বিটিআৰত হাগ্ৰামা মহিলাৰী অপ্ৰাসংগিক?

1755

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


আজিৰ তাৰিখত বিজেপিৰ নেতা সকলে মুকলিকৈ বিপিএফ বিৰুদ্ধে জন সভাত বক্তব্য ৰাখি আছে । বিটিচি পৰিষদত বিপিএফৰ দুৰ্নীতিৰ ফলত উন্নয়ন লেহেমীয়া হোৱা বুলি অভিযোগ আনিছে ।  বিপিএফ আৰু বিজেপিৰ মিত্ৰতাত ফাঁট মেলিবলৈ আৰম্ভ কৰিছে । বিজেপিৰ লগত অহাৰ আগত হাগ্ৰামা মহিলাৰীৰ বিপিএফ আছিল কংগ্ৰেছৰ লগত । কিন্তু কংগ্ৰেছৰ ক্ষমতাৰ নাওঁ ডুবাৰ আসন্ন উমান পায় হাগ্ৰামা মহিলাৰীয়ে শিবিৰ সলনি কৰিছিল ।  বিপিএফৰ ৰাজনীতি স্পষ্ট ___ক্ষমতাত থকা দলৰ লগত মিত্ৰতা । সকলো থিকেই চলি আছিল বিজেপি আৰু বিপিএফৰ । কাৰণ বিটিচি চুক্তিৰ সময়তো কেন্দ্ৰত বিজেপি চৰকাৰ আছিল আৰু বৰ্তমান সময়তো কেন্দ্ৰ আৰু ৰাজ্য উভয়তে বিজেপি দলৰ চৰকাৰ আছে । ইয়াৰ মাজতে  এন ডি এফ বিৰ গোটেই কেইটা গোটৰ লগত আলোচনা প্ৰক্ৰিয়া শুভ সমাপ্তিৰ ক্ষণ আহিল আৰু সাক্ষৰিত বিটিআৰ চুক্তি । প্ৰতিটো গোটক এখন মঞ্চত উপবিষ্ট কৰা কামত সফল হ’ল আবছুৰ প্ৰমোদ বড়ো ।

ইয়াৰ লগে লগে জন্ম হ’ল আন এখন ৰাজনৈতিক পথাৰ ।  উল্লেখ্য যে বিপিএফৰ বিৰুদ্ধে যুঁজ দি থকা  বড়ো প্ৰধান ৰাজনৈতিক দল ইউপিপিএল ত প্ৰমোদ বড়োৱে যোগ দিয়াৰ লগে স্পষ্ট হৈ পৰিল যে বিটিচিত নতুন ৰাজনৈতিক দল গঠন হোৱাৰ আশা ক্ষীণ ।  বিটিচি প্ৰধান আঞ্চলিক দল হাগ্ৰামা মহিলাৰীৰ বিপিএফ , নব শৰণীয়াৰ গণ সুৰক্ষা দল আৰু উৰ্খা গৌৰা ব্ৰহ্মৰ ইপিপিএল মাজত তিনিকোণীয়া  প্ৰতিদন্দিতা ইমান বছৰে হৈ আছে যদিও এইবাৰ কিন্তু সমীকৰণ সলনি হ’ব । কাৰণ প্ৰতিষ্ঠান বিৰোধী ঢৌৰ বাবে  হাগ্ৰাম মহিলাৰীৰ স্থিতি সবল নহয় , ২০১৪ চনত নব শৰনীয়াৰ লগত থকা ধৰ্মীয় সংখ্যালঘু ভোটাৰ খিনি আজমল মুখী হৈছে আৰু ইউপিপিএলে যোৱা লোকসভা নিৰ্বাচনত আজমলৰ এআইইউডিএফ দলৰ সমৰ্থন লাভ কৰিছে । এনেকুৱা স্থিতিত বিজেপিৰ কৰণীয় কি ?  বিজেপিৰ কাৰণে  হাগ্ৰামা  মহিলাৰী , প্ৰমোদ বড়ো , উৰ্খা গৌৰা কোনজনেই পৰ নহয় কাৰণ বড়ো নেতা সকলে ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদক সন্মান কৰে আৰু পালন কৰে । এইক্ষেত্ৰত বড়ো ভাষাৰ দেৱনাগিৰি লিপিৰ ভুমিকা উল্লেখযোগ্য ।  বিটিচিৰ ক্ষমতা প্ৰমোদ বড়ো বা হাগ্ৰামা মহিলাৰী যিজনেই দখল নকৰক মুলত: আজমলৰ হাতত ক্ষমতাৰ নিয়ন্ত্ৰণ থাকিব নেলাগে । বিটিচি পৰিষদৰ ক্ষমতাৰ বাঘজৰী যিজন নেতাই নলওঁক ভোটৰ নিয়ন্ত্ৰণ কিন্তু ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ হাতত অধিক থাকে ।সেয়ে এইখিনি সময়ত ইউপিপিএল আৰু নব শৰণীয়াৰ গণ সুৰক্ষা মঞ্চৰ লগত মিত্ৰতা নকৰিলে ক্ষমতাও হাতৰ পৰা যাব আৰু বিটিচি অঞ্চলত বদৰুদ্দিন আজমলক হে শক্তিশালী কৰা হ’ব ।এই ক্ষেত্ৰত নব শৰণীয়াৰ স্থিতিয়ে বিশেষ প্ৰাধান্য পাব । কাৰণ বিজেপিৰ লগত যোৱা মানেই ধৰ্মীয় সংখ্যালঘুৰ সমৰ্থন সমুলঞ্চে শেষ আনহাতে অধিক সময় ক্ষমতাৰ বাহিৰত থকা মানেও ৰাজনৈতিক স্থিতি ক্ৰমে দুৰ্বল হোৱাৰ ভয় । সেয়ে সমীকৰণ যিয়েই নহওঁক বিটিচিত বিজেপিৰ স্থিতি অপৰিৱৰ্তীত থাকিব যেতিয়ালৈকে বদৰুদ্দিন আজমলৰ সমৰ্থিত প্ৰাৰ্থীয়ে বিটিচি দখল কৰিব নোৱাৰিব ।