বিজেপি আৰু আছুৰ মাজত সংঘৰ্ষৰ আৰঁত কংগ্ৰেছ: বনদ্বীপ ডেকা

7209

অসমৰ প্ৰথম মাহেকীয়া ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত বিজেপিৰ নলবাৰী জিলা সভাপতি বনদ্বীপ ডেকা

সাক্ষাৎকাৰ গ্ৰহণ কৰে পাৰ্থ প্ৰতিম লহকৰ আৰু পাৰ্থ সাৰথি দত্তই

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ৰাজনীতি অসম : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ক সময় দিয়াৰ বাবে ধন্যবাদ।

বনদ্বীপ ডেকা : আপোনালোককো সাক্ষাৎকাৰ লোৱাৰ বাবে ধন্যবাদ।

ৰাজনীতি অসম: গোটেই সংবাদ মাধ্যমতেই এই কেইদিন আপোনাৰ নাম চৰ্চালৈ আহিছে । বাতৰি কাকতত প্ৰকাশ পোৱা মতে আপোনাৰ নেতৃত্বত আছুৰ ল’ৰাখিনিক থানাৰ ভিতৰতেই প্ৰহাৰ  কৰা হৈছিল ২৭ জানুৱাৰীৰ দিনা । আপোনাৰ প্ৰতিক্ৰিয়া কি ?

বনদ্বীপ ডেকা : সম্পুৰ্ণ মনে সজা আৰু ভিত্তিহীন বাতৰি । আচলতে গোটেই ঘটনাটোত কংগ্ৰেছ দল জড়িত আছে । কাৰণ আছুৰ প্ৰতিবাদৰ মাজত সোমাই গৈ কংগ্ৰেছ কৰ্মী কিছুমানে গণতান্ত্ৰীক প্ৰতিবাদ এটাক হিংসাত্মক কৰি তুলিলে । মুল কথা কংগ্ৰেছ দল যেতিয়া ক্ষমতাত নেথাকে তেতিয়া দেশ বা ৰাজ্যৰ পৰিবেশটো বেয়া কৰিবলৈ অহৰহ চেষ্টা কৰি থাকে । এই ক্ষেত্ৰত আছুৰ নেতৃত্বই কথাবিলাক গুৰুত্ব সহকাৰে ল’ব লাগে । কেনেকৈ কংগ্ৰেছৰ কৰ্মী আৰু নেতাখিনিয়ে সেই স্থানত হিংসাত্মক কাৰ্য্য কৰিবলৈ সুবিধা পালে ।
ৰাজনীতি অসম: আপোনালোকৰ কৰ্মীৰ গাত যদি অলপো দোষ নাই  তেন্তে আছুৰ কৰ্মী কিছুমানে মুৰত কেনেকৈ আঘাত পালে ?
বনদ্বীপ ডেকা : চাওঁক যোৱাকালিৰ যিটো ৰেলী হৈছিল ,তাত হিমন্ত বিশ্ব শৰ্মা দেৱ প্ৰমুখ্যে মন্ত্ৰী সকলক আদৰি আনিবলৈ   হাজাৰ হাজাৰ বিজেপি কৰ্মী আৰু স্থানীয় লোকে অংশগ্ৰহণ কৰিছিল । আমাৰ গাড়ীলৈ প্ৰতিবাদকাৰীয়ে শিলগুটি দলিয়ালে । প্ৰতিবাদকাৰী যদি তাত ৬০ -৭০ জন আছিল  আৰু আমাৰ কৰ্মী আছিল ২-৩ হাজাৰ । আমাৰ কৰ্মী সংযত হৈ থকাৰ কাৰণেই পৰিবেশটো অধিক অৱণতি নহ’ল । স্পষ্ট কথা আছুৰ দৰে জাতীয় সংগঠন এটাৰ লগত বিজেপিৰ শত্ৰুতা আৰম্ভ কৰিবলৈ কংগ্ৰেছে গোটেই খেল খন খেলিলে । চ’চিয়েল মিডিয়াত সকলো কথা ফটফতিয়াকৈ প্ৰমাণ হৈ গ’ল যে প্ৰতিবাদত কোন কোন কংগ্ৰেছ নেতা জড়িত আছিল ।
ৰাজনীতি অসম: সমুজ্জ্বল ভট্টাচাৰ্য্যই ঘটনাটোৰ সন্দৰ্ভত চোকা সমালোচনা কৰিছে আপোনালোকৰ দল আৰু চৰকাৰক, কি ক’ব আপুনি ?
বনদ্বীপ ডেকা : আছুৰ লগত বিজেপিৰ  সংঘাত নাই । অসম আন্দোলনত বিজেপি দলৰ অটল বিহাৰী বাজপায়ী দেৱ , যশবন্ত সিং জী আদিৰ দৰে নেতাই আছুৰ কৰ্মীসকলৰ লগত মিলিত হৈছিল । অতি আচৰিত যে আজি শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক হত্যা কৰা দলটোৱে বিজেপিক বিৰোধ কৰাৰ সুবিধালৈ আছুৰ পতাকাখন ব্যৱহাৰ কৰিছে । সংবাদ মাধ্যমত আছু আৰু বিজেপি কৰ্মীৰ মাজত  মাৰপিত বুলি যি বাতৰি ওলাইছে ,  সেই বাতৰিক উদ্ধৃতি দি মই কওঁ যে অতীতক নাযাবা পাহৰি । কাৰণ নলবাৰীৰ ৰাজপথতেই   বাজপায়ী জীক পুলিচে আক্ৰমণ কৰিছিল , যেতিয়া তেওঁ হস্পিতালত আঘাত প্ৰাপ্ত ছাত্ৰ সন্থাৰ কৰ্মীক খৱৰ লবলৈ আহিছিল ।  নলবাৰীয়েই হওঁক বা অসমৰ আন অঞ্চলটো আছুৰ লগত বিজেপিৰ সংঘাত নাই । মাত্ৰ এটা তৃতীয় শক্তিয়ে বাৰে বাৰে সংঘাত সৃষ্টি কৰিবলৈ বিচাৰি আছে । ৰাইজে ইতিমধ্যে সেই শক্তিক চিনাক্ত কৰিছে ।
ৰাজনীতি অসম: নামনি অসমত বিজেপিয়ে কেইখন আসন পাব লোকসভা নিৰ্বাচনত ?
বনদ্বীপ ডেকা : মংগলদৈ , গুৱাহাটী এতিয়াও আমাৰ দখলতেই আছে আৰু অহা লোকসভাটো থাকিব । আজিৰ সময়ৰ  ৰাজনৈতিক উত্থান পতন চাই মই নিশ্চিত যে অহা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টি বিজেপিয়ে উদ্ধাৰ কৰিব ।
ৰাজনীতি অসম: আপুনি বয়সৰ দিশৰ পৰা অসমৰ কণিষ্ঠতম জিলা সভাপতি বা হয়তো দেশৰ ভিতৰতেই হ’ব । ৰাজনীতিত আপোনাৰ কিমান বছৰ হ’ল ?
বনদ্বীপ ডেকা :কিমান বছৰ হ’ল তৎক্ষণাত কোৱাটো অসুবিধা হ’ব ।  কলেজত থকা দিনত  হিন্দু যুব ছাত্ৰ পৰিষদত আছিলো , স্কুলত থকা দিনৰ পৰাই ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ এজন স্বয়ং সেৱক হৈ আছো , ইয়াৰ পিছত যুৱ মৰ্চাৰ ৰাজ্যিক সমিতিৰ দায়িত্বত আছিলো । এতিয়া দলে দিয়া দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিবলৈ
চেষ্টা কৰি আছো ।
ৰাজনীতি অসম: ৰাজনীতিৰ পথাৰ খনত আপুনি বহুদিন  থকা বুলি ক’লে ___ বিজেপিক সমুজ্জ্বল ভট্টাচাৰ্য্যইও   সমালোচনা কৰিছে আৰু অখিল গগৈও সমালোচনা কৰিছে । কিবা পাৰ্থক্য দেখেনে আপুনি ?
বনদ্বীপ ডেকা : পাৰ্থক্য ! আকাশ পাতাল পাৰ্থক্য । ভট্টাচাৰ্য্য ডাঙৰীয়া হ’ল জাতীয় সংগঠন এটাৰ নেতা  । দল – মত নিৰ্বিশেষে তেওঁ এজন সন্মানীয় ব্যক্তি । আনহাতে আন যিজন ব্যক্তিৰ নাম আপুনি লৈছে , তেখেতৰ নাম মই মুখত আনিবৰ ইচ্ছা নাই । তেওঁ হ’ল এজন বিচ্ছিন্নতাবাদী বাওঁপন্থী ।
ৰাজনীতি অসম: আছুৰ লগত বিজেপিৰ সংঘাত অহা সময়ত বৃদ্ধি হ’ব নেকি ?
বনদ্বীপ ডেকা : বিজেপিৰ জনসংঘৰ দিনৰ পৰাই আছুৰ লগত সংঘাত নাছিল আৰু আনাগত সময়তো বিজেপিয়ে সংঘাত নিবিচাৰে । আজিৰ আছুৰ নেতৃত্বই মনত কৰক জুইয়ে পোৰা তিৰাশীৰ দিনবোৰ , মনত কৰক খৰ্গেশ্বৰ তালুকদাৰক , মনত কৰক আবিদা বেগমক , মনত কৰক IMDT আইনৰ আৰঁৰ ব্যক্তিসকলক  । জাতিৰ শত্ৰু কোন আছুৱে নিজেই জানিব ।