চিন্তন শিবিৰত নাই নতুন চিন্তা

447

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


একেৰেহে বহু নিৰ্বাচনত পৰাজিত হোৱা কংগ্ৰেছ দলে জয়পুৰত পাতিছিল চিন্তন শিবিৰ। অসুখী ছোনীয়া গান্ধী ভাৰপাপ্ত সভানেত্রী হিচাপে যোৱা ৩ বছৰ দলটো চলাই আছে। ৰাহুল গান্ধীয়ে নামত সভাপতিৰ পদ ত্যাগ কৰিছে কিন্তু দলৰ সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ তেওঁ লয়। প্ৰিয়ংকা গান্ধীক উত্তৰ প্ৰদেশৰ দায়িত্ব দিয়া হৈছিল যদিও তাতো দলটোৱে বেয়াকৈ মুখ ঠেকেছা খালে। এজন এজনকৈ শীৰ্ষ নেতাই দল এৰি গৈ আছে। এনে পৰিস্থিতিত নিৰাশ তৃণমূল কৰ্মীয়ে আশা কৰিছিল যে চিন্তন শিবিৰৰ পৰা কিবা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ব যাৰ ফলত দলটোৱে পুনৰ যুঁজ দিয়াৰ শক্তি পাব। কিন্তু চিন্তন শিবিৰৰ ফলাফল শুন্য। দলৰ শীৰ্ষ নেতৃত্বই কোনো সুদূৰপ্ৰসাৰী সিদ্ধান্ত লব নোৱাৰিলে। সকলোৱে ভোজ-ভাত খাই , ফটো উঠি গুছি আহিল। আকৌ প্ৰমাণ হ’ল যে কংগ্ৰেছে গান্ধী পৰিয়ালক বাদ দি আন কোনো চিন্তা কৰিব নোৱাৰে। কেনেকৈ তেওঁলোকক দোষমুক্ত কৰি তৈলমৰ্দন কৰি থাকিব পাৰে তাৰেই চিন্তাত বহুতো মুধাফতা নেতা অনপৰতে ব্যস্ত। তেওঁলোকে অনুভব কৰিব পৰা নাই যে ভাৰতবৰ্ষ সলনি হৈছে। যোগ্যতা নোহোৱা লোকক ভাৰতবৰ্ষৰ ৰাইজে ক্ষমতা নিদিয়ে ,তেওঁ যি পৰিয়ালৰে নহওক কিয়? ৰাহুল গান্ধীৰ কাণ্ড দেখি যিকোনো এজন সাধাৰণ ভোটাৰে কব পাৰিব যে তেওঁ প্ৰধানমন্ত্রীৰ যোগ্য নহয়। যিজন মানুহে ওৰিষ্যাক দক্ষিনাত্যত থকা বুলি কয়, যিয়ে উত্তৰ পূৰ্বাঞ্চলত কেইখন ৰাজ্য ‍আছে তাক নাজানে তেনে লোক এজনক ৰাইজে বিৰোধী দলপতিৰ মৰ্য্যাদাও দিয়া নাই। যদি কংগ্ৰেছে গান্ধী পৰিয়ালক এৰিবই নোৱাৰে তেন্তে দুবাৰ ব্যৰ্থ হোৱা ৰাহুলক বাদ দি অন্ততঃ এবাৰ প্ৰিয়ংকাক দায়িত্ব দি চাব পাৰিলেহেতেন। উত্তৰ প্ৰদেশ তেওঁৰ বাবে কঠিন প্ৰত্যাহ্বান আছিল কিন্তু দুই বছৰ সময় দিলে হয়তো কিছু হ’লহেতেন। প্ৰশান্ত কিশোৰেও সুযোগ বুজি টুইট দিছে যে কংগ্ৰেছৰ সভাৰ পৰা একো ফলাফল নোলাল। আমি নিশ্চিত যে গুজৰাটত পৰাজিত হোৱাৰ পিছত কংগ্ৰেছ পুনৰ চিন্তন শিবিৰ পাতিব। তাৰ পিছত শিবিৰ হ’ব ৰাজস্থান হৰাৰ পিছত। ২০২৪ত পৰাজিত হোৱাৰ পিছত আকৌ পাতিব। আনহাতে দলৰ আসনৰ সংখ্যা কমি গৈ থাকিব। ২০২৯তো চিন্তন শিবিৰ হ’ব কিন্তু তাত যোগদান কৰিবলৈ হইতো কংগ্ৰেছত কোনো নেতা নৰ’ব।