বিত্ত মন্ত্রীৰ পৰা ৰাষ্ট্ৰবাদীৰ প্ৰত্যাশা

1304
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


অজন্তা নেওগক বিত্ত বিভাগ অৰ্পন কৰা হ’ল। এই সিদ্ধান্তক লৈ বহু লোক আচৰিত হৈছে। ২০২১ নিৰ্বাচনৰ ঠিক আগে আগে যোগদান কৰা শ্ৰীমতী নেওগে মন্ত্রীসভাত স্থান পাব বুলিও বহুতে ভবা নাছিল। কিন্তু আমি নিৰ্বাচনৰ পূৰ্বৰে পৰা নিশ্চিত আছিলো যে অজন্তা নেওগ নিৰ্বাচনত জয়ী হ’ব আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্রী হৈ অজন্তা নেওগক বিত্তৰ দৰে বিভাগ অৰ্পন কৰা হ’ব পাৰে। ইয়াৰ কাৰণ কেইবাটাও। প্ৰথমতে কেবিনেটত এজন মহিলা প্ৰতিনিধি দৰকাৰ। ইউ.পি.পিএলৰ মহিলা বিধায়ক নাই। অগপৰ এগৰাকী অভিজ্ঞ বিধায়িকা ৰেণুপমা ৰাজখোৱা আছে যদিও তেওঁক স্থান দিয়া নহয়। সভাপতি আৰু কাৰ্য্যকৰী সভাপতিৰ পিছত যদি আৰু এজনে অগপৰ পৰা মন্ত্রীত্ব পায় সেইজন হ’ব নামনি অসমৰ পৰা। বিজেপিৰ তিনি গৰাকী মহিলা বিধায়ক আছে। হাফলংৰ নন্দিতা গাৰ্লোছা, হাজোৰ সুমন হৰিপ্ৰিয়া আৰু ঘোলাঘাটৰ শ্ৰীমতী নেওগ। নন্দিতা গাৰ্লোছা প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছে। মন্ত্রী হব পৰা জোখেৰে সুমনে এতিয়াও ৰাজনৈতিক ক্ষেত্রত নিজৰ পাৰদৰ্শিতা দেখুৱাব পৰা নাই। সেয়েহে মহিলা কোটাৰ পৰা একমাত্র বিকল্প আছিল অজন্তা নেওগ।  ভাৰতৰ শক্তিশালী মুখ্যমন্ত্রীবোৰে নিজৰ হাতত বেছি বিভাগ ৰাখিব নিবিচাৰে। উদাহৰণ স্বৰূপে অৰবিন্দ কেজৰিৱালৰ হাতত জল দপ্তৰৰ বাহিৰে আন কোনো বিভাগ নাই। কেজৰিৱালে সকলো বিভাগতে সমানে মনোযোগ দিব বিচাৰে। সকলো মন্ত্রীৰ কামৰ খতিয়ান ল’ব  বিচাৰে। নিজৰ হাতত বিয়োগম বিভাগ ৰাখিলে কিছু সময় বিভাগটো চোৱা চিতাৰ বাবে খৰছ কৰিব লাগে। মুখ্যমন্ত্রীত্বৰ কালত প্ৰফুল্ল মহন্ত (১৯৯৬)আৰু তৰুণ গগৈয়ে বিত্ত আৰু গৃহ দুয়োটা বিভাগ নিজৰ হাতত ৰাখিছিল। সৰ্বানন্দ সোণোৱালে বিত্ত বিভাগ হিমন্ত বিশ্ব শৰ্মাক এৰি দিছিল যদিও সেয়া হয়তো হাইকামাণ্ডৰ নিৰ্দেশ আছিল। কিন্তু জনা গৈছে যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ হাতত কোনো গধুৰ বিভাগ ৰাখিব বিচৰা নাই। আনকি গৃহ আৰু লোকনিৰ্মান বিভাগো পৰবৰ্তী মন্ত্রীসভাৰ সম্প্ৰসাৰণত অন্যক দিব পাৰে বুলি চিন্তা চৰ্চা চলি আছে। বিত্ত বিভাগৰো দায়িত্ব বহুত। বাজেট প্ৰস্তুতকৰণৰ পৰা আৰম্ভ কৰি আন বহু বিভাগ তথা কেন্দ্ৰীয় চৰকাৰৰ লগতো সামঞ্জস্য ৰক্ষা কৰি চলিব লাগে। বিত্ত বিভাগৰ বাবে হিমন্ত বিশ্ব শৰ্মাই বিবেচনা কৰিছিল দুটা নাম_ জয়ন্ত মল্ল বৰুৱা আৰু অজন্তা নেওগ। শৰ্মাই জানে যে এই দুজন নেতাৰ বাহিৰে আন কোনোৱে বিভাগটো সুচাৰু ভাবে চলাব নোৱাৰে। কিন্তু সোণোৱালৰ হেচাত চন্দ্ৰমোহন পাটোৱাৰীক মন্ত্রীত্ব দিয়াৰ লগে লগে জয়ন্ত মল্লৰ মন্ত্রী হোৱাৰ আশা ধুলিস্যাত হ’ল। মুখ্যমন্ত্রীৰ পিছতে কেবিনেটৰ দ্বিতীয়জন শক্তিশালী হ’ল বিত্তমন্ত্রী জন। মুখ্যমন্ত্রীজন যিহেতু নামনি অসমৰ পৰা হ’ল সেয়েহে বিত্তমন্ত্রীজন উজনি অসমৰ পৰা হোৱাৰ বাট মুকলি হ’ল। তাৰ উপৰিও মহিলা তথা তৰুণ গগৈ মন্ত্রীসভাত ইতিমধ্যে দক্ষতাৰ পৰিচয় দি আহিছে। গতিকে অজন্তা নেওগতকৈ ভাল বিকল্প বিত্তমন্ত্রীৰ বাবে আন কোনো নাছিল।  কেন্দ্ৰীয় চৰকাৰৰ আৰু ৰাজ্য চৰকাৰৰ দুয়োটাৰে বিত্ত বিভাগৰ দায়িত্ব দিয়া হৈছে নাৰীক।এতিয়া কথা হ’ল কংগ্ৰেছত থাকোতে জাকিৰ হুছেইন চিকাদাৰ , আব্দুল খালকে, চেৰমান আলি, চুকুৰ আলিৰ লগত এখন মঞ্চত বহি ৰহিংয়াৰ সংস্থাপনৰ বাবে অনশন কৰা অজন্তা নেওগে বিজেপি ভোটাৰ তথা ৰাষ্ট্ৰবাদী জনগণৰ আশা কিমানখিনি পুৰাব পাৰে সেয়া সময়ে বিচাৰ কৰিব ।