সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া খিলঞ্জীয়া বিৰোধী:  উপমন্যু হাজৰিকা

1518
  •  উপমন্যু হাজৰিকা

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অধিসূচনা অনুসৰি অসমত লোকসভা আৰু বিধানসভা সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। সমষ্টি পুনৰ গঠন কৰিলে খিলঞ্জীয়া লোকচানত থাকিব আৰু বাংলাদেশী উপকৃত হ’ব , কিয়নো সমষ্টি পুনৰ গঠন হ’ব জনসংখ্যা ভিত্তিত! আৰু আজিৰ দিনত বৰ্তমান সময়ত খিলঞ্জীয়া অধ্যুষিত সমষ্টিতকৈ বাংলাদেশী অধ্যুষিত সমষ্টি অধিক।
সমষ্টি সমুহৰ পুনৰ গঠন প্ৰক্ৰিয়া স্থগিত কৰা হৈছিল ২০০৮ চনত আইন শৃংখলা ব্যৱস্থা উন্নত নোহোৱা বাবে। অধিসূচনা অনুসৰি বৰ্তমান সময়ত আইন শৃংখলা বাতাবৰণ উন্নত ।CAA বিৰোধী আন্দোলন ,বিটিএডি ত চলি থকা অবড়ো আন্দোলন  তীব্র গতিত চলি থকা অৱস্থাত অধিসূচনা জাৰী কৰা  যুক্তি ভিত্তিহীন।ইয়াৰ গুৰিত আছে শাসকীয় দলৰ ৰাজনৈতিক অংক। CAA  বিৰোধী আন্দোলনৰ বাবে বিজেপি-অগপ ই  খিলঞ্জীয়া সমৰ্থন হেৰুৱাব তাৰ বাবে সমষ্টি পুনৰ গঠন কৰি খিলঞ্জীয়া সমষ্টি হ্ৰাস কৰিব আৰু বাংলাদেশী অধ্যুষিত অঞ্চলত সমষ্টি বাঢ়ি যাব।ইতিমধ্যে বৰ্তমান চৰকাৰে NRC ত বিদেশী সুমুৱাই তেওঁলোকৰো সমৰ্থন লাভ কৰিব।যোৱা ৪০ বছৰে খিলঞ্জীয়া নেতাই খিলঞ্জীয়াক ঠগি আছে,এইটো আৰু এটা উদাহৰণ!
যেতিয়া নেতা সকলে ৬ নং দঁফাৰ নামত সমষ্টি সংৰক্ষণ কৰি ল’ব তেতিয়া তেওঁলোক বাংলাদেশী ভোটত নিৰ্বাচিত হৈ থাকিব পাৰিব। যেতিয়া NRCত ৭০ লাখ বিদেশী অন্তৰ্ভুক্ত হোৱা বুলি ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু আন নেতা সকলে কৈয়ে থাকে আৰু পুনৰ পৰীক্ষণৰ দাবী কৰে,যি পুনৰ পৰীক্ষণৰ ক্ষমতা স্বয়ং চৰকাৰৰ হাততেই আছে।যদি প্ৰকৃততে পুনৰীক্ষণ হয় তেন্তে বহু কিছু সমষ্টিত নাগৰিকৰ জনসংখ্যা হ্ৰাস পাব। NRC সম্পূৰ্ণ পুনঃৰীক্ষন নকৰাকৈ সমষ্টি পুনৰ গঠন কৰিবলৈ আগবঢ়া মানেই বুজাই যে বিজেপি -অগপ NRC পুনঃৰীক্ষণৰ কোনো সদিচ্ছা নাই। প্ৰকৃততে য’ত আজি খিলঞ্জীয়াৰ  প্ৰয়োজন আছিল  দূৰদৰ্শী আৰু জাতিপ্ৰেমী নেতাৰ , আমি পালোঁ নেতাৰ নামত ৰাজনৈতিক ব্যৱসায়ী ।
বিজেপিৰ শক্তিশালী নেতা সকলেও বিদেশীৰ ফালে হাত উজান দিয়ে , (কংগ্ৰেছতেই থাকক বা বিজেপিতে থাকক) । আগন্তুক দিনত  যেতিয়া দল বাগৰিব তেতিয়া বাংলাদেশী মুছলমান সকলক গৌৰবেৰে ক’ব পাৰিব বিজেপিত থাকোঁতেও তেওঁলোকক সুৰক্ষিত কৰি ৰক্ষণাবেক্ষণ দিছিলোঁ আৰু এতিয়াও দি আছোঁ। NRCৰ জৰিয়তে মুছলমান বাংলাদেশী আৰু CAA ৰ দ্বাৰা হিন্দু বাংলাদেশীক সুৰক্ষিত কৰি খিলঞ্জীয়াক ধ্বংসৰ বাবে ঠেলি দিলে এই ৰাজনৈতিক ব্যৱসায়ী বোৰে।।