উচ্চ শিক্ষাখণ্ডত বিনিয়োগ …..

3459
  • চুমি কলিতা

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


    বৰ্তমানৰ শিক্ষা ব্যৱস্থা ছেমিষ্টাৰ পদ্ধতিৰে পৰিচালিত হয়।ছেমিষ্টাৰ শব্দৰ অভিধানগত অৰ্থ হৈছে”ষাণ্মাসিক ”  অৰ্থাৎ ছয় মাহৰ অন্তৰে অন্তৰে।সেই অনুসৰি ছেমিষ্টাৰ পৰীক্ষাসমূহ ছয় মাহৰ অন্তৰে অন্তৰে অনুষ্ঠিত কৰিব লাগে আৰু এই ছমাহৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলক হম এচাইনমেণ্ট,চেমিনাৰ,ইণ্টাৰনেল এছেছমেণ্ট,প্ৰজেক্ট, ডিচাৰটেছন আদি বিভিন্ন শৈক্ষিক উপকৰণৰ মাজত ব্যস্ত ৰখা হয়।আমাৰ দিনত স্নাতকোত্তৰ পাঠ্যক্ৰমটো দুবছৰীয়া আছিল।এবছৰৰ মূৰে মূৰে দুটাকৈ পৰীক্ষা হয়।আমি গোটেই বছৰটো গোগ্ৰাসে পঢ়োঁ আৰু বছৰৰ মূৰত পৰীক্ষা দিওঁ।পৰীক্ষাত কি প্ৰশ্ন আহিব আমাৰ কোনো ধাৰণা নাথাকে,উত্তৰবহী কোন বিশ্ববিদ্যালয়ত কোনে পৰীক্ষা কৰিব তাকো গম নাপাওঁ,ইণ্টাৰনেল নম্বৰৰো কোনো ব্যৱস্থা নাথাকে।গতিকেই বছৰটো খুঁটিনাতি মাৰি পঢ়ি গোটেই  পাঠ্যক্ৰমখিনি শেষ নকৰাকৈ আমাৰ পৰীক্ষাত বহাৰ আৰু উত্তীৰ্ণ হোৱাৰো কোনো উপায় নাছিল।কিন্তু ছেমিষ্টাৰ পদ্ধতি হোৱাৰ পিছত কথাবোৰ সম্পূৰ্ণ সলনি হৈ গল।সুদীৰ্ঘ দিন ছেমিষ্টাৰ পদ্ধতিত শিক্ষাদান কৰি মই মনলৈ বহুত কথা আহি আছে।ছেমিষ্টাৰ পদ্ধতিৰ পাক লগা কথা কিছুমানৰ লগতে আৰু কেতবোৰ ভাবনাই মনটোক ভবাই তুলিছে।বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ৰ এম.এ শ্ৰেণীত মই ভাষাতত্ত্ব পঢ়োৱাও।আটাইবোৰ ছাত্ৰ-ছাত্ৰীয়েই স্নাতক শাখাত প্ৰথম শ্ৰেণী বা নৰ্মচ পাই অহা।কিন্তু আচৰিত লাগে যেতিয়া এম.এৰ পৰ্য্যায়ত আহিও তেওঁলোকৰ অধিকাংশই (নব্বৈ শতাংশতকৈও অধিকে ) কাৰক কি,ক্ৰিয়া কি,বাক্য কেইপ্ৰকাৰৰ,কোনটো সৰল,কোনটো জটিল বাক্য,অলংকাৰ কি,ছন্দ কি আদি একো এটাই কব নোৱাৰে।
     মোৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই মুহূৰ্তত এই লেখাটো পঢ়ি আছে,তেওঁলোকে বেজাৰ পাব নালাগে।কাৰণ তেওঁলোকক সমালোচনা বা হতাশ কৰোৱাটো মোৰ উদ্দেশ্য নহয়। মই ভাবি আছোঁ,এই সমস্যাৰ শিপা আৰু সমাধান  সম্পৰ্কত অন্যান্য শিক্ষক বা সচেতন ব্যক্তিৰ মতামত কি হব পাৰে! এই পদ্ধতিৰে পৰীক্ষা ব্যৱস্থাত যিমান ভাল ফল দেখালেও ব্যৱহাৰিক জীৱনত কিন্ত্ত ছাত্ৰ-ছাত্ৰীসকল ইকুল সিকুল কোনো কুলৰে নহয়গৈ।সমগ্ৰ শিক্ষা ব্যৱ্স্থাটোৱেই কেৱল নম্বৰভিত্তিক হৈ পৰিছে।প্ৰবেশিকাতে হওক বা উচ্চতৰ মাধ্যমিকতে,স্নাতকতে বা স্নাতকোত্তৰতে,ৰেডিমেদ প্ৰশ্ন কেইটামানৰ উত্তৰ তৈয়াৰ কৰি মুখস্থৰ দ্বাৰা ভাল ৰিজাল্ট কৰা যায় ঠিকেই।কিন্তু জ্ঞানৰ ঘৰত ছাত্ৰ-ছাত্ৰীসকল অপৰিপক্ক হৈ থাকে।অপৰিপক্ক জ্ঞানেৰে মাৰ্কছিটখনৰ বলত কলেজ বা ইউনিভাৰ্ছিটিত চাকৰি এটা পালেও ছাত্ৰ-ছাত্ৰীৰ সন্মুখত বৌদ্ধিক প্ৰজ্ঞাৰে মুখামুখি হোৱাৰ সাহস তেওঁলোকে হেৰুৱাই পেলায়।বহু সময়ত নিজৰ অক্ষমতাক ঢাকিবলৈ তেওঁলোকে কৃত্ৰিমভাৱে খং,অশান্তি,বিৰক্তি আদিৰ মুখা এখন পৰ্যন্ত পিন্ধিবলগীয়া হয়।
       “তোমালোক মূৰ্খ,গৰুৰ দল,একো এটা নাজানা” বুলি পৰা গালিটোতো দৰাচলতে শিক্ষক হিচাপে আমাৰেই অক্ষমতাবোৰ লুকাই থাকে।শ্ৰেণীকোঠাত কোনো ছাত্ৰই আমাৰ ক্লাছ লবলৈ আগ্ৰহী নহলে মই ভাবোঁ ,সেয়াও আমাৰ জ্ঞানৰেই ব্যৰ্থতা।মহাবিদ্যালয়ৰ ক্ষেত্ৰত আভ্যন্তৰীণ আৰু বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত সমগ্ৰ নম্বৰ ব্যৱস্থাটোও শিক্ষকসকলৰ হাতৰ মুঠিতে থকা ৰীতিয়েও বহুখিনি অক্ষমতাৰ ঢাল হিচাপে কাম কৰে।
      মোৰ মনলৈ এই ভাবনাও  আহি থাকে  যে এখন বিশ্ববিদ্যালয়ৰ এটা বিভাগত নিম্নতম সাতজন শিক্ষক থাকিলে আৰু তেওঁলোকৰ দৰমহা গড়ে প্ৰতি আশীহাজাৰকৈ( অধ্যাপক,সহকাৰী অধ্যাপক,সহযোগী অধ্যাপক আদিৰ ভিত্তিত দৰমহা কম বেছি হয়) হলেও বছৰত চৰকাৰে বহন কৰে
    80,000×7=5,60,000 (এমাহত) গতিকে
    5,60,000×12=67,20,000(এবছৰত)গতিকে
    67,20,000×2=1,34,40,000 (দুবছৰত)
অৰ্থাৎ এক কোটি চৌত্ৰিশ লাখ চল্লিশ হাজাৰ টকা। কথা হ’ল এই বৃহৎ ধনৰ বিনিময়ত প্ৰতি দুবছৰৰ মূৰে মূৰে দৰাচলতে একোটা বিভাগৰ পৰা  কিমানকেইজন ব্যৱ্হাৰিকভাৱে ( বা আনুষ্ঠানিকভাৱেও )শিক্ষিত ছাত্ৰ-ছাত্ৰী বা মানৱ সম্পদ নিৰ্মাণ কৰিব পাৰিছোঁ বুলি আমি শিক্ষকসকলে  বিশ্বাস কৰোঁ ? অৱশ্যে এবাৰ বিভাগৰ পৰা ওলাই যোৱাৰ পিছত অধিক ক্ষেত্ৰতে আমাৰ ছাত্ৰ-ছাত্রীহঁতে কি কৰিছেগৈ খবৰ ৰখাৰ আমি দায়িত্ব অনুভৱ নকৰোঁ বা আমাৰ প্ৰয়োজনো নাই।
মই ভাবোঁ, ছাত্ৰ-ছাত্ৰীসকলক যন্ত্ৰ নসজাই প্ৰকৃত অৰ্থত প্ৰকৃত শিক্ষাৰে এগৰাকী শিক্ষিত ব্যক্তিতকৈও এগৰাকী সফল ব্যক্তিৰূপেহে গঢ় দিয়াৰ বাবে চৰকাৰে নতুন শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিব লাগে।