৬ নং দঁফাৰ দায়িত্ব ল’ব অমিত শ্বাহে

2210

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


অসম সন্মিলীত মহাসংঘৰ মতিউৰ ৰহমানে অসম চুক্তিৰ ৬(ক) দঁফাত থকা  ‘ ১৯৭১ ‘ নাগৰিকত্ব ভিত্তি বৰ্ষক চেলেঞ্জ কৰি উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল ( Writ petition 562/2012) …..
  টেলিগ্ৰাফ কাকতত ওলোৱা এটা নিউজত ৫১ ‘ ক  বিৰোধ কৰা দল কেইটা আছিল অসম সাহিত্য সভা , সদৌ অসম ছাত্ৰ সন্থা ,জামাত ই ইছলামী ই হিন্দ , এ আই ইউ ডি এফ ইত্যাদি ।
বৰ্তমান এই সংগঠন সমুহৰ স্থিতি কি ?
বৰ্নিহাট আৰু বেলতলাত বাস কৰা দুজন বাংলাদেশীৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ পৃথক পৃথক কৰি চুক্তি কৰা সকলকেই ৰাইজে মন্ত্ৰী পাতিছিল । ৰাইজৰ আবেগত বৰ্ণিহাটৰ বিদেশী এজনক অসমত ভাৰতীয় নাগৰিক হোৱা প্ৰক্ৰিয়াটোৱে গুৰুত্বই নেপালে ।  এতিয়া আকৌ আহিল অসম চু্ক্তিাৰ ৬ নং দঁফা । চৰকাৰে সমিতি বনালে । বিধায়ক আমিনুল ইছলামে বিতৰ্কিত মন্তব্য কৰি সমাজ কলুষিত কৰিলে ।  ৫ নং দঁফা কাৰ্যকৰী নকৰাকৈ ৬ নং দঁফা কাৰ্যকৰী কৰিব বিচৰা কাৰ্য্যত দুখ প্ৰকাশ কৰি ঘৰিয়ালৰ চকু পানী টুকিলে । বাংলাদেশী বিতাৰণ নকৰাকৈ খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকবচ অযুক্তিকৰ বুলি প্ৰচাৰ কৰি আছে ।  মুঠৰ ওপৰত বিভিন্ন জনৰ বিভিন্ন মত । ৬ নং দঁফাৰ কাৰণে বনোৱা উচ্চস্তৰীয় কমিটিয়ে প্ৰতিবেদন অসম চৰকাৰৰ হাতত জমা দিলে । এতিয়া এই প্ৰতিবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ওচৰত যাব, আৰু মন্ত্ৰালয়ে সিদ্ধান্ত ল’ব । খিলঞ্জীয়াৰ সংৰক্ষণ দাবী কৰা সকলৰ ভিন্ন মত । কিছুমানে যদি ১৯৫১ চনৰ ভোটাৰ লিষ্টত নাম থকা পৰিয়ালক খিলঞ্জীয়া বুলি দাবী কৰিছে তেন্তে আন কিছুমানে ১৯৭১ চনক ভিত্তি কৰাৰ পৰামৰ্শ দিছে ।  কিছুমান সংগঠনে খিলঞ্জীয়াৰ সংজ্ঞাৰ বাবে জাতি – জনগোষ্ঠীৰ তালিকা বনায় দিছে আৰু আন একাংশই ১৮২৬ চনটোক ভিত্তি কৰাৰ পৰামৰ্শ দিছে । এইখিনিতে উল্লেখ কৰিব পাৰি যে সমসাময়িক বিটিআৰ চুক্তিৰ সময়ত কোনো প্ৰতিবেদন বা কেমেৰাৰ সন্মুখত হোৱা আলোচনাৰ উদ্ভৱ হোৱা নাছিল ।  কিছুমান সুত্ৰই প্ৰকাশ কৰা অনুসৰী এনডিএফবি গোটৰ বহু নেতাই বড়ো জনতাৰ সুৰক্ষা আৰু উন্নয়নক প্ৰাধান্য দিয়া চুক্তিৰ খচৰা তৈয়াৰ কৰিবলৈ দায়িত্ব দিল্লীৰ বিষয়াকেই অৰ্পণ কৰিছিল । হয়টো ৬ নং দঁফাৰ ক্ষেত্ৰটো বিটিচি বা বিটিআৰ ৰ দৰে গৃহ মন্ত্ৰালয়ে খিলঞ্জীয়া উপযোগী এটা সুত্ৰ উলিয়াব । উল্লেখ্য যে দুই এটা সংগঠনে আকৌ ৫১ ভিত্তি কৰি খিলঞ্জীয়া নিৰ্ধাৰণ আৰু  ইনাৰ লাইন পাৰ্মিট প্ৰণয়নৰ পৰামৰ্শ দিছে ।
গোটেই অতীত বৰ্তমানৰ ঘটনা পৰিঘটনা , অতীত বুৰঞ্জীৰ তথ্য আগত ৰাখি ‘ ৰাজনীতি অসম ‘ এটা কথা উপলব্ধি কৰিছে যে চন তাৰিখৰ ওপৰত ভিত্তি কৰি খিলঞ্জীয়া নিৰ্ধাৰণ প্ৰক্ৰিয়া বিশ্বত বিৰল ।  ধৰা হ’ল ১৯৫১  চনক ভিত্তি কৰি খিলঞ্জীয়া নিৰ্ধাৰণ হ’ল ___তেন্তে আমি জানিব লাগিব ১৯৫১ বা ৫১’ ৰ আগত অসমত কিমান শতাংশ অখিলঞ্জীয়া জনসাধাৰণ আছিল । অসমত মুছলিম লীগে স্বাধীনতাৰ আগত চৰকাৰ গঠন কৰিছিল । চৈয়দ ছাদুল্লা মুখ্যমন্ত্ৰী আছিল । লাইন প্ৰথা প্ৰয়োগ কৰি পুৰ্ব বংগৰ পৰা মুছলমান মানুহ আনি ব্ৰহ্মপুত্ৰ উপত্যকাত সংস্থাপন কৰিছিল । বৃটিছে মৰাপাট উদ্যোগক উজ্জ্বিবিত কৰিবলৈ পুৰ্ব বংগ ( বৰ্তমানৰ বাংলাদেশ ) ৰ মুছলমান বনুৱা আনিছিল । এনেকুৱা অজস্ৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক অভিপ্ৰায় নিহিত থকা প্ৰব্ৰজনে অসমত জনগাঁথনি সলনি কৰিলে ।  Census of India আৰু M C BHUYAN 1977 ত প্ৰকাশিত তথ্য মতে ১৯৫১ চনত পুৰ্ব বংগৰ পৰা প্ৰব্ৰজিত হৈ অসমত বাস মানুহৰ অনুপাত অসমৰ মুঠ জনসংখ্যাৰ ৩৭.৪ % আছিল , আৰু ১৯০১ চনত আছিল ১৮ .২ % । যদিহে ১৯৫১ চন মতে খিলঞ্জীয়া নিৰ্ধাৰণ হয় তেন্তে তেতিয়াৰ ৩৭.৪ % মানুহৰ বংশোদ্ভৱ প্ৰত্যক্ষ ভাবেই খিলঞ্জীয়া হ’ব । তাতে জনসংখ্যা বৃদ্ধিৰ হাৰক যদি সমীকৰণত সোমাই লোৱা হয় তেন্তে পুৰ্ব বংগীয় মুছলমান সমাজৰ স্থান বহু ওপৰত থাকিব আৰু তেতিয়াৰ ৩৭ .৪ % ই এতিয়া কি আকাৰ লৈ আছে সেয়া আজিৰ ৰাজনৈতিক নেতা আৰু বুদ্ধিজীবী সকলৰ বাবে কল্পনাতীত বিষয় । জাতি – জনগোষ্ঠী হিচাপত খিলঞ্জীয়া নিৰ্ধাৰণ কৰি অসমত তেওঁলোকক সাংবিধানিক সংৰক্ষণ ব্যৱস্থা প্ৰদান কৰা হওঁক আৰু খিলঞ্জীয়া – অখিলঞ্জীয়া , পুৰ্ব বংগীয় – পশ্চিম বংগীয় , মধ্য ভাৰতীয় – উত্তৰ ভাৰতীয় সকলো মিলি এখন উন্নত আৰু সম্প্ৰীতিৰ অসম গঢ়ি তুলিবলৈ যত্ন কৰা উচিত । অসমত বাস কৰা মানেই অসমবাসী , কিছুমান বঙালী ভাষী অসমীয়া , কিছুমান অসমীয়া ভাষী অসমীয়া , কিছুমান বড়ো ভাষী অসমীয়া , কিছুমান ৰাভা  ভাষী অসমীয়া , কিছুমান হিন্দী ভাষী অসমীয়া , কিছুমান ডিমাচা ভাষী অসমীয়া , কিছুমান কাৰ্বি ভাষী অসমীয়া ইত্যাদি ইত্যাদি । খিলঞ্জীয়া শক্তিশালী হৈ থাকিলেহে অসমীয়া শক্তিশালী হৈ থাকিব ।ইনাৰ লাইন পাৰ্মিটৰ পৰামৰ্শ কিছু দল সংগঠনে দিছে যদিও কেন্দ্ৰই এইটো কোনোপধ্যে মানি নল’ব । কাৰণ অমিত শ্বাহে কাশ্মীৰ সদৃশ পৰিবেশ পৰিবেশ অসমত উৎপন্ন হ’ব নিদিয়ে ।