নাগৰিকত্ব সংশোধনী _____আদৰ্শগত সংঘাত বনাম মৌলবাদীৰ সন্ত্ৰাস

1512
  • বিপ্লব ভট্টাচাৰ্য্য

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


২০১৯ ত কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব আইনৰ সংশোধনী আনে আৰু সংসদত গৃহিত হৈ আইনত পৰিণত হয় । আইনখনত তিনিখন বিদেশী ৰাষ্ট্ৰৰ কথা উল্লেখ আছে  আৰু তিনিওখন ৰাষ্ট্ৰই ইছলামিক আইন বলবৎ থকা ৰাষ্ট্ৰ ; তিনিওখন ৰাষ্ট্ৰই অখণ্ড ভাৰতৰ অংগ আছিল ।  আইনখনে এই তিনিখন ৰাষ্ট্ৰত ধৰ্মীয়  আতিশয্যৰ বলি হৈ ২০১৪ চনৰ  আগত ভাৰতলৈ অহা সেই ৰাষ্ট্ৰৰ ধৰ্মীয় সংখ্যালঘু লোকসকলক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিব ।  এই আইনখনক বিৰোধ কৰিছে প্ৰধানত: কংগ্ৰেছ আৰু বাওঁপন্থী দলে । আনহাতে অৰাজনৈতিক দল কিছুমানেও প্ৰবল বিৰোধীতা কৰিছে । তাৰ ভিতৰত জমিয়ত উলেমা ই হিন্দ , সৰ্বভাৰতীয় উলেমা পৰিষদ আদি ইছলামিক সংগঠন সমুহে ; আনহাতে অসমত এই আইনখনক বিৰোধ কৰিছে অসমৰ আগশাৰী ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থা  ( আছু ) আৰু অন্যান্য কিছুমান জাতি – গোষ্ঠীয় দলসমুহে ।  কংগ্ৰেছ , বাওঁপন্থী আৰু ইছলামিক সংগঠনে কৰা বিৰোধৰ লগত আছুৱে কৰা বিৰোধৰ কিন্তু সাংঘাতিক পাৰ্থক্য আছে । আমি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম এই সংগঠন সমুহৰ বিৰোধৰ কাৰণবোৰ ______
কংগ্ৰেছ আৰু বাওঁপন্থী :
এই দল দুটাই দোহাই দিছে সংশোধনী প্ৰক্ৰিয়াটোক অসাংবিধানিক আখ্যা দিছে , তেওঁলোকৰ যুক্তি হ’ল সংবিধানৰ ১৪ নং দঁফাক নস্যাত কৰিব এই আইনখনে । ১৪ নং দঁফা কি __ সমতাৰ অধিকাৰ । জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো নাগৰিক সংবিধানৰ চকুত সমান । প্ৰায় ডেৰটা শাৰীতেই সীমবদ্ধ এই দঁফা । উচ্চতম ন্যায়ালয়ত এই আইনখনৰ বিৰুদ্ধে শুনানি আৰম্ভ হ’ল । শুনানিৰ ফলাফল অতি স্পষ্ট । দঁফা ১৪ হৈছে ভাৰতীয় নাগৰিকৰ বাবে , কিন্তু দঁফা ১৪ বিদেশৰ মানুহক নাগৰিকত্ব দিয়াৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় । কিন্তু এবাৰ যিকোনো ব্যক্তি এজন ভাৰতীয় নাগৰিকত্ব পোৱাৰ পিছতহে দঁফা নং ১৪ ৰ আওঁতাত আহিব । কিন্তু একেখন ভাৰততেই আকৌ  জাতিৰ ওপৰত নিৰ্ভৰশীল সংৰক্ষণ ব্যৱস্থা আছে , ধৰ্ম ভিত্তিক পৃথক বিবাহ নীতি আছে , যিখন দেশত ট্ৰাইবেল জনসাধাৰণৰ বাবে ৬ ষ্ঠ অনুসূচীৰ ব্যৱস্থা আছে , ধৰ্ম ভিত্তিক চৰকাৰী সাহায্যৰ ব্যৱস্থা আছে । আদনান চমিৰ দৰে পাকিস্তানী মুছলমান ব্যক্তি এজনকো ভাৰতে নাগৰিকত্ব প্ৰদান কৰিছে নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত , তেনেস্থলত নাগৰিকত্ব সংশোধনী ২০১৯ আইনখনে যদি দঁফা ১৪ উলংঘা কৰে তেন্তে সংৰক্ষণৰ পৰা আৰম্ভ কৰি ৬ষ্ঠ অনুসূচী সকলো লোপ পাব লাগিব ।
একাংশ ইছলামিক সংগঠন :
দঁফা ৩৭০ লোপ হ’ল , তাৎক্ষণিক তিনি তালাক বিলুপ্ত হ’ল , উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰৰ সপক্ষে যুক্তি দিলে ___এই তিনিটা ঘটনাই ধৰ্মক দালালীৰ কাৰণে ব্যৱহাৰ কৰা সংগঠনক বিবুধিত পেলালে । তথাপি এই সংগঠনবিলাকে প্ৰতিবাদ কৰিবলৈ সুযোগ পোৱা নাছিল । কিন্তু সুযোগ আনি দিলে সংশোধনী আইনখনে ।  কাৰণ আইনখনক  কিছুমান ভাষিক আৰু জনগোষ্ঠীয় সংগঠনে বিৰোধ কৰিলে একমাত্ৰ অসমত । অকল গণতান্ত্ৰীক বিৰোধেই নহয় , চৰকাৰী বেচৰকাৰী সম্পত্তিৰ ক্ষতিসাধন কৰিলে , এম্বুলেঞ্চৰ পৰা আৰম্ভ কৰি মটৰ চাইকেল পৰ্য্যন্ত জ্বলিল । অসমত আৰম্ভ হোৱা জংগী আন্দোলন বিয়পি পৰিল সমগ্ৰ ভাৰতত , ইছলাম প্ৰধান অঞ্চল বিলাক এই আন্দোলনৰ লক্ষ্য স্থান হৈ পৰিল ।
সদৌ অসম ছাত্ৰ সন্থা :
অসমত আইনখন বলবৎ হ’ব এটা বিশেষ অঞ্চলত । এই অঞ্চলখিনি অসংৰক্ষিত । বিটিএডি , কাৰ্বি পাহাৰ , ডিমাচা , ৰাভা হাচং এইবিলাক অঞ্চলত নতুন সংশোধনীৰ প্ৰভাব নপৰে । কেব আন্দোলনৰ আগতে আছুৰ নেতৃত্বত অসম আন্দোলন হৈছিল । অৰ্থনৈতিক পেকেজ আৰু ৰক্ষাকবচৰ বাবদত ১৯৭১ চনলৈ অসমলৈ অহা সকলো বিদেশীক নাগৰিকত্ব দিয়া হ’ল অসম চুক্তিৰ আধাৰত । ভাৰতৰ কাৰণে বোজা অসমে ল’লে ছাত্ৰ সন্থাই কৰা চুক্তিৰ দ্বাৰা । ১৯৮৫ পিছত অসমত বহু কেইখন চুক্তি হ’ল । ভাৰতৰ ইতিহাসত সৰ্বকালৰ সৰ্বশক্তিমান চুক্তি বিটিচি চাক্ষৰ হ’ল । চুক্তি অনুসৰী ২০০৩ চনৰ পিছত অসম তথা ভাৰতৰ   কোনো ব্যক্তিয়ে ভুমি ক্ৰয় বা উপহাৰ হিচাপেও পাবলৈ অক্ষম হোৱা নিয়ম আহিল বিটিচিত ।  অসম চুক্তিৰ দ্বাৰা বিদেশী নাগৰিকৰ সমস্যাৰ কোনো পৰিৱৰ্তন নহ’ল । এতিয়া আকৌ নতুনকৈ পুনৰ নাগৰিকত্ব দিব খোজা হৈছে । ছাত্ৰ সন্থাই মানি ল’ব নোৱাৰে কাৰণ বিজেপিৰ লগত আদৰ্শগত পাৰ্থক্য আছে । আছুৱে ভাষা ৰক্ষা কৰিব জাতিৰ প্ৰাধান্যত কিন্তু বিজেপিৰ আদৰ্শত ধৰ্ম থাকিলেহে ভাষা থাকিব । আছুৱে উদাহৰণ দিব ত্ৰিপুৰা আৰু বিজেপিয়ে উদাহৰণ দিব ভাৰত বিভাজনৰ  । এইখন আদৰ্শগত সংঘাতৰ অন্ত সময়েহে নিৰূপণ কৰিব ।