ছপা আকাৰে প্ৰকাশ পাব ৰাজনীতি অসম

1792
ৰাষ্ট্ৰহিতৰ মহান উদ্দেশ্য আগত ৰাখি জন্ম দিয়া অসমৰ প্ৰথম ৰাজনৈতিক ই- আলোচনী ‘ৰাজনীতি অসম’ এ অহা ৰঙালী বিহুত এক বছৰ সম্পূৰ্ণ কৰিব। ‘ৰাজনীতি অসম ‘ৰ যোৱা দহটা খণ্ডক ৰাইজে  আকোৱালি ল’লে , যিয়ে আমাক যঠেষ্ট অনুপ্ৰেৰণা যোগাইছে। ১০ মাহত আমাৰ আলোচনীৰ পঢ়ুৱৈৰ সংখ্যা ৭০,০০০ অতিক্ৰম কৰিছে। আমালৈ বহু লোকে অনুৰোধ কৰিছে যাতে আমি আমাৰ আলোচনী খন ছপা আকাৰে প্ৰকাশ কৰো। ৰাইজৰ আহ্বানক সন্মান জনাই আমি আমাৰ আলোচনী খনৰ এবছৰীয়া সংকলন এটা প্ৰকাশ কৰিবলৈ সিদ্ধান্ত লৈছো।  এপ্ৰিল ২০১৯ ৰ প্ৰথম সপ্তাহত প্ৰকাশ পাবলগীয়া আমাৰ আলোচনীখনত থাকিব যোৱা এবছৰৰ শ্ৰেষ্ঠ সাক্ষাৎকাৰ, ৰাজনৈতিক লিখনি, অপিনিয়ন প’ল আৰু ব্যংগৰ লগতে বহুতো নতুন আৰ্টিক’ল। কোৱা বাহুল্য যে যোৱা ১০ মাহত ৰাজনীতি অসমে অসমৰ বহুতো বাঘা বাঘা ৰাজনীতি বিদ যেনে তৰুণ গগৈ, দেবব্ৰত শইকীয়া, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, বিশ্বজিত দৈমাৰী, জয়ন্ত মল্ল বৰুৱা আদিৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছে। আশা ৰাখিছো ৰাইজে আমাৰ ছপা সংখ্যটোকো আদৰেৰে গ্ৰহণ কৰিব।
৬৪ পৃষ্টাৰ সম্পূৰ্ণ ৰঙীন আলোচনীখনৰ মুল্য হ’ব মাত্র ৩০ টকা। আগতীয়াকৈ আলোচনীখন বুক কৰিব বিচাৰিলে আমালৈ ই-মেইল যোগে যোগাযোগ কৰক। ডাক খৰচ আমি বহন কৰিম। ১০ খনতকৈ অধিক অৰ্ডাৰ কৰিলে পাব ৩০% ৰেহাই।
আমাৰ ইমেইলঃ rajniti.axom@gmail.com
আমাৰ ফোন নম্বৰঃ 7002307479