দায়িত্বহীন জনতাৰে কৰ’ণা প্ৰতিৰোধ সম্ভবনে?

1387
  • নৰেন কলিতা

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


অভূতপুৰ্ব বিপদৰ সন্মুখিন হৈছে দেশৰ জনতা আৰু দেশৰ ভৱিষ্যত । ৰাইজৰ প্ৰতিনিধি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনাকাংখিত বিপদৰ লগত মোকাবিলা কৰাৰ কাৰণে চৰকা্ৰৰ প্ৰতিটো বিভাগ আৰু ৰাইজক সজাগ আৰু তৈয়াৰ কৰাৰ বাবে দিন  ৰাতি একাকাৰ  কৰি অসমৰ ইমুৰৰ  পৰা সিমুৰ ঘুৰি আছে । ৫০ হাজাৰ ৰোগীক একেলগে চিকিৎসা প্ৰদান কৰিব পৰাকৈ হস্পিতল সাজু কৰা হৈছে । ডাক্তৰ,স্বাস্থ্য কৰ্মী সকলোৱে মহামাৰী প্ৰতিৰোধত নিজৰ সৰ্বস্য উজাৰী দিছে । হাতত মোবাইলটো লৈ ইউ টিউব ভিডিঅ’ চোৱা বা ৱাটচ এপত মেছেজ ভাইৰেল কৰা আজিৰ মানুহে বুজি পোৱা নাই ক’ৰ’ণাৰ ভয়াবহতা ।
ভুৱা নিউজ ভাইৰেল কৰা আজিৰ  প্ৰজন্মই এই মহামাৰীৰ পৰা বাচি থকাৰ পদ্ধতি ভাইৰেল কৰিব নোৱাৰে । ক’ৰ’ণা কোনো আইন বা আন্দোলন নহয় যে ইয়াৰ নামত আৰক্ষী বা অৰ্ধ সামৰিক বাহিনীয়ে ৰাইজক উত্তম মাধ্যম দিব লগা পৰিবেশ এটা সভ্য সমাজ বুলি দাবী কৰা সমাজৰ কাম্য ।

কিন্তু ছবি খন ওলোটা । বেমাৰক প্ৰতিৰোধ কৰাতকৈ বেমাৰক বিস্তাৰ কৰিবলৈ হে এচাম জনতা উঠি পৰি লাগিছে । যিটো সময়ত দুৰ্গত জনক স্বাস্থ্য কৰ্মী বা আৰক্ষীয়ে সহায় কৰাত নিমজ্জিত হ’ব লাগে , সেই সময়ছোৱাত নিয়ম ভংগকাৰীক লৈও আৰক্ষী আৰু স্বাস্থ্য কৰ্মী ব্যস্ত থাকিব লগাত পৰিছে । যিটো সময়ত ন্যায়ালয়ে জেলত থকা কিছু সংখ্যক  অপৰাধীক মুক্তি দিয়াৰ কথা চিন্তা কৰি আছে , সেই সময়ছোৱাতে আকৌ এচামে বিভিন্ন উৰা বাতৰি প্ৰচাৰ কৰি সমাজক বিপথে পৰিচালিত কৰিবলৈ প্ৰয়াস কৰি আছে , ছ’চিয়েল মিডিয়াত ৰাজনৈতিক অভিসন্ধিৰে চৰকাৰক সমালোচনা কৰি জনতাক আইন হাতত তুলিবলৈ উচতনি দি আছে । প্ৰধান মন্ত্ৰীয়ে ২১ দিনীয়া ল’ক ডাউন ঘোষণা কৰাৰ পিছতো মানুহক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী নিয়োজিত  হ’ব লগা হৈছে । চীনৰ পৰা অহা নিজ পুত্ৰৰ ভ্ৰমণৰ কথা হাইলাকান্দিত স্বয়ং পঞ্চায়ত সচিবে লুকাইছে । পশ্চিম বংগত ডাক্তৰ পিতৃয়ে লণ্ডনৰ পৰা অহা নিজ পুত্ৰক ঘৰত সোমাই নেৰাখি নিজেও হস্পিতলত ৰোগী চাই আছিল । সতৰ্ক নহয় আমি আৰু কথাই কথাই চৰকাৰক সমালোচনা কৰা  প্ৰতিষ্ঠিত ব্যক্তি সকলেই নিজৰ সমাজ খনক চৰম দুৰ্ভোগলৈ ঠেলি দিবলৈ কুন্ঠাবোধ নকৰে । হয়টো আমি বিলাক সুষ্ঠ থাকিবলৈ যোগ্য নহয় , মাত্ৰ ভুৱা খবৰ ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিবলৈ হে দক্ষ ।