চাচা-মামাৰ সৈতে গগৈ চাৰ

1313

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম (www.rajnitiaxom.com)


সময় সলনি হ’ল। গগৈ চাৰৰ মুখত আজিকালি “হু ইজ বদৰুদ্দিন”ৰ ঠাইত “হাও আৰ ইউ বদৰুদ্দিন?” অহা নিৰ্বাচনত কিবা অলপ বেলেগ হ’ব যেন লাগিছে। কিমান আৰু কংগ্ৰেছ, বিজেপি, আজমলৰ ত্রিকোণীয়া যুঁজ চাব? কিমান আৰু কংগ্ৰেছে বিজেপিক আৰু বিজেপিয়ে কংগ্ৰেছক আজমলৰ লগত গোপন মিত্রতা কৰাৰ অভিযোগ আৰু প্ৰতি-অভিযোগ শুনিব। এইবাৰ সকলো ক্লিয়াৰ হ’ব যেন লাগিছে। গগৈ+আজমল বনান সোণোৱাল+শৰ্মা+বৰা+ মহিলাৰী। কংগ্ৰেছও নো অকলে অকলে কিমান যুঁজিব? হিমন্তই যোৱাবাৰ নাচ দেখুৱাইছিল। এইবাৰ আকৌ কি দেখায় তাৰ ঠিক নাই। গগৈ-আজমলে একেলগে নাচিলে হিমন্তই পাট্টা নাপায়। পিছে হিমন্তই বা অহা নিৰ্বাচনত এই মিত্রতাক  কেনেকৈ তুলাধুনা দিয়ে? শৰ্মাৰ নিৰ্বাচনী ভাষনবোৰ কেনেকুৱা হ’ব? আমি গৈছিলো ৰাইজৰ কাষত। কেইজনমানে দিলে কিছু আমোদজনক উত্তৰঃ
১) আগতে কৈছিল “হু ইজ বদৰুদ্দিন?” আৰু আজি কৈছে “হামাৰা বদৰুদ্দিন”। ইমানতে কিয় সন্তুষ্ট হ’ব লাগে? নিজৰ চিম্বলটোও সলনি কৰি লুঙি-তুপী কৰক…
 ২) এইবাৰ হ’ব আই.পি.এলৰ শেষ যুদ্ধ। আচাম ৰাইনোজ বনাম বাংলাদেশ ইলিছ। আমাৰ লগত আছে সোণোৱাল, বৰা আৰু মহিলাৰী। তেওঁলোকৰ লগত আছে আজমল, হুছেইন, কাজমী আৰু গগৈ।
৩) সময় বৰ ভাল নহয়। গগৈয়ে আশা কৰি আছে মুখ্যমন্ত্রী পদ তেওঁ নিজে ৰাখি আজমলক গৃহমন্ত্রী পাতিব।  কিন্তু তেওঁ  পাহৰি গৈছে যে এই অসমীয়াই এদিন ঔৰংজেৱ আৰু মিৰজুমলাক বাধা দিছিল, আজমল কি বস্তু? আপোনালোকে আজমলক গৃহমন্ত্রী হ’ব দিবনে? ডাঙৰকৈ কওক_ আজমলক গৃহমন্ত্রী পাতিব নেকি?
৪) কংগ্ৰেছ নেতাবোৰে হেনো এতিয়া পিঠা খোৱা বাদ দিছে। বিৰিয়াণী খোৱা প্ৰেক্টিছ কৰি আছে।
৫) গগৈয়ে কৈছে বদৰুদ্দিনৰ পৰা হেনো আমাৰ বিপদ নাই? কিয় নাথাকিব? আপোনাৰ লগৰ এজনে বাংলাদেশত ঘৰ কিনা বুলি শুনিছো, আপুনিও যাব নেকি তাত?