পাকিস্তান ভয়ত ত্রস্তমান

1793
  • পাৰ্থ সাৰথি দত্ত

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


১৬ মে ২০১৪ । ভাৰতীয় মিডিয়াত সীমাহীন ব্যস্ততা। ৰাতিপুৱা ৬ বজাৰ পৰা লাইভ কভাৰেজ আৰম্ভ কাৰণ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিন। পিছ পৰি নাথাকিল পাকিস্হানী মিডিয়াও। ভাৰতীয় মিডিয়াৰ নিচিনা পেনেল মাতি পাকিস্হানী মিডিয়াইও চৰ্চা কৰিলে গোটেই দিনটো ভাৰতৰ নিৰ্বাচনৰ ফলাফলৰ বিষয়ে। মোডী ভাৰতৰ প্ৰধানমন্ত্রী হ’ব বুলি যেতিয়া পৰিস্কাৰ হৈ ওলাই পৰিল তেতিয়া পাকিস্হানী বুদ্ধিজীৱী সকল ভিতিগ্ৰস্হ হৈ পৰিল। তেওঁলোকৰ কথা বতৰা, ভাবত ভয়ৰ চিন স্পষ্ট ভাবে দেখা গ’ল। “মোডীয়ে পাকিস্হানক সুদাই নেৰে” , “জিন্নাই দেশ বিভাজন কৰি ঠিক কাম কৰিছিল” আদি মন্তব্য কৰি নিজৰ নিজৰ হতাশাৰ ছবিখন দাঙি ধৰিছিল। পৰবৰ্তী সময়চোৱাত তেওঁলোকে মোডী ডাঙৰীয়াক বিভিন্ন বিষয়ত প্ৰশংসা নকৰাও নহয়। বিশেষকৈ ভাৰতৰ প্ৰধানমন্ত্রীৰ বিদেশ নীতিৰ ফলত যে ভাৰত লাভবান হৈছে সেইটো তেওঁলোকে একেমূখে স্বীকাৰ কৰিছিল। অৰ্থনৈতিক ভাবে দেশক আগবঢ়াই নিয়াৰ বাবে ভাৰত চৰকাৰৰ প্ৰচেষ্টাক শলাগি পাকিস্হান চৰকাৰক সমালোচনাও কৰিছিল তেওঁলোকে।
২৬ ফেব্ৰুৱাৰী ২০১৯: ৰাতিপুৱা ৩:৩০ ভাৰতীয় বায়ুসেনাই পাকিস্তানত প্ৰবেশ কৰি বালাকোট অঞ্চলত জইচ-এ-মোহম্মদৰ এটা কেম্প ধ্বংস কৰে। এই আক্ৰমনত বহুতো সন্ত্রাসবাদী নিহত হোৱা বুলি খবৰ ওলাইছে। মন কৰিবলগীয়া কথা যে বালাকোট পাক অধিকৃত কাশ্মীৰত নপৰে। ইছলামাবাদৰ পৰা ৪ ঘন্টা দুৰত্বত অবস্তিত এই অঞ্চলত প্ৰবেশ কৰিবলৈ ভাৰতীয় সেনাই পাকিস্তানৰ বহু ভিতৰলৈ সোমাই গৈছিল। সন্ত্রাসবাদীক যোগ্য প্ৰত্যুত্তৰ দিয়া ভাৰতীয় সেনাক লৈ আজি গোটেই ভাৰতবাসী গৌৰবান্নিত। এনে লাগীছে যেন পুলৱামাত নিহত হোৱা আমাৰ ৪৪ জন জোৱানৰ আত্মাই শান্তি পাইছে। জইচ-এ-মোহম্মদ নামৰ যি সংগঠনটোৱে এই কাৰ্য্য সংঘটিত কৰিছে তাৰ মুৰব্বী হাফিছ চইদ পাকিস্হানত নিৰাপদে ঘূৰা ফিৰা কৰি আছে। পুতলা প্ৰধানমন্ত্রী ইমৰাণ খানৰ হাততো বিশেষ ক্ষমতা নাই। সেনা আৰু তথাকথিত জেহাদীৰ শাসন চলা পাকিস্হানত ন্যায়ালয় বিলাকৰ অবস্হাও দুখ লগা। এবাৰ কেইজনমান সন্ত্রাসবাদীক ন্যায়ালয়ত হাজিৰ কৰাৰ সময়ত বিচাৰপতিয়ে হাঁহি হাঁহি কৈছিল “এখেতসকলক মই কি শাস্তি দিম?”
স্বাভাবিকতে প্ৰশ্ন উঠিছে_ এতিয়া পাকিস্তানে কি কৰিব? পাকিস্তানে যদিও এই আক্ৰমনৰ ঘটনাৰ কথা স্বীকাৰ কৰিছে তথাপিও তেওঁলোকে এই আক্ৰমনৰ দ্বাৰা কোনো সন্ত্রাসবাদী নিহত হোৱাৰ কথা অস্বীকাৰ কৰিছে। The Dawn  নামৰ বাতৰিকাকত খনে ভাৰতে বোমা প্ৰেক্ষেপ কৰা ঠাইখিনিৰ ছবি প্ৰকাশ কৰি দাবী কৰিছে যে এই আক্ৰমন জনশুন্য মৰুভূমি এলেকাত কৰিছে। পাকিস্তানৰ এনে মন্তব্য নিত্যান্তই স্বাভাবিক কাৰণ তেওঁলোকে কেতিয়াও স্বীকাৰ নকৰে যে সন্ত্রাসবাদী সংগঠন বিলাক ISI ৰ পোহনীয়া আৰু সিহতক পাকিস্তানে প্ৰশ্ৰয় দি আছে। আমি পাকিস্তানক বিশ্বাস কৰাতকৈ নিশ্চয় আমাৰ সেনাক বিশ্বাস কৰিম। পাকিস্তানৰ হাতত এতিয়া দুটা ৰাস্তা_ এটা হ’ল এই ঘটনাটোৰ দ্বাৰা তেওঁলোকৰ কোনো লোক হতাহত নোহোৱা বুলি দাবী কৰি , মনে মনে বহি থাকা। আৰু দ্বিতীয়টো হ’ল ভাৰতৰ লগত যুদ্ধ কৰা। পাকিস্তানে যদি প্ৰথম বিকল্পটো বাছি লয় তেন্তে পাকিস্তানৰ জনসাধাৰণ হতাশ হ’ব। পাকিস্তানে যদি যুদ্ধৰ ৰাস্তা বাছি লয় তেন্তে সেইটো তেওঁলোকৰ বাবে আত্মঘাতী হ’ব। বৰ্তমান অৰ্থনৈতিক ভাবে জুৰুলা পাকিস্তানৰ যুদ্ধ কৰিলে কি অবস্হা হ’ব সেয়া সহজে অনুমেয়। পাকিস্তানৰ শেষ আশা হ’ল চীন। চীনে যদি পাকিস্তানো সহায় কৰিবলৈ আগবাঢ়ি আহে তেতিয়া কথা সুকীয়া কিন্তু বৰ্তমান পৰিস্হিতিত তেনে হোৱাৰ সম্ভাবনা তেনেই ক্ষীণ।সেয়েহে পাকিস্তানে শেষত নিজৰ মুখলজ্জা ধাকিবলৈ ভাৰতৰ এখন-দুখন মিগ বিমান ধ্বংস কৰা বুলি দাবী কৰি নিজৰ পিঠি থপ্ থপীয়াব পাৰে। আনহাটে ভাৰতে এই এটা আক্ৰমণ কৰিয়ে থমকি ৰ’ব বুলি ভাবিলে ভুল হ’ব। কাশ্মীৰ সমস্য সমাধান কৰিবলৈ হ’লে সীমাপাৰৰ পৰা হোৱা সন্ত্রাস বন্ধ হ’ব লাগিব। ইহতৰ প্ৰৰোচনাতে কিছুমান কাশ্মীৰী যুৱকেও ৰাষ্ট্ৰৰ বিৰুদ্ধে কাজ কৰ্ম চলাই আছে। ২৬ ফেব্ৰুৱাৰীৰ এই পদক্ষেপটো আৰম্ভনিহে মাত্র….আগলৈ বহু কৰিবলগীয়া আছে।