বিপদঘন্টা বাজিছে আংগুৰলতাৰ পৰা বৃন্দাৱনলৈ ….

5459

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


পঞ্চায়ত নিৰ্বাচনৰ ফলত জনতাৰ কিবা লাভ হ’বনে সেয়া সময়ে কব, কিন্তু এই নিৰ্বাচনে প্ৰত্যেকজন মন্ত্রী বিধায়কক নিজৰ ভৰিৰ তলৰ মাটি জুখি চাবলৈ সুবিধা দিলে। এই নিৰ্বাচনে প্ৰমাণ কৰিলে যে বিজেপিৰ কিছুমান বিধায়ক ২০২১ত মুঠেও সুৰক্ষিত নহয়। এই নিৰ্বাচনত অগপইও নিজৰ শক্তিৰ উমান পালে। ২০২১ত বিজেপিৰ সৈতে মিত্রতা নহ’লে ৩ জনক বাদ দি অগপৰ আন এজনৰো জয়ী হোৱাৰ সম্ভাবনা নাই । সেই কথা বুজিয়েই হয়তো চুপ চাপ কেবিনেটৰ মিটিংত অংশ লৈছে অগপৰ তিনি মন্ত্রীয়ে ।
অতুল বৰা, কেশব মহন্ত আৰু প্ৰফুল্ল মহন্তৰ সমষ্টিতে অগপৰ অবস্হা শোচনীয়। বিজেপিৰ দয়া অবিহনে এওঁলোকৰ ৰাজনৈতিক ভবিষ্যৎ একপ্ৰকাৰ অন্ধকাৰ । বিজেপিও বুজিছে যে অগপ  শক্তিহীন সেয়ে ২০২১ৰ দৰ দামো বিজেপিয়েই কৰিব । যোৱাবাৰ ১৯ খন আসন দিছিল ; এইবাৰ ১০ খনলৈ নামিলেও আচৰিত হ’বলগীয়া নাই। অতুল বৰাৰ হাততো উপায় নাই । নিজেই যেতিয়া সহায় নোহোৱাকৈ জিকিব নোৱাৰে, আনক কি জিকাব ?
অগপৰ আসন কমালে বিজেপিয়ে নিজেই সংখ্যাগৰিষ্ঠতা পোৱাৰো সম্ভাবনা আছে। সেয়েহে পাটাচাৰকুছি, কমলপুৰ, নাহৰকটীয়া , পশ্চিম গুৱাহাটী আৰু তেজপুৰ অগপৰ পৰা কাঢ়ি লব বিজেপিয়ে। আন কিছুমানতো দৰদাম চলিব। আসন বুজাবুজিৰ ভিত্তি হ’ব ২০১৮ৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল । তেনে হ’লে বৰ্তমান বিধায়ক হিচাপে নিজৰ শেষৰটো কাৰ্য্যকাল চলাই আছে নেকি পবীন্দ্ৰ ডেকা, সত্যব্ৰত কলিতা, নৰেণ সোনোৱাল, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু বৃন্দাবণ গোস্বামীয়ে। পবীন্দ্ৰ ডেকা বিজেপিৰ হিট লিষ্টত ১ নম্বৰত আছে । তেওঁ কোৱা কথাবোৰ বিজেপিয়ে সোনকালে নাপাহৰে । সেই কথা বুজি আত্মগোপন কৰিছে ডেকাই। সচাই ___ পক্ষী মৰে ৰৈ মানুহ মৰে কৈ…বিজেপিৰ লগত মিত্রতা হলেও গুনিন দাস আৰু প্ৰদীপ হাজৰিকাৰ পৰাজয়ৰ সম্ভাবনাই অধিক কাৰণ বদৰুদ্দিন আজমলৰ দল এতিয়া শক্তিহীন ।
বৰ্তমান কংগ্ৰেছৰ ২৫জনৰ ভিতৰত  ৯ জন হিন্দু বিধায়ক ।  ১৫ জন মুছলমান বিধায়ক আৰু ৰোজলীনা টিৰ্কীৰ পথ সহজ যেন লাগিলেও সৰহ সংখ্যক হিন্দু বিধায়ক চাপত থাকিব । সুৰক্ষিত আছে তৰুণ গগৈ, দেবব্ৰত শইকীয়া , নন্দিতা দাস আৰু অজন্তা নেওগ। আনহাতে তীব্ৰ প্ৰত্যহ্বানৰ সন্মুখীন হ’ব কমলাক্ষ দে পুৰকায়ষ্ঠ, ৰুপজ্যোতি কুৰ্মী, দুৰ্গা ভূমিজ, প্ৰণব গগৈ আৰু ৰাজদ্বীপ গোৱালা ।
এইবাৰ আহো বিজেপি দললৈ । আজিৰ তাৰিখত ৬০ জন বিধায়ক থকা বিজেপি দলৰ বহুকেইজনৰ প্ৰদৰ্শন সন্তোষজনক নহয় । ৰাইজে ইয়াৰ প্ৰতিবাদ বেলটৰ মাধ্যমেৰে যোৱা মাহত কৰিলে । বটদ্ৰবাৰ বিধায়িকা আংগুৰলতা ডেকা, বৰক্ষেত্রীৰ নাৰায়ণ ডেকা, সৰভোগৰ  ৰঞ্জিত দাস, গোলকগজ্ঞৰ অশ্বিনী ৰয় সৰকাৰ , হাজোৰ সুমন হৰিপ্ৰিয়া আৰু মংগলদৈৰ গুৰুজ্যোতি দাস __এই আটাইকেজনৰ প্ৰদৰ্শনৰ ভিত্তিত কব পাৰি যে এওঁলোক ২০২১ত পুনঃনিৰ্বাচিত হবলৈ বহু কষ্ট কৰিব লাগিব । বোলছবি জগতৰ পৰা আহি ৰাজনীতিত প্ৰবেশ কৰা আংগুৰলতাৰ প্ৰদৰ্শন যোৱা আঢ়ৈটা বছৰত পুটৌ লগা। ভাল ভাল কাপোৰ আৰু মেকআপ কৰি টিভিৰ কেমেৰাত ধৰা দিয়াৰ বাহিৰে এওঁৰ সমষ্টি, ৰাজ্য তথা দলৰ প্ৰতি  কোনো অবদান নাই। একেই অবস্হা সুমণ হৰিপ্ৰিয়াৰ । নাৰায়ণ ডেকা আৰু অশ্বিনী ৰায় সৰকাৰে  কাম কৰিছে যদিও সংখ্যালঘু অধ্যুসিত অঞ্চলৰ পৰা বাৰে বাৰে জয়ী হোৱা সহজ নহয় । সৰু লৰা গুৰুজ্যোতিৰো ফেচনৰ প্ৰতি মনোযোগ বেছি যেন লাগিছে । ধৰ্মীয় সংখ্যালঘু ভোটে চুইং কৰিব পৰা ৰঞ্জিত দাসৰ সমষ্টিত বিজেপিৰ বেয়া প্ৰদৰ্শনে সকলোকে চিন্তিত কৰিছে ।
এই ক্ষেত্ৰত বিপিএফেও নিজৰ প্ৰাৰ্থী থিয় কৰোৱাৰ বাবে বিপদত পৰিছে
ৰঞ্জিত দাস ।

মুঠৰ ওপৰত ক’ব গ’লে পঞ্চায়ত নিৰ্বাচনত ২০১৬ বিধানসভাৰ ইন্টাৰভেল হ’ল। ২০২১ৰ চিনেমা হিট কৰিব হ’লে এই বিধায়ক সকলে অহা ২ বছৰ কষ্ট কৰিবই লাগিব আৰু লগতে লাগিব ভোটৰ সমীকৰণক নিজৰ সপক্ষে অনাৰ প্ৰচেষ্টা ।