বিজেপিৰ আশাঃ পশ্চিমবংগ আৰু অসম

1733

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


প্ৰায় ডেৰবছৰমান আগতে ভাৰতবৰ্ষৰ প্ৰায় ৭৫% ভুভাগত শাসন কৰা বিজেপিয়ে ক্ৰমাগত ভাবে কেইবাখনো ডাঙৰ ৰাজ্য হেৰুৱালে। যোৱাবছৰ মধ্যপ্ৰদেশ, ৰাজস্থান আৰু চত্তিছগড়ত পৰাজয়ৰ পিছত এইবছৰ হাতৰ পৰা গ’ল মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডও । কোনোমতে হাৰিয়াণাত চৰকাৰখন বনালে। ফলত ৭৫% ৰ পৰা কমি আহি ৩৫% পালে। ডাঙৰ ৰাজ্য (১০ খনতকৈ বেছি লোকসভা আসন থকা) বিজেপিৰ হাতত আছে মাত্র ৫ খন; উত্তৰ প্ৰদেশ, গুজৰাট, কৰ্ণাটক, অসম আৰু হাৰিয়াণা। সহযোগীৰ নেতৃতত শাসনত আছে বিহাৰ। সেইবাবে পৰবৰ্তী ৰাজ্যিক নিৰ্বাচনবোৰ বিজেপিৰ বাবে হ’ব অত্যন্ত গুৰুত্বপূৰ্ণ। অহা ডেৰবছৰৰ ভিতৰত নিৰ্বাচন হ’ব লগীয়া ৰাজ্যকেইখন হ’ল দিল্লী, বিহাৰ, অসম, পশ্চিমবংগ, তামিলনাডু আৰু কেৰেলা। বিজেপি নেতৃত্বই ভালদৰে জানে যে দিল্লী, তামিলনাডু আৰু কেৰেলাত বিজেপিৰ কোনো সম্ভাবনা নাই। দিল্লীত অৰৱিন্দ কেজৰীৱালে দিল্লীৰ আটাইকেইখন আসন পাব বুলি দাবী কৰিছে। দিল্লী ৰাজ্য চৰকাৰে যোৱা ৫ বছৰত যি কাম কৰিছে সেয়া আজিলৈকে কোনো চৰকাৰে কৰিব পৰা নাই বুলি অনেকে কয়। সেয়েহে কেজৰীৱালে ৭০ খন আসন পালেও আচৰিত হ’বলগীয়া নাই। বিহাৰত নিতিশ কুমাৰক বাদ দি বিজেপিয়ে অকলে একো কৰিব নোৱাৰে। বিজেপিৰ নিজৰ ৩০% উচ্চবৰ্ণ অাৰু নীতিশ-পাছোৱানৰ ২০% নিম্ন জাতিৰ ভোটেৰে এন.দি.এ বিহাৰত সুৰক্ষিত। কিন্তু ইয়াৰ সকলো ক্ৰেডিত পাব নিতিশ কুমাৰে। জিকিলেও বিজেপিৰ উৎসাহিত হ’ব লগীয়া বিশেষ একো নাই।
দক্ষিণৰ দুখন ৰাজ্য তামিলনাডু আৰু কেৰেলাত বিজেপিয়ে খাটা খুলিব হ’লেও কষ্ট কৰিব লাগিব। তামিলনাডুত অহা বিধানসভা নিৰ্বাচনৰ পিছত এ.আই.এ.ডি.এম.কে প্ৰায় নিশেষ হৈ যাব বুলি ৰাজনৈতিক পণ্ডিতসকলে ধাৰণা কৰিছে। আম্মাৰ মৃত্যুৰ পিছত দলটো গুৰিয়ালহীন হৈ পৰিছে। ডি.এম.কেৰ ষ্টেলিনক ৰজনীকান্তে কিছু প্ৰত্যাহ্বান হইতো জনাব। কেৰেলাত কংগ্ৰেছ ৰ প্ৰত্যাবৰ্তন হ’ব পাৰে।
বিজেপিৰ আশা নিবদ্ধ থাকিব পশ্চিমবংগ আৰু অসমত। পশ্চিমবংগ লোকসভাত চমকপ্ৰদ প্ৰদৰ্শন কৰি বিজেপিয়ে লাভ কৰিছিল ১৮খন আসন। মোদী ঢৌত জয়ী হোৱা বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ দুৰ্বলতা নিশ্চয় চিন্তাৰ কাৰণ। সেইবাবে সৌৰভ গাংগুলীক মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী কৰি নিৰ্বাচন জয়ী হোৱাৰ পৰিকল্পনা কৰিছে বিজেপিয়ে। অসমত যদিও “কা” কলৈ বিৰোধিতা হৈছে তথাপিও অসমত জয়ী হ’ব বুলি কেন্দ্ৰীয় নেতৃত্ব প্ৰায় নিশ্চিত। বঙালী হিন্দু, চাহ জনগোষ্ঠী আৰু জনজাতিসকল এতিয়াও বিজেপিৰ পক্ষত। কংগ্ৰেছৰ দুৰ্বল নেতৃত্বইও বিজেপিক সকাহ দিছে। সেয়েহে অহা ডেৰবছৰত কেবল অসমেহে দিব পাৰে বিজেপিক ভাল খবৰ। পশ্চিমবংগত মমতাৰ লগত কিমান যুঁজ দিব পাৰে সেয়া সময়েহে কব কিন্তু বৰ্তমানলৈ তাত মমতা বেনাৰ্জী আগবাঢ়ি আছে।