বংগৰ নিৰ্বাচন ,শংকিত মমতা আৰু বঙালী কাৰ্ড…..

7403
  • অগ্নিভ দত্ত

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


বিদেশীৰ ৰাজনীতি অসমত চলা সকলোতকৈ পুৰণি আৰু শক্তিশালী ৰাজনীতি ৷  অসমৰ বিদেশী সমস্যা সমাধানৰ কাৰণেই আৰম্ভ হৈছিল এন আৰ চিৰ কাম ৷ অসমৰ মানুহৰ কাৰণে এক আশা আছিল যে এন আৰ চি হলে বিদেশী চিনাক্তকৰণ হব ৷ ইতিমধ্যে বিভিন্ন চৰকাৰে বিভিন্ন সময়ত  সংসদত ঘোষণা কৰি আহিছে অসমত থকা বিদেশীৰ সংখ্যাৰ ওপৰত ৷ সেই পৰিসংখ্যা বিলাকৰ ওপৰত ভিত্তি কৰি সংখ্যাটো ৮০ -৯০ লাখৰ ভিতৰত হব বুলি অনুমান হয় ৷ আনহাতে অসমৰ প্ৰাক্তন ৰাজ্যপাল এচ কে সিনহাৰ প্ৰতিবেদনৰ মতে এই বিদেশীৰ সৰহ সংখ্যক বাংলাদেশৰ মুছলমান ৷
    এন আৰ চিৰ কামৰ সেইকাৰণে গুৰুত্ব আছিল ৷ কংগ্ৰেছ দলৰ কাৰণে এন আৰ চিৰ কাম সম্পূৰ্ণ নকৰাটো আছিল ৰাজনৈতুক কুট কৌশল ৷ কংগ্ৰেছৰ ভোট বেংক ৰাজনীতিৰ অন্ত পৰাৰ সম্ভাৱনা আছিল এন আৰ চি সম্পুৰ্ণ হ’লে  ৷ গতিকে চলিছিল বিভিন্ন অজুহাতত এন আৰ চিৰ কাম বন্ধ ৰখাৰ চক্ৰান্ত ৷ আনহাতে বাংলাদেশী মুছলমানসকলৰ স্বাৰ্থৰ খাতিৰত  বিভিন্ন পক্ষই চলাই গৈছিল বিভিন্ন অপপ্ৰচাৰ ৷ হীৰেণ গোহাঁই আদিৰ দৰে মানুহে বাংলাদেশী মুলৰ মুছলমানৰ মুখপাত্ৰৰ দৰে কাম, কৰিছিল ৷ যোৱা ৩-৪ বছৰত এন আৰ চিৰ কাম আৰম্ভ হোৱাৰ পৰা প্ৰতি সপ্তাহে ২-৩ টাকৈ নিৱন্ধ অসমীয়া বাতৰি কাকতত লিখি আহিছে গোহাঁই ডাঙৰীয়াই  ৷ সেই নিৱন্ধবোৰ চালে দেখা যায় যে মোডী চৰকাৰক গালি পৰা আৰু বাংলাদেশী মুছলমানৰ  স্বাৰ্থ ৰক্ষাই আছিল তেখেতৰ মুল কথা  ৷
   ৩০ জুলাইত এন আৰ চিৰ খছৰা প্ৰকাশ হব বুলি খাটাং হোৱাৰ লগে লগে বাংলাদেশী মুছলমানসকলৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে  ৰাষ্ট্ৰসংঘকো সাঙুৰি লোৱা হ’ল  ৷ ৭০-৮০ লাখ বাংলাদেশী মুছলমানৰ নাম কটা যাব বুলি প্ৰচাৰ চলোৱা হ’ল ৷  অৱশেষত ৩০ জুলাইত খছৰা প্ৰকাশ পালে ৷ ৪০ লাখ মানুহৰ নাম কটা গ’ল ৷ লগে লগে আমাৰ একাংশৰ স্ফুৰ্তীৰ শেষ নোহোৱা হ’ল, মেট্ৰীকত স্থান পোৱা ছাত্ৰৰ দৰে  মিঠাই খোৱা দৃশ্য চকুত পৰিল  ৷ এবাৰলৈও ভাবি নাচালে ৪০ লাখ সংখ্যাটোৰ ভিতৰত আছে কি  ? আচৰিত ধৰণে এই ৪০ লাখ সংখ্যাটো অহাৰ লগে লগেই হঠাৎ একাংশ বুদ্ধিজীবি নিমাত হ’ল বা সুৰ সলনি কৰিলে  ৷ লাহে লাহে ৪০ লাখ সংখ্যাটোৰ কবচ খুলিবলৈ আৰম্ভ কৰিলে ৷ বিভিন্ন বাতৰি কাকতত প্ৰকাশ পোৱা মতে ৪০ লাখ সংখ্যাটোৰ কেইবা লাখো নেপালী হিন্দু,  কেই লাখ মান বঙালী হিন্দু,  কেইলাখ মান খিলঞ্জীয়া অসমীয়া ( হিন্দু – মুছলমান  সকলো ধৰ্মৰ), বিহাৰী,মাৰোৱাৰী ইত্যাদি ৷ মুঠ হিচাবত ২০ লাখ মান হয়তো বাংলাদেশী  মুছলমানৰ (!) নাম কটা গ’ল, যিটোৰ আকৌ বেছি সংখ্যক মহিলা আৰু সৰু ল’ৰা- ছোৱালী ৷ গতিকে এইটো সংখ্যাকলৈ আৰু চিঞঁৰ বাখৰ কৰাৰ প্ৰয়োজন নোহোৱা হৈ পৰিল এই স্বাৰ্থজড়িত চক্ৰটোৰ ৷
  তাৰ ঠাইত সুবিধা ললে মমতা বেনাৰ্জীয়ে ৷ হিন্দু, মুছলমান একাকাৰ কৰি খেলি দিলে বঙালীৰ কাৰ্ড ৷ দেখাত মমতাৰ প্ৰভাৱ অসমত বেছি নপৰিল বা  তাৰ প্ৰয়োজনো নাছিল মমতাৰ কাৰণে কিন্তু এই খেলটোৰ পৰা  মমতাই  দৃষ্টি আকৰ্ষন কৰিলে বংগত ৷ বিজেপিয়ে পশ্চিম বংগত এক সৱল খোজ পেলাইছে ,  মমতাৰ চিন্তাৰ কাৰণ হৈ পৰিছে অমিত শ্বাহ । সেয়ে মমতাই এনআৰচি য়ে দিয়া সুযোগৰ সদব্যৱহাৰ কৰিলে ।
   যি কি নহওঁক,  বাংলাদেশী মুছলমানৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে যিদৰে চিঞঁৰ বাখৰ চলিছিল তাৰ বিপৰীতে কিন্তু  খিলঞ্জীয়া সকলৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ ক’তো চিঞঁৰ বাখৰ নহ’ল ৷ কিমানে  মমতাৰ ট্ৰেপত ভৰি থলে  ইয়াৰ ফলাফল অনাগত দিনবোৰতহে গম পোৱা যাব হয়তো ৷