যতীন বৰাঃ সুবিধাবাদী নম্বৰ ১

1644
  • জয়ন্ত বড়ো

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ৰাজনীতিত এচাম মানুহ বতৰ বৈজ্ঞানিক ৰূপে জনাজাত। এইজাত মানুহৰ কোনো নীতি-আদৰ্শ নাই। ৰাজনৈতিক বতাহজাক যি পিনে বলে এই চাম মানুহ সেইপিনে ধাবমান হয়। লোক জনশক্তি দলৰ সভাপতি ৰাম বিলাস পাচোৱান ইয়াৰ ভিতৰত অন্যতম। দেৱেগৌড়া, গুজৰাল, বাজপেয়ী, মনমোহন সিং বা মোদী যাৰেই চৰকাৰ নাথাকক কিয় , কেবিনেটত পাছোৱান থাকিবই। নিৰ্বাচনৰ আগে আগে বতৰৰ আগজাননি জানিবলৈ হ’লে পাছোৱানৰ গতি বিধি লক্ষ্য কৰিলেই হ’ল। ফলাফলৰ উমান পোৱা যাব।
অসমতো আছে এজন পাছোৱান। ১৫ বছৰ কংগ্ৰেছ শাসনত থকা সময়ত কংগ্ৰেছী নেতাসকলৰ লগত হলি গলি কৰি সুবিধা আদায় কৰিছিল। আনকি ব্যক্তিগত টেলিভিছন চেনেল এটাত আহি তেতিয়াৰ বিজেপি সাংসদ ৰাজেন গোহাঁইৰ বিৰুদ্ধে কটু মন্তব্য কৰিছিল। অসমীয়া ছবিজগতৰ ৰত্নাকৰ যতীন বৰাৰ বতৰৰ সম্পৰ্কে জ্ঞান পাছোৱানতকৈ কোনো গুণে কম নহয়। ২০১৬ ত বিজপিৰ সপক্ষে বতাহ বলাৰ উমান পাই বিজেপিত যোগদান কৰে। চলচিত্র নিগমৰ অধ্যক্ষৰ নিচিনা সন্মানীয় পদত অধিষ্ঠিত হয়। এনেতে আহিল ‘কা’। ৰাইজৰ ৰোষৰ সন্মুখীন হোৱাৰ ভয়ত বিজেপি দল ত্যাগ কৰাৰ ঘোষণা কৰিলে। ঘোষণা কৰিয়ে মানুহজন অন্তৰ্ধান হ’ল। এতিয়া শুনিছো আকৌ বিজেপিত যোগদান কৰাৰ মন মেলিছে। মেৰুদণ্ডহীন এনে ব্যক্তিৰ পৰা বিজেপি ,কংগ্ৰেছ সকলো দলেই দুৰত্ব স্থাপন কৰিব লাগে। এওঁলোকে কেবল নিজৰ স্বাৰ্থ সিন্ধি কৰিব জানে। দেশ, জাতি সকলো গৌণ।
তাৰকাৰ সমাবেশেৰে ‘কা’ বিৰোধী আন্দোলন
কা বিৰোধী আন্দোলনত সমাবেশ হৈছে অগনন তাৰকাৰ।  ভাল কথা। কিন্ত প্ৰশ্ন হয় এই তাৰকা সকলে জাতিৰ স্বাৰ্থত ওলাই আহিছে নে নিজৰ টি.আৰ.পিৰ স্বাৰ্থত ওলাই আহিছে? সচাকৈ অসমীয়া জাতিক ভাল পায় কাৰণে চকুপানী তুকিছে নে মঞ্চত  নিজৰ অভিনয় প্ৰতিভা প্ৰদৰ্শন কৰিছে? ভ্ৰাম্যমাণৰ নিজৰ নাটক তথা অহা বহাগ বিহুৰ ফাংচনৰ বাবে নিজৰ প্ৰমোচন কৰা নাইটো? এনেবোৰ প্ৰশ্ন আমি নিজকে সুধিব লাগিব। কা বিৰোধী মঞ্চখন ব্যক্তিগত মুনাফা লাভৰ বাবে ব্যবহাৰ কৰিব দিব নোৱাৰি। যোৱাবছৰো এনে এটা সমদল হৈছিল কেব বিৰোধী।  ৰাজ্যসভাত সংখ্যা নথকাৰ বাবে বিজেপিয়ে পাছ কৰাব নোৱাৰিলে। বিজেপিৰ এজেণ্ডা তথা ইস্তাহাৰত  ‘কেব’ আছিল। সাধাৰণ মানুহে বাৰু ইস্তাহাৰ নপঢ়ে। কিন্তু গুৱাহাটীৰ পঢ়া লিখা তাৰকাসকলেটো এইবিলাক জানে। তথাপিও ২০১৯ লোকসভাত বিজেপিৰ হৈ গান গালে। কেইদিনমান আগত ফ্লিমফেয়াৰৰ চুক্তি সাক্ষৰিত হোৱাৰ সময়ত সন্মুখৰ শাৰীত কোন বহি আছিল সকলোৱে দেখিছো। সেইবাবে ৰাইজৰ প্ৰশ্ন হৈছে এইবোৰ ঘড়ীয়ালৰ চকুপানী নহয়টো? অসমৰ ৰাইজে পৰবৰ্তী সময়ত এওঁলোকৰ গতি বিধি লক্ষ্য কৰিব। যদি নিজৰ স্থিতিৰ পৰা এওঁলোক আতৰি যায় তেন্তে ভবিষ্যত প্ৰজন্মই তাৰকাবিলাকক আৰু কাহানিও বিশ্বাসত নলয়।আৰু তাতকৈও লোকচান হ’ব প্ৰতিবাদী সংগঠন আৰু কন্ঠবোৰৰ ।