চান্দাজীৱীক নাকী লগাব পাৰিবনে?

2743

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা উৎসৱ যোৱা দহ বছৰৰ ভিতৰত অসমত ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ হৈছে। বগা চোলা আৰু কলা পেন্ট পিন্ধা ছাত্ৰ সংগঠনৰ নেতাই এই ক্ষেত্ৰখনত মুখ্য ভুমিকা লৈ আছে । ছাত্ৰ সংগঠনৰ সমান্তৰালকৈ ৰাজনৈতিক সংগঠনো এই ক্ষেত্ৰখনত জড়িত হৈ থাকে তথাপি চান্দা উঠোৱা বিদ্যাত ৰাজনৈতিক দলৰ সংগঠনে ছাত্ৰৰ লগত পাত্তা নাপায়। দহ খন Oxford dictionary , পঞ্চাশ খন গামোচা ,বিশখন টেষ্ট পেপাৰ নামত চান্দা উঠোৱা ধমকি সৰ্বজন বিদিত ।
ছাত্ৰ সংগঠনৰ নেতা সকল যিহেতু ছাত্ৰ , সেয়ে  কিহৰ তাড়নাত ( নিজৰ ভৱিষ্যতৰ কথা ভাবিবলৈ এৰি) আন ছাত্ৰৰ কল্যাণ চিন্তা কৰি পঢ়াশালী এৰি ৰাজপথত আন্দোলন কৰে ? যিটো সময়ত অসমীয়া ডেকা ল’ৰাই ৩৩-৩৪ বছৰ বয়সলৈ বিয়া পাতিবলৈ ৰৈ থাকে  জীবিকাৰ তাড়নাত সেই একেখন সমাজতে একো একোজন ছাত্ৰ নেতাই ৪০-৪৫ বছৰ বয়স পৰ্য্যন্ত ছাত্ৰ সংগঠন কৰে আৰু ছাত্ৰ সংগঠন ত্যাগ কৰিয়েই হাই ভলটেজ বিয়া পাতে । অকল বিয়াই নহয় বহুতে নিৰ্বাচন খেলি বিধায়ক -মন্ত্ৰী সকলো হয় ।
ব্যৱসায়ীক চান্দা খোজা অ’দিও টেপ ভাইৰেল হোৱাত সমুজ্জল ভট্টাচাৰ্য্যই মুকলিকৈ কৈছিল যে অসমত ব্যৱসায়ী কৰিব বিচাৰিলে প্ৰটেকছন মানি দিবই লাগিব। চান্দাৰ মোহতে এই ৬০ বছৰীয়া মানুহজনে ছাত্র সন্থাক খামোচ মাৰি ধৰি থকা বুলি ভাবিবলৈ ৰাইজ বাধ্য হৈছে। এই ক্ষেত্ৰত বিজেপি লৈ আহি বিধায়ক হোৱা তপন গগৈয়ে আছু ত্যাগ কৰি ২০১৬ চনত যেতিয়া বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল তেতিয়া তেওঁ নিৰ্বাচন আয়োগত দিয়া সম্পত্তিৰ হিচাপে সাধাৰণ ৰাইজক আচৰিত কৰিছিল ।
চান্দা পাৰ্টিয়ে কেনেকৈ কাৰ পৰা চান্দা লয় ?  বৃহৎ অংকৰ চান্দা দিওতা আছিল আৰু আজিও আছে। সেই দিওতা কেইজনে কিয় আৰু কেনেকৈ ইমান বৃহৎ অংকৰ চান্দা দিয়ে? ব্লেকমেইল যদি চান্দাত জড়িত হৈ আছে তেন্তে চান্দা দিওতা সকলে কলা কাম কৰা লাইচেঞ্চ বা প্ৰটেকচন ধন হিচাপে ছাত্ৰ সংগঠনক চান্দা দিয়ে নেকি ? আন্দোলনৰ পেটেন্ট ছাত্ৰ সংগঠনে লোৱা বুলি বহুতে ধাৰণা কৰে । এনআৰচি , কেব বা কা , জলসিঞ্চন , ৰাস্তা নিৰ্মাণ ,কৃষি বিভাগ ইত্যাদি এনে এটা বিষয় নাই যিটোত ছাত্ৰ সংগঠনে আন্দোলন কৰা নাই । আনকি পৃথক ৰাজ্যৰ দাবীতো ছাত্ৰ সংগঠনে আন্দোলন কৰে ।  আন্দোলন মানেই ৰাজহুৱা সম্পত্তি ধ্বংস , এক্সটোৰচন , ধন দাবী , চান্দা ইত্যাদি । পৰোক্ষভাৱে উগ্ৰতা আৰু অনৈতিকতাক উদগনি যোগোৱা এই পৰম্পৰাই সমাজক ক্ষতি কৰিছে । আছুৰ পৰা অহা অতুল বৰা , কেশব মহন্ত , বিভিন্ন উগ্ৰপন্থী সংগঠনৰ পৰা আহি বিধায়ক হোৱা ব্যক্তি বিধানসভাৰ ভিতৰতে বহুত আছে । এজেৱাইচিপিৰ পৰা মন্ত্ৰী হোৱা চন্দ্ৰমোহন পাটোৱাৰী , আটছুৰ পৰা বিধায়ক হোৱা পল্লব লোচন , আবছুৰ পৰা বিটিচি প্ৰধান হোৱা প্ৰমোদ বড়ো অনেক উদাহৰণ আমি দেখিছো । বহু নেতাই ছাত্ৰ সংগঠন কৰি এতিয়া বিধায়ক, মন্ত্ৰী , বিষয়া ইত্যাদি । এনেকুৱা পৰিবেশত চান্দাৰ নামত ছাত্ৰ সংগঠনক সমালোচনা কৰা সকল বা চান্দা বিৰোধী সকলে জানো এই পৰম্পৰা বন্ধ কৰিব পাৰিব ।
এইক্ষেত্ৰত আৰক্ষী আৰু আইনৰ দুৰ্বলতাৰ সুযোগ লৈছে চান্দাজীৱীয়ে । কাৰণ চান্দাজীৱীক মেনেজ কৰিব পাৰিলে এজন ঘোচখোৰ চাকৰিয়ালো সমাজসেৱকলৈ ৰূপান্তৰ হব পাৰে ।
চান্দা ,ধন  দাবী ক’ত নাই ।সন্ত্ৰাসবাদী সংগঠনে বৈপ্লবিক অভিনন্দন জ্ঞাপন কৰি চলোৱা ধন দাবী কৰা কাৰ্য্যসুচী , বিহু , ভঠেলি , ছাত্ৰ সংগঠনৰ বাৰ্ষীক সভা , ৰাজনৈতিক দলৰ নিৰ্বাচনী মিটিং , ফুটবল টুৰ্ণামেন্ট  পৰা আৰম্ভ কৰি ঈদ মেহফিল , দুৰ্গা পুজা  , গাওঁবোৰত জনপ্ৰিয় হোৱা বাৰ্ষিক হোম , মহৰমলৈ সকলোতে চান্দা পৰম্পৰা এতিয়া বিৰাজমান । এনেকুৱা এক পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ ঘোষণাই কি ফল দেখুৱাব সময়ে উত্তৰ দিব ।