ধনী ঘৰৰ ছোৱলীবোৰে ধুনীয়া হৈ থাকক

2291
  • নয়ন কলিতা

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


সৰস্বতী পূজাৰ আগে আগে চ’চিয়েল মিডিয়াত এটা প’ষ্ট পঢ়িবলৈ পোৱা যায়। প’ষ্টটোৰ যোগেদি বহুতো মানুহে ধনী ঘৰৰ ছোৱালীবোৰলৈ আহ্বান জনায় যাতে তেওঁলোকে সৰস্বতী পূজাৰ দিনা বেছি দামী কাপোৰ, অলংকাৰ আদি নিপিন্ধে। এইবিলাক পিন্ধি তথা দামী মেক আপ কৰি ওলাই অহা এইবিলাক ছোৱালীক দেখি দুখীয়া ঘৰৰ ছোৱালীবোৰে মনত কষ্ট পায়। ধুনীয়া হৈ থাকিবলৈ কাৰনো মন নাযায়? কিন্তু অৰ্থৰ অভাবত দুখীয়া ছোৱালীবোৰে এই বিশেষ দিনটোত হিনমান্যতাত ভূগিব লগা হয়। চ’চিয়েল মিডিয়াৰ এনে প’ষ্টবোৰ যোৱা কেইবা বছৰ ধৰি চলি আছে কিন্তু বাস্তব ক্ষেত্রত এই আহ্বানবোৰৰ প্ৰতি কোনেৱো সহাৰি জনোৱা বুলি মনে নধৰে। সৰস্বতী পূজাৰ ধুনীয়া হোৱাৰ প্ৰতিযোগিতা দিনক দিনে বৃদ্ধি পাইছে। প্ৰায়বোৰ অসমীয়া টিভি চেনেলেও সৰস্বতী পূজাৰ দিনা চেল্ফি প্ৰতিযোগিতা পাতিয়েই আছে। কিয় কোনেও দুখীয়া ছোৱালীবোৰৰ কথা ভবা নাই? কিয় প্ৰত্যেক বছৰে বিউটি পাৰ্লাৰবিলাকত ভিৰ বাঢ়িয়েই আছে।
আচলতে আজিৰ ভোগবাদী সমাজত এনে প’ষ্টবোৰৰ কোনো মূল্য নাই। ধনী-দুখীয়াৰ মাজৰ ব্যবধান যে অকল সৰস্বতী পূজাতে প্ৰকাশ পায় তেনে নহয়। উৰুকাৰ দিনা যেতিয়া আপুনি ডাঙৰ মাছ এটা কিনি ফ’টো দিব তেতিয়াও দুখীয়া মানুহ এজনৰ অন্তৰত দুখ লাগিব পাৰে কাৰণ ইচ্ছা থাকিলেও তেওঁ সেই মাছ খাব নোৱাৰে। আপুনি এখন দামী গাড়ী কিনিলে , এটা বিশাল অট্টালিকা বনালে এই সকলোবোৰে আন কাৰোবাৰ মনত দুখ বা ঈৰ্ষাৰ জন্ম দিব পাৰে। সৰস্বতী পূজাত স্টাইল কৰিব খোজা ছোৱালীবোৰক যেনিবা আহ্বান জনালেই , বাকী কাক কিমান আহ্বান জনাব?
ধনী মানুহৰ ধন দেখি দুখীয়া মানুহৰ লৰা-ছোৱালীয়ে মনত দুখ পোৱাতকৈ আৰু বেছি কষ্ট কৰক।   বিল গেটছে এটা কথা কৈছিল যে দুখীয়া হৈ জন্ম লোৱাটো অপৰাধ নহয় কিন্তু দুখীয়া হৈ মৃত্যু হোৱাটো অপৰাধ। ঈশ্বৰে সকলোকে কাম কৰিবলৈ সমানে শক্তি দিছে। ধনী ছোৱালীবোৰৰ কাপোৰ দেখি মন বেয়া কৰাতকৈ দুখীয়া ছোৱালীবোৰে এইটো এটা চেলেঞ্জ হিচাপে লওক। সংকল্প লওক যে তেওঁলোকে যেনেদৰে আজি বঞ্চিত হ’ল তেনেদৰে যাতে তেওঁলোকৰ সন্তানজন বঞ্চিত হ’ব নালাগে। ভালকৈ পঢ়া শুনা কৰি সৎ পথত থাকি নিজকে সমাজত প্ৰতিষ্ঠা কৰক যাতে চিৰ জীবন দুখীয়া হৈ থাকিব নালাগে। গতিকে সৰস্বতী পূজাৰ দিনা ধনী ঘৰৰ ছোৱলীবোৰে ধুনীয়া হৈ ওলোৱাটো খুব প্ৰয়োজন।