দুৰ্বল বুদ্ধিজীবী আৰু আলফা – চৰকাৰ আলোচনাৰ ভৱিষ্যত

3693

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


১৯৯১ চনৰ চেপ্তেম্বৰ মাহত অপাৰেচন ৰাইনো আৰম্ভ হয় । অসমত চলে পুনৰ সেনাৰ অভিযান  । ইয়াৰ কিছু মাহ পিছতেই জানুৱাৰীত অৰবিন্দ ৰাজখোৱাই ৫ জনীয়া এটা আলফাৰ দলক প্ৰধান মন্ত্ৰী নৰসিংহ ৰাওঁৰ লগত আলোচনা কৰিবলৈ দিল্লীলৈ পঠায় । সেই দলটোৰ নেতৃত্ব লৈছিল অনুপ চেতিয়াই ।
এমাহ পিছত অৰুণাচলৰ কোনো অজ্ঞাত স্থানত আলফাই সাধাৰণ সভা পাতে , য’ত পৰেশ বৰুৱা উপস্থিত নাছিল । তৎস্বত্তেও প্ৰদীপ গগৈৰ নেতৃত্বত পুনৰ আলফাৰ এটা দল দিল্লীলৈ গৈ গৃহ মন্ত্ৰালয়ৰ বিষয়াক লগ কৰে । এনেকৈ কিছুদিন যোৱাৰ পিছত আলফাৰ ফালৰ পৰা আলোচনা প্ৰক্ৰিয়া বন্ধ হোৱা বুলি ঘোষণা কৰে আৰু দিল্লীলৈ যোৱা শীৰ্ষ নেতা সকলে পুনৰ আত্ম গোপন কৰে ।কিন্তু এই সময়ছোৱাতেই প্ৰায় ১৫ জনীয়া শীৰ্ষ আলফা নেতা কেইজনমানে তেতিয়াৰ আলফাৰ প্ৰচাৰ সচিব সিদ্ধাৰ্থ ফুকন ( আচল নাম সুনিল নাথ ) ৰ নেতৃত্বত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ওচৰত আত্মসমৰ্পণ কৰে । এইয়াই আছিল আলফাত প্ৰথম বিভাজন ।

অসমীয়া জাতীয়তাবাদী সমাজৰ দৃষ্টিত ‘ গণ শত্ৰু ‘ বুলি অভিহিত হিতেশ্বৰ শইকীয়াৰ ওচৰত আত্মসমৰ্পণ কৰা যুবক খিনিক জাতীয়তাবাদী শিবিৰ সমুহে অস্পৃশ্য ঘোষণা কৰে ।হিতেশ্বৰ শইকীয়া আৰু কংগ্ৰেছ চৰকাৰৰ লগত যোগাযোগ
কৰাটো অসমীয়া জাতীয়তাবাদী শিবিৰৰ কাৰণে গ্ৰহণযোগ্য নাছিল , বিদেশী বহিষ্কাৰ আন্দোলনত এখন মঞ্চৰ পৰা আন্দোলন কৰি এইচাম যুবকে  ভিন্ন লক্ষ্য আগত ৰাখি সশস্ত্ৰ সংগ্ৰামৰ পথত ওলায় যোৱাৰ পিছত পুনৰ মুলসূতীলৈ উভতি আহিছিল । ৰাইজৰ দ্বাৰা নিৰ্বাচিত মুখ্যমন্ত্ৰী জনৰ কাষ চপা প্ৰক্ৰিয়াটোক জাতীয়তাবাদী শিবিৰ টোৱে সহজ ভাবে লোৱা নাছিল  । ছাত্ৰ সংগঠনৰ দ্বাৰা সামাজিক ভাবে বৰ্জন কৰা মুখ্যমন্ত্ৰী জনৰ কাষত থিয় দিয়াটোেৱেই আছিল দোষ । ১৯৯২ চনতে অসমীয়া জাতীয়তাবাদী শিবিৰৰ পৰা এটা নতুন উপ-শিবিৰৰ জন্ম হৈছিল , যিটো গোটে আলফাৰ অনানুষ্ঠানিক প্ৰচাৰ বিভাগৰ কাম কৰিছিল । আলফা আৰু চৰকাৰৰ মাজত যাতে কোনো ধৰণৰ আলোচনা সম্ভৱ নহয় তাৰ কাৰণে বিভিন্ন কৌশল অৱলম্বন কৰিছিল । আলফা এৰি অহা সকলক বিশ্বাস ঘাটক , চৰকাৰৰ দালাল আদি বিশেষণেৰে অভিহিত কৰি ভাতৃঘাটী সংঘৰ্ষৰ কাৰণে পৰিবেশ ৰচনা কৰিছিল ।
উল্লেখ্য যে যিকোনো সংগঠনৰ পৰা যদি এচামে সংগঠন ত্যাগ কৰে তেনে পৰিস্থিতিত সংগঠন ত্যাগ কৰা সকল মিত্ৰ হোৱাৰ অৱকাশ নেথাকে ; কিন্তু জ্বলা জুইত ঘী ঢালি শত্ৰু কৰা কাম সেই সময়ত এচাম বুদ্ধিজীবীয়ে কৰিছিল ।
কিছু সংযম আৰু ভৱিষ্যত উপলব্ধি কৰা গুণ যদি সেই সময়ৰ অসমীয়া জাতীয়তাবাদী শিবিৰ সমুহৰ থাকিলহেঁতেন তেন্তে অসমীয়া যুবকৰ মৃত্যু হয়টো তেতিয়া সুলভ নহ’লহেঁতেন ।
১৯৯২ চনৰ পৰা ১৯৯৬ চনলৈ অসমীয়া জাতীয়তাবাদী শিবিৰ সমুহৰ মাজত ঐক্যতাই বিৰাজ কৰিলে । সকলোৱে হিতেশ্বৰ শইকীয়া নেতৃত্বৰ কংগ্ৰেছ চৰকাৰ খনৰ পতনৰ লক্ষ্য আগত ৰাখি মিত্ৰতা স্থাপন কৰিলে । আলফাৰ পৰাও আঞ্চলিক দলৰ চৰকাৰ এখন কাম্য আছিল , কাৰণ আলফাই ধাৰণা কৰিছিল যে আঞ্চলিক দলৰ চৰকাৰৰ স্থিতি আলফাৰ প্ৰতি নৰম হ’ব । আলফাই নিৰ্বাচনত নিৰপেক্ষ স্থিতিক ত্যাগ কৰিলে । আনহাতে পুৰ্ব বংগীয় মুছলামন ভোটাৰ , বাওঁপন্থী দল , জনজাতীয় দল বিলাকেও এখন অকংগ্ৰেছী চৰকাৰৰ খাতিৰত জাতীয়তাবাদী শিবিৰৰ লগত এখন মঞ্চতে থিয় হ’ল । প্ৰফুল্ল মহন্তৰ নেতৃত্বত চৰকাৰ গঠন হ’ল । প্ৰথম অৱস্থাত আলফাৰ প্ৰতি নমনীয় স্থিতি গ্ৰহণ কৰি কেইবাজনো কাৰাবন্দী আলফা নেতাক জামিনত মুক্তি দিয়ে । লাহে লাহে আলফাৰ প্ৰভাব বৃদ্ধি পাব ধৰে আৰু চৰকাৰ শলথেকত পৰে । আলফা আৰু  চৰকাৰে বিপৰীত স্থিতি লয় । ইউনিফাইড কামাণ্ড প্ৰবৰ্তণ হয় । আক্ৰমণ প্ৰত্যাক্ৰমণে পৰিস্থিতি অগ্নিগৰ্ভা কৰে । গুপ্তহত্যাৰ বিভিষীকাই আকাশ বতাহ ছানী ধৰে । সশষ্ট্ৰ জাতীয়তাবাদী শিবিৰ আলফা আৰু ভাৰতীয় সংবিধানত বিশ্বাসী জাতীয়তাবাদী শিবিৰৰ মাজত প্ৰত্যক্ষ সংঘাত আৰম্ভ হয়।
এই সময়ছোৱাত অসমীয়া জাতীয়তাবাদৰ বিভিন্ন শিবিৰ আৰু উপ-শিবিৰ সমুহে এনেকুৱা এক কাম কৰিলে যাৰ কুফল হয়টো আজিও অসমৰ জনতাই ভোগ কৰি আছে । আলফাৰ লক্ষ্য আৰু কৰ্মপন্থাক মুকলি কৈ আৰু আনুষ্ঠানিক ভাবে অনুমোদন নজনালেও এই শিবিৰ সমুহে আলফাৰ প্ৰতি সক্ৰিয় সহানুভুতি প্ৰদান কৰি আহিছিল ।
সৰ্বভাৰতীয় দল , বহিৰাগত ব্যৱসায়ীৰ বিৰু্দ্ধে আলফাক অহিলা কৰি ৰখাৰ স্বাৰ্থত আলফাৰ সংগ্ৰামৰ পদ্ধতি সলনি হোৱাটো বিচৰা নাছিল । আন এক ৰাজনৈতিক অংক আছিল যে আলফা আৰু চৰকাৰৰ মাজত হোৱা আলোচনাই যদি সফল সমাপ্তিত উপনিত হয় তেন্তে হিতেশ্বৰ শইকীয়াই মাইলেজ পাব । ২০১১ চনত আলফাৰ
বৈদেশিক সচিব (জামিনত মুক্তি পোৱা ) শশ চৌধুৰীয়ে জনসভাত স্বীকাৰ কৰিছে যে আলফাক এচাম প্ৰভাবশালী মানুহে দোকানৰ দৰে ব্যৱহাৰ কৰিলে । ৯২’ৰ পিছত এতিয়া ২০২০ পালে । পুনৰ আলোচিত হৈছে বহু প্ৰত্যাশিত আলফা চৰকাৰ আলোচনা । কেন্দ্ৰত এইবাৰ নৰেন্দ্ৰ মোদী আৰু আলফাৰ পৰা একেজনেই পৰেশ বৰুৱা , যাৰ অবিহনে আলোচনাই গন্তব্য স্থান পাব নোৱাৰে । কেন্দ্ৰ আৰু ৰাজ্যত ৰাইজৰ দ্বাৰা নিৰ্বাচিত ৰাষ্ট্ৰীয় দলৰ চৰকাৰ , থিক ৯২’ ৰ দৰেই । পক্ষ একেই আছে , মাত্ৰ দুৰ্বল বুদ্ধিজীবী আৰু বাটকটীয়া বিটিআৰ চুক্তি ।