ধীৰ ৰাজনৈতিক পৰিপক্বতা নাই বুলি সকলোৱে জানে। ছোনীয়া গান্ধী সভাপতিৰ আসনত আছে কেৱল নাম কে ৱাষ্টে। সকলো সিদ্ধান্ত লয় ৰাহুলে। G23 ৰ অংশ হিচাপে চিঠি লিখাৰ সময়ৰ পৰাই গুলাম নবী আজাদ ৰাহুলৰ ৰোষত পৰে। দলৰ সংকটৰ সময়ত চকু মুদি থকাতকৈ সন্মুখলৈ আহি পৰামৰ্শ দিব বিচৰা আজাদৰ দৰে নেতাক প্ৰকৃততে গান্ধী পৰিয়ালে চাব্বাছি দিব লাগিছিল। কিন্তু তাকে নকৰি ৰাহুল গান্ধীয়ে এইসকলক শক্ৰজ্ঞান কৰিবলৈ আৰম্ভ কৰে। গান্ধী পৰিয়ালৰ চামচা কিছুমানে আনকি আজাদক বিজেপিৰ এজেণ্ট বুলি ক’বলৈ কুন্ঠাবোধ নকৰিলে। বেল্লাৰী লোকসভা সমষ্টিৰ যেতিয়া সুষমা স্বৰাজ আৰু ছোনীয়া গান্ধীৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছিল তেতিয়া আজাদৰ কান্ধত পৰিছিল ছোনীয়া গান্ধীক জয়ী কৰি অনাৰ দায়িত্ব। সেই কঠিন যুঁজখনত সন্মুখৰ পৰা নেতৃত্ব দি আজাদে কংগ্ৰেছৰ সন্মান ৰক্ষা কৰিছিল। তেতিয়াৰে পৰা ছোনীয়া গান্ধীয়ে চকু মুদি বিশ্বাস কৰে আজাদক। কিন্তু এতিয়া কংগ্ৰেছ ছোনীয়া গান্ধীৰ মতে নচলে, চলে ৰাহুল গান্ধীৰ মতে। ৰাজদ্বীপ চৰদেশাইয়ে নিজৰ কিতাপত লেখিছিল কংগ্ৰেছ এৰাৰ আগ মুহুৰ্তত ড° হিমন্ত বিশ্ব শৰ্মাই ছোনীয়া গান্ধীক লগ কৰি পিছ দুৱাৰেদি ওলাই যাব লগা হৈছিল। নহ’লে শ্ৰীমতী গান্ধী পুত্রৰ ৰোষত পৰিব। গুলাম নবীৰো একেই দশা হৈছিল। ছোনীয়া গান্ধীয়ে ইচ্ছা কৰা স্বত্বেও তেওঁ আজাদক সহায় কৰিব নোৱাৰে। তেওঁ আজাদক ৰাহুলৰ লগত কথা পতাৰ পৰামৰ্শ দিছিল। আজাদে যেতিয়া এদিন ৰাহুল গান্ধীক লগ কৰিবলৈ যায় তেতিয়ে ৰাহুলে নিজৰ পি.এ জনক কৈছিল_ গুলাম নবীক অলপ চাহ দিয়া। ইয়াত অপমানিত বোধ কৰিছিল কংগ্ৰেছৰ চিনিয়ৰ নেতাজনে। ছোনীয়া গান্ধীয়েও আনকি সদায় তেওঁক আজাদ চাহাব বুলি সম্বোধন কৰিছিল। ৰাজনীতিত যোগ্যজনক, বয়োজষ্ঠ জনক উচিত সন্মান দিব লাগে। এয়া হয়তো ৰাহুল গান্ধীক কোনেও নিশিকালে। আজাদ চাহাবে কোৱাৰ দৰে কংগ্ৰেছ এতিয়া এনে এটা পৰ্য্যায়ত আছে যাৰ পুনৰুজ্জীবিত হোৱাৰ কোনো সম্ভাবনা নাই।