মই শিক্ষক…

2295
ৰাইজৰ চিঠি: উৎপল

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


 ‘একতাই পৰম বল’- এই বাক্যশাৰীৰ বুজনি দিয়া আমিবোৰে আজি নিজে ইয়াৰ পৰা বহুত দূৰত৷নিজৰ প্ৰাপ্য বিচাৰি নিজে হাঁহিয়াতৰ পাত্ৰ হৈ পৰিছো৷
সমস্যা সমাধানৰ নামত নিজকে আমি ভাগ ভাগ কৰি পেলাইছো৷প্ৰাথমিক শিক্ষক হিচাপে দেখুৱাব গৈ
 সন্মিলনী , ঠিকা ,নিয়মীয়া,অনিয়মীয়াৰ আদিৰ বিভিন্ন ভাওনা কৰিবলৈ ওলাইছো আৰু এচামে আৰাম চকীত বহী অভিনয় চাই  আছে৷
     আমাৰ প্ৰথম পৰিচয় হ’ল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক৷ইয়াৰ মাজত বিভেদ সৃষ্টি কৰি বিভিন্ন দল গঠন কৰি নিজৰ প্ৰাপ্য বিচাৰি গলে আমাৰ ‘একতাই পৰম বল’ সাধুকথাটোৰ দৰেই হব৷নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে পোহনীয়া কুকুৰৰ দৰে নেজ পেলাই দি গিৰিহঁতৰ কথাত হয়ভৰ দি বাঢ়ি দিয়া ভাতসাজৰ পৰা নিজৰ ভাগ হেৰুওৱা আৰু এচামৰ আত্মঅহংকাৰী মনোভাৱে পাবলগীয়া খিনি বহু দূৰলৈ
লৈ গৈ আছে৷
সময় যোৱাৰ লগে লগে সকলোৱে নিজৰ দক্ষতাৰ মাপকাঠিৰে প্ৰাপ্য আদায় কৰিব পৰা যাব৷
  বৰ্তমান সময়ত আমাৰ চৰকাৰী
প্ৰাথমিক বিদ্যালয়ৰ অৱস্থা পুতৌজনক৷চৰকাৰী বিদ্যালয় এতিয়া
 সমাজৰ মাহীমাকৰ চকু৷ প্ৰাপ্যৰ কাৰণে অসহযোগৰ ফলত গাওৰ এটি মূৰৰ   বিদ্যালয় খন ছাত্ৰ-ছাত্ৰীৰে ভৰপুৰ হৈ আছে ; আনহাতে আনটো মূৰত তলা ওলমি আছে৷সমাজত বু-বা চলিব৷একে শিক্ষক ভিন্ন মন৷এই ভিন ভিন মানসিকতাৰে চালিত হৈ থাকিলে আমাৰ সমস্যাৰ সমাধানৰ পথ জটিল হৈ পৰিব৷গতিকে ছাত্ৰ-ছাত্ৰীক একতাৰ পাঠ দিয়া শিক্ষক জাতিটোৱে নিজৰ প্ৰাপ্য আদায়ৰ বাবে একতাৰ ডোলেৰে মাৰ বান্ধি থিয় হব লাগিব৷
   শেষত ইয়াকে ভাবিবলৈ বাধ্য হম মানুহৰ মনত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে স্বীকৃতি দিয়াৰ সলনি পুৰণি কলীয়া সেই ‘পাঠশালা স্কুলৰ মাষ্টৰ’ উপলুঙা কথাশাৰী কাহানিও মচিব নোৱাৰিম৷