আমদানি কৰা নেতাৰে ভৰি থাকিব নেকি অসমৰ ৰাজ্যসভাৰ আসন ?

3301
  • প্ৰফুল্ল   কলিতা

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


[ এক ]
পঞ্চায়ত নিৰ্বাচনৰ সময়ৰে পৰা অসমৰ ৰাজনীতিত সৰ্বাধিক চৰ্চিত শব্দ কেইটামান হৈ পৰিছে – ‘আনহ’লি এলায়েঞ্চ’  ( অপবিত্ৰ মিত্ৰতা ) ,  ‘বেইমান’ ,  ‘ননচেন্স’  ইত্যাদি । যি শব্দই অসমৰ ৰাজনৈতিক পথাৰখনলৈ কঢ়িয়াই আনিছে অশনি সংকেত ।  এতিয়া আকৌ  অন্য এক  এক অপবিত্ৰ বান্ধোন কিম্বা  মিত্ৰতাৰ প্ৰসঙ্গই গুৰুত্ব লাভ কৰিছে ৰাজ্যসভাৰ নিৰ্বাচন সম্পৰ্কত ।
     ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল ৬ বছৰ, প্ৰত্যেক ৬ বছৰৰ পিছত সদনৰ তিনিভাগৰ এভাগ সদস্যৰ ম্যাদ শেষ হয় । আৰু  এই ধৰণে খালি হোৱা আসনসমুহ পুৰণ কৰাৰ বাবে নিৰ্বাচন অনুস্থিত হয়। যিহেতু এবাৰত তিনিভাগৰ এভাগ সদস্যৰহে কাৰ্যকাল  শেষ হয়, সেইবাবে ৰাজ্যসভা কেতিয়াও ভঙ্গ্ নহয় । ৰাজ্যসভা হৈছে ভাৰতীয় সংসদৰ উচ্চ সদন। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ সভাপতি । ৰাজ্যসভালৈ নিৰ্বাচিত  সদস্যসকলৰ মাজৰ পৰা এজন উপ-সভাপতি নিৰ্বাচিত কৰা হয় আৰু  তেওঁৰ তত্বাবধানতে ৰাজ্যসভাৰ দৈনন্দিন কাম-কাজ অনুষ্ঠিত হয় ।  উল্লেখ্য ৰাজ্য সভাৰ সদস্যৰ সংখ্যা হৈছে ২৫০ জন, ইয়াৰে ১২ জনক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে । ৰাষ্ট্ৰপতিয়ে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক হে  ৰাজ্যসভালৈ প্ৰধান মন্ত্ৰীৰ পৰামৰ্শ মতে মনোনীত কৰে । বাকীসকলক ৰাজ্যবোৰৰ বিধানসভাৰ সদস্যসকলে নিৰ্বাচিত কৰি পঠিয়াই  । সংবিধানৰ ৮৩ নং অনুচ্ছেদত উল্লেখ কৰা হৈছে যে,  ৰাজ্যসভাৰ সদস্যসকলৰ ভাৰতীয় প্ৰজাতন্ত্ৰৰ নাগৰিক হ’ব লাগে– যিজনৰ বয়স ৩০ বছৰৰ কম নহয় আৰু লগতে কোনো ধৰণৰ ফৌজদাৰি গোচৰৰ লগত জড়িত নহয়  । বিদেশী  নাগৰিক, আদালত দ্বাৰা বিকৃত মস্তিষ্ক বা দেউলিয়া ঘোষিত হোৱা ব্যক্তি  অথবা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লাভজনক কোনো পদত চাকৰিত নিয়োজিত ব্যক্তিসকল ৰাজ্যসভাৰ সদস্যৰ প্ৰাৰ্থী হ’ব নোৱাৰে। ৰাজ্যসভাৰ বেচিভাগ ক্ষমতা লোকসভাৰ দৰেই । অৱশ্যে বিত্তীয় বিধেয়কৰ ক্ষেত্ৰত ৰাজ্যসভাৰ বিশেষ ক্ষমতা নাই। চৰকাৰৰ বিপক্ষে অনাস্থা প্ৰস্তাৱ ৰাজ্যসভাত উত্থাপিত নহয়  ।
[ দুই ]
প্ৰণিধানযোগ্য যে,  ২০১৯ চনৰ এপ্ৰিল মাহত খালী হ’ব প্ৰাক্তন প্রধানমন্ত্ৰী মনমোহন সিঙে দখল কৰি  থকা  ( অসমৰ ) ৰাজ্যসভাৰ আসনখন। প্ৰশ্ন হয় অসমৰ হৈ ৰাজ্যসভালৈ যোৱা প্ৰক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে কেনেধৰণৰ উন্নয়ন সাধিলে অসমৰ ? মাতংগ সিঙ , সঞ্জয় সিঙে একা ? ধৰি লওক, প্ৰতিবেশী এগাৰাকীয়ে তেওঁৰ ঘৰৰ পৰা আপোনাৰ  ঘৰখনলৈ আহিল  মুৰব্বীৰ ভুমিকা ল’বলৈ । তেৰাই আপোনাৰ ঘৰখনৰ আওভাও নুবুজাকৈ কি ধৰণৰ উন্নতি সাধিব বাৰু আপোনাৰ ঘৰখনৰ ? হ’ব পাৰে সেই গৰাকী প্ৰতিবেশী সন্মানীয় ? প্ৰতিপত্তিশালী ।  আপোনালোকেই  কওকচোন মোৰ শ্ৰদ্ধাৰ পঢ়ুৱৈসকল ,  তেনে কামেই হৈ থকা নাইনে  এইখন  অসমত । আনহাতে  উল্লেখিত  আসনখনত কংগ্ৰেছ দলে নিজ দলৰ প্ৰাৰ্থীক পুনৰ নিৰ্বাচিত কৰি ৰাজ্যসভালৈ  পঠিওৱাৰ শক্তি নাই । বিশেষকৈ অসম বিধানসভাত । ১২৬জনীয়া বিধানসভাত কংগ্ৰেছৰ আসনৰ সংখ্যা আছে গৈ মাত্ৰ ২৫  গৰাকী । সেয়েহে বিজেপিৰ শীৰ্ষ নেতৃত্বই বিচাৰিলে অতি সহজে এই আসন হস্তগত কৰিব পাৰে । মনকৰিবলগীয়া বিষয়টো হৈছে – এইবাৰ আকৌ বিহাৰৰ এল জে পি দলৰ মুৰব্বী তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাচোৱানক অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠিয়াবলৈ উঠি পৰি লাগিছে বিজেপিয়ে । মিত্ৰতাৰ দোহাই দি ।  বিষয়টো সন্দৰ্ভত চিন্তা-চৰ্চা চলিছে বিজেপিৰ কেন্দ্ৰীয়  নেতৃত্বৰ মাজত।ইয়াক লৈ ইতিমধ্যে আলোচনাও হৈছে এল জে পি আৰু বিজেপিৰ মাজত। আগন্তুক লোকসভা নিৰ্বাচনৰ আসনৰ ভাগ-বতৰাক লৈ তেনে এক ইংগিতেই দিছে দুই দলৰ নেতৃত্বই। বিহাৰত বিজেপিৰ মিত্ৰদল এল জে পি আৰু জে ডি ইউৰ সৈতে আসনৰ ভাগ বতোৱাৰা ইতিমধ্যে সম্পন্ন হৈছে। বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে প্ৰকাশ কৰা  মতে এল জে পি আৰু জে ডি ইউ নেতৃত্বৰ সৈতে আলোচনা কৰি আসনৰ ভাগ বতোৱাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সিদ্ধান্ত অনুসৰি বিহাৰত বিজেপিয়ে ১৭, জে ডি ইউৱে ১৭ আৰু এল জে পিয়ে ৬ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে এল জে পিৰ অধ্যক্ষ ৰামবিলাস পাছৱানক এন ডি এৰ তৰফৰ পৰা ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰো সিদ্ধান্ত লোৱা হৈছে। ‘ওৰহি গছৰ ওৰ’  উলিয়াই ৰাজনৈতিক বিশ্লেষকসকলে  ক’বলৈ লৈছে – বিজেপি নেতৃত্বই ৰাম বিলাস পাচোৱানক ৰাজ্যসভালৈ পঠিওৱাৰ বিনিময়ত বিহাৰত এল জে পিক এৰি দিয়া ৬খন আসনৰ ভিতৰৰে এখন নিজৰ ভাগলৈ ৰাখি ৫খন  দিলেও হ’ব   ! ইতিমধ্যে  আসনৰ ভাগ বতোৱাৰাৰ পাছতেই বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কৈছ যে আগন্তক লোকসভা নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটৰ জয় নিশ্চিত। কিন্তু এতিয়াকৈ কোনে কোন আসনৰ পৰা কোন  প্ৰাৰ্থী  প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেয়া এতিয়াও নিশ্চিত হোৱা নাই । তত্ৰাচ  অসমৰ পৰা এল জে পিৰ  ৰাম বিলাস পাচোৱানক বিজেপিৰ বিধায়কসকলে ৰাজ্যসভাৰ খালী হ’বলগীয়া আসনখনৰ বিপৰীতে ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠিয়ালেও বিশেষ আচৰিত হ’ব লগা একো নাই  ? কিয়নো তেনে  কিছু ৰাজনৈতিক সমীকৰণেৰে এই দিশত চিন্তা-চৰ্চা চলাৰ  উমান পোৱা গৈছে  । সূত্ৰ অনুসৰি ৰাম বিলাস পাচোৱানে বিজেপি নেতৃত্বৰ এই প্ৰস্তাৱত সন্মতি দিছে। পাচোৱানে তেওঁৰ হাজিপুৰ সমষ্টিত পুত্ৰক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এৰি দি অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত কৰা বিজেপিৰ প্ৰস্তাৱক ইতিবাচক দৃষ্টিৰে গ্ৰহণ কৰিছে । অসমৰ লগতে ৰাষ্ট্ৰীয় সংবাদমাধ্যমতো প্ৰচাৰ হৈছে এই খবৰ । স্পষ্টতঃ  পূৰ্বতে কংগ্ৰেছেও এই নীতিৰেই বাহিৰৰ নেতাক ৰাজ্যসভালৈ অসমৰ পৰা নিৰ্বাচন কৰি পঠিয়াইছিল। আনকি অসমৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদিৰ  বিষয়ে ভূ নথকা  মাতংগ সিঙ, সঞ্জয় সিঙৰ দৰে ব্যক্তিও কংগ্ৰেছৰ শাসনকালত অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। সেই একে পথকে অনুসৰণ কৰি বিজেপিয়ে এইবাৰ বিহাৰৰ এজন ৰাজনৈতিক নেতাক অসমৰ পৰা  ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠিয়াবলৈ লোৱা চিন্তা-চৰ্চা সন্দৰ্ভত জাতি – মাটি – ভেটিৰ কথা কোৱা   ৰাজ্যিক বিজেপি নেতৃত্বই কিদৰে গ্ৰহণ কৰে সেয়া হৈ পৰিব লক্ষণীয় । হয়তো কথাই কথাই কংগ্ৰেছৰ উদাহৰণ দাঙি ধৰা বি জে পি দলে ক’ব– ”কংগ্ৰেছেওটো বহিঃ ৰাজ্যৰ ব্যক্তিক অসমৰ পৰা ৰাজ্যসভালৈ পঠিয়াইছিল ? তেতিয়াতো আমি প্ৰতিবাদ কৰা নাছিলো । ভাৰতীয় গণতন্ত্ৰত দেশৰ নাগৰিকে নিৰ্বাচন নেখেলি কোনে খেলিব ?’’ ৰ’ব, কথা ইমানতে শেষ হোৱা নাই ?   পঞ্চায়ত নিৰ্বাচনৰ সময়ত নিজ ৰাজ্যৰ ভাই – ককাই সদৃশ ( এসময়ৰ  ‘পৰম মিত্ৰ’ ) দল অ গ পৰ সতে থকা সম্পৰ্কক ‘অপবিত্ৰ মিত্ৰতা’( unholy alliance)বুলি ক’বলৈ দ্বিধাবোধ নকৰা ৰাজ্যিক বিজেপিৰ মহামান্য নেতাসকলে এল জে পিৰ সতে এনে মিত্ৰতাক বা কি নাম দিয়ে? হ’লি নে আন-হ’লি এলায়েঞ্চ ? সেয়াহে এতিয়া লক্ষণীয় হ’ব । স্মৰ্তব্য   বিহাৰৰ এই গৰাকী নেতাই ইতিমধ্যে ৮ বাৰকৈ লোকসভালৈ নিৰ্বাচিত হৈছে। হাজিপুৰ  সাংসদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা ৰাম বিলাস পাচোৱানৰ ২০১৭ চনত লণ্ডনত হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰো হৈছিল।সেয়েহে পৰিয়ালে বিচাৰিছে, লোকসভাতকৈ তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হৈ যাওঁক । আৰু হাজিপুৰ সমষ্টি পুত্ৰক এৰি দিয়ক । এয়াও বাৰু বংশানুক্ৰমিক ৰাজনীতিৰে  অংশ  নহয়নে ? নে একমাত্ৰ কংগ্ৰেছহে বংশানুক্ৰমিক ৰাজনীতিৰ বোকাত লুতুৰি পুতুৰি ?
 [ তিনি ]
ব্যক্তিগত জীৱনতো আপুনি, মই দেখি শুনি আহিছো ‘আন-হ’লি’ অৰ্থাত অপবিত্ৰ মিত্ৰতাৰ প্ৰসঙ্গ । সম্পৰ্ক । বিশেষকৈ বৈবাহিক জীৱনত এচামে এসময়ত – মই একমাত্ৰ তোমাকে ভালপাও বা তোমাৰ বাবেই জীয়াই আছো বুলি শপত খাই প্ৰেম নিবেদন কৰি দাম্পত্য জীৱন আৰম্ভ কৰাৰ পিছতো পৰস্ত্ৰী অথবা পৰপুৰুষৰ সতে এক ‘আন-হ’লি’ অথবা অবৈধ, অপবিত্ৰ সম্পৰ্ক অথবা মিত্ৰতা ৰক্ষা কৰি আহে । এসময়ত ইজনে সিজনৰ অবিহনে  জীৱন বৃথা বুলি গণ্য কৰা, দুয়োৱে সুখে দুখে জীৱন নিৰ্বাহ কৰিবলৈ সংকল্প লোৱাৰ  পাছতো কিন্তু এচামে পূৰ্বৰ সকলো গৰিমা  পাহৰি সেই সম্পৰ্কক অপবিত্ৰ কৰি তোলে । ফলত সম্পৰ্কত ফাঁট মেলে । বন্ধুত্বৰ ক্ষেত্ৰতো কথাবোৰ একে । কুৎচিত মনৰ অধিকাৰীসকলে ইজনে সিজনক সন্মান কৰিবলৈ পাহৰে । কুৎসা ৰটনা কৰিবলৈও কুণ্ঠাবোধ নকৰে । আনকি আৰু এখোপ ওপৰলৈ গৈ কুৰুচিপূৰ্ণ কথাৰে , পুৰণি দিনৰ দোষ গুণ খুচৰি কৌৰৱৰ ৰাজ সভাত দ্ৰৌপদীক বস্ত্ৰ হৰণেৰে উলঙ্গ কৰাৰ লেখিয়াকৈ ইজনে সিজনক অথবা  ইটো দলে সিটো দলক অহৈতুক প্ৰয়াস কৰে ৰাজহুৱাকৈ আবুৰহীন কৰিবলৈ । এইচাম মানুহে এসময়ৰ বুকুৰ আপোন মানুহকো সমাজিক ভাবে বিবস্ত্ৰা কৰাৰ অভিসন্ধি ৰচে । ফলত সম্পৰ্কত ঘূণে ধৰে । প্ৰশ্ন হয় এনে কৰ্ম ভাবনাই সমগ্ৰ পৰিবেশটোকে কলুষিত নকৰেনে ? ভৱিষ্যত প্ৰজন্মৰ বাবে ই কেনে বাৰ্তা বহন কৰে ? সেয়াই হৈছে আমাৰ বাবে এইমুহুৰ্তত বহুমূলীয়া প্ৰশ্ন । সেয়েহে আমি ক’বলৈ বাধ্য হৈছো ‘আন-হ’লি এলায়েঞ্চ’ৰ  নামত  অশ্ৰাব্য কথা বতৰাৰে আজিৰ  ৰাজনৈতিক দুঃশাসন সকল সফল হ’লেও গণতন্ত্ৰৰ নামত কলঙ্ক সানি যুগ যুগান্তৰলৈ কুখ্যাতিহে ৰাখে । উদাহৰণস্বৰূপে  চুক্তি ভিত্তিক  বুজাবুজিৰ ভাবনাৰে সহমত পোষণ কৰা  ৰাজ্যিক বিজেপি আৰু এজিপি দলৰ সম্পৰ্ক ইমানেই ঠুনুকা,  ইমানেই অশ্লীল হৈ পৰিল যে , একমাত্ৰ ভোট বেংকৰ স্বাৰ্থত  ৰাজহুৱাভাৱে কিছুমান ৰুচিহীন শব্দ  কুৰুচিপূৰ্ণ ভাৱে  সদৰি কৰিব লগা হ’ল  ।  আৰু এঢাপ আগুৱাই গৈ ঘোষণা কৰা হ’ল  সেই সম্পৰ্ক  অপবিত্ৰ   বুলি । চিঃ ইমান নিলাজ হ’ব পাৰেনে ৰাজনৈতিক নেতাসকল ; ক্ষমতা দখলৰ বাবে । নিজ ৰাজ্যৰ বন্ধুসুলভ দলৰ সম্পৰ্কক যদি  অপবিত্ৰ বুলি কোৱা  হয় ; তেন্তে ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত বহিঃ ৰাজ্যৰ ৰাজনীতিবিদ অথবা এল জে পি দৰে দলৰ সতে কৰিবলৈ ওলোৱা সম্পৰ্কক কি নাম দি পাৰি ? তেনে ৰাজনৈতিক দল বা নেতাক অসমৰ আসনখন ( ৰাজ্যসভাৰ ) এৰি দিয়াটো যুগুত নে ? এনে বিষয়ৰ ওপৰত মাত মতা উচিত নে অনুচিত ? নে অসমত ৰাজ্যসভা শুৱনি কৰিব পৰা নেতাৰ অভাৱ ? অসবাসীয়েই ভাবক ! আমি ভাবো ৰাজ্যখনৰ মংগল কামনা কৰা সকলোপক্ষই এনে গৰ্হিত কামৰ তীব্ৰ প্ৰতিবাদ কৰা উচিত । বৰ্তমানৰ বিনয়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোৱাৰ দৰে- ‘মই অসমীয়াৰ সন্তান’ অথবা ‘অসমীয়া জাতিৰ  ক্ষতি হোৱা কোনো কাম আমি নকৰো’ বোলা কথাবোৰ যদি সঁচা হয় , তেন্তে নিশ্চিত ভাবে সময়ে তেওঁক সদায়ে সুঁৱৰিব স্বনামধন্য অসমীয়াৰ ৰূপত । যদিহে কংগ্ৰেছে কৰি অহা ভুলবোৰকে কৰি আহে, বিশেষতঃ ৰাজ্যসভাৰ সদস্য পদ নিৰ্বাচনৰ ক্ষেত্ৰত; কংগ্ৰেছৰ দৰে বি জে পি দল আৰু নেতৃত্বক চুৱা পাতনিলৈ নিক্ষেপ কৰিবলৈ বেছি সময় নালাগিব নিশ্চয় । ■■ ■■ ■■