সন্ত্ৰাসবাদী ভাল পোৱা এজন অসমীয়া বুদ্ধিজীবী

972
  • ৰাজকমল হালৈ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


‘ বুৰহান বানি এজন বিপ্লবী আছিল নে সন্ত্রাসবাদী আছিল, সেই বিষয়ে নিৰন্তৰভাৱে চলি থকা বিতর্ক আজিও অসমাপ্ত। আমি সেই বিতর্কত সােমাব বিচৰা নাই। আমাৰ বাবে বুৰহান বানি নামৰ মৃত যুৱকজন এটা শক্তিশালী আৰু জীৱন্ত প্রতীক। সেই প্রতীকে তথাকথিত মূলসুঁতিৰ মানসিকতাৰ মাজত বৈ থকা কেতবােৰ তলসুতীয়া ক্ষতিকাৰক বৈশিষ্ট্যৰ বিষয়ে স্পষ্ট আভাস দাঙি ধৰিব পাৰে। বিশেষকৈ ভৌগােলিকভারে Chicken neckৰ সিটো পাৰে অৱস্থিত অসমৰ গৰিষ্ঠসংখ্যক সচেতন খিলঞ্জীয়া লােকৰ মনৰ অনুভূতিবােৰৰ লগত মূলসুঁতিৰ ভাৰতীয় মানসিকতাটো সততে খাপ নাখায়। কিছু কিছু ক্ষেত্ৰত এক আধিপত্যশীল মানসিকতাৰে আগবঢ়া তথাকথিত মূলসুঁতিয়ে দাঁতিকাষৰীয়া অঞ্চলৰ স্বাধীনচিতীয়া চিন্তাক গুৰুত্বহীন কৰিবলৈকো কুণ্ঠাবােধ নকৰে। সেইবাবেই বুৰহান বানিৰ মৃত্যুৱে উত্তৰ-পূৰ্বাঞ্চলৰ সচেতন লােকৰ মনলৈ যিবােৰ আহুকলীয়া প্রশ্ন আনে, সেই একে প্রশ্ন বিহাৰ বা ৰাজস্থানৰ এজন শিক্ষিত ব্যক্তিৰ মনলৈ নাহে।  ‘
আপুনি যদি ভাবিছে যে উক্ত কথাখিনি কোনো ইচলামিক সন্ত্ৰাসবাদী  সংগঠনৰ নেতাৰ তেন্তে আপোনাৰ ভুল হৈছে । এইখিনি কথা হৈছে অসমৰ এজন লব্ধ প্ৰতিষ্ঠিত বুদ্ধিজীবী আৰু লেখকৰ । ময়ূৰ বৰা __অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিটিআৰৰ বাহিৰত থকা অঞ্চলৰ মহাবিদ্যালয় সমুহৰ বিভিন্ন অনুষ্ঠানত বক্তৃতা দিয়া  সুকন্ঠী এজন বুদ্ধিজীবী । কেব আন্দোলনৰ সময়ত অসমীয়া ভাষীক জাতীয়তাবাদী আবেগ সঞ্চাৰ কৰা গ্ৰন্থ প্ৰকাশ , মেল মিটিংত ভাষণ আছিল এইজন বুদ্ধিজীবীৰ প্ৰতিটো দিনৰ কৰ্মৰাজী । স্কুল কলেজৰ যুবচামক আবেগিক কৰি তোলা এইজন ব্যক্তিয়ে অসমীয়া ভাষা ৰক্ষাৰ আন্দোলনক নতুন মাত্ৰাও প্ৰদান নকৰা নহয় । সমস্যা এটাই যে এইধৰণৰ বুদ্ধিজীবীৰ সন্তান কিন্তু ইংৰাজী মাধ্যমৰহে ছাত্ৰ । শংকৰদেৱক মুৰ তুলি সন্মান কৰাৰ কথা কয় কিন্তু শংকৰদেৱক বামপন্থীও সজায় । তথাপি অসমীয়া সহজ সৰল মানুহে এওক হিৰেণ গোহাইৰ দৰে হব বুলি কেতিয়াও ভবা নাছিল । কিন্তু সময় গতিশীল । কাশ্মীৰত হিজবুল মুজাহিদিনৰ সন্ত্ৰাসবাদী বুৰহান ৱানি সুৰক্ষা বাহিনীৰ হাতত নিহত হোৱাৰ পিছতেই ওৰহি গছৰ ওৰ ওলাবলৈ আৰম্ভ কৰে । পাকিস্তানৰ সেনা প্ৰধান ৱাজবাই বুৰহান নামৰ সন্ত্ৰাসবাদী জনক ফ্ৰিদম ফাইটাৰ বুলি বিজ্ঞপ্তি দিয়াৰ পিছতেই ভাৰতৰ বৈদেশিক বিভাগে পাকিস্তানক সকিয়নি দিয়ে । সেইয়া আছিল ২০১৬ চন । লাহে লাহে ৱাজবাৰ ভাষাৰ সমৰ্থনত একাংশ লিবাৰেল বুলি ভবা শিক্ষাবিদে ভুমুকি মাৰে । জৱাহৰলাল নেহৰু বিশ্ব বিদ্যালয়ৰ শিক্ষক নিবেদিতা মেনন , ছাত্ৰ কনাইয়া কুমাৰ , ওমৰ ফাৰুকে বুৰহান ৱানিৰ মৃত্যুত শোক প্ৰকাশ কৰি বুৰহানৰ সমৰ্থনত গোটেই ভাৰতত প্ৰচাৰ চলায় । বুৰহান প্ৰেম কাশ্মীৰ, কেৰেলা ,দিল্লীৰ পৰা আহি অসমত প্ৰবেশ কৰে ।  ময়ূৰ বৰাই বুৰহানৰ হত্যাত ৰাষ্ট্ৰ সন্ত্ৰাস দেখা পালে আৰু হিৰেণ গোহাইয়ে চাৰ্জিল ইমামক প্ৰশংসাৰে ওপচাই পেলায় । অসমত কোনো এটা ইচলামিক সংগঠনৰ বিখ্যাত নেতাই বুৰহান বা চাৰ্জিলক সমৰ্থন কৰি মন্তব্য দিয়া চকুত নপৰে । তেনে স্থলত অমুচলমান বুদ্ধিজীবীয়ে কিয় ইচলামিক সন্ত্ৰাসবাদীক সমৰ্থন দিয়ে সেই কথা ৰহস্যৰ আৱৰ্তত ।