বিমান বন্দৰত জুবিন…..

1459
  • পাৰ্থ সাৰথি দত্ত

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


বাংগালোৰৰ পৰা গুৱাহাটীলৈ ৰেলত যাত্রা কৰিলে প্ৰায় ৫৫-৬০ ঘন্টা সময় লাগে। পঢ়ি থকা সময়ত কোনো সমস্যা নাছিল কাৰণ চেমিষ্টাৰৰ বন্ধ পাইছিলো প্ৰায় ১ মাহ, তাৰ পৰা অহা যোৱা কৰাত ৬ দিন গলেও ঘৰত থাকিবলৈ সময় পাইছিলো ২৪-২৫ দিন। ২০০৫ চনত প্ৰথম চাকৰিত যোগদান কৰো। তেতিয়া অলপ কেনা লাগিল। চাকৰিৰ চুটি বৰ বেছি দহ দিন। তাৰে ৬ দিন ৰেলত খৰছ কৰিলে থাকিব মাত্র ৪ দিন। এনেতে আমাৰ ত্ৰাণকৰ্তাৰ ৰুপত আবিৰ্ভাব হ’ল কেপ্টেইন গোপীনাথ । তেখেতক বাজেট এয়াৰলাইন্সৰ পিতৃ বুলি কোৱা হ’য়। এয়াৰ ডেকাণ্ড নামেৰে তেওঁ ভাৰতত প্ৰথম বাজেট এয়াৰলান্সৰ জন্ম দিছিল। তেওঁৰ আৰ্শীবাদতে প্ৰথমবাৰ ২০০৬ চনত বাংগালোৰৰ পৰা কলিকতালৈ বিমান যাত্রাৰ অভিজ্ঞতা হয়। কলিকতা বিমান বন্দৰত প্ৰায় ৪ ঘন্টা অপেক্ষা কৰিবলগা হয় কাৰণ গুৱাহাটী অভিমুখী সাহাৰাৰ বিমানখন যাত্রা কৰাত কিছু বিলম্ব হৈছিল। এয়াৰপোৰ্টৰ ভিতৰতে ঘূৰি পাকি দেখা পালো মানুহৰ জুম এটা। হিন্দী চিনেমাৰ তাৰকা বিবেক অ’বেৰয়ৰ লগত মানুহে কৰমৰ্দন কৰিছে। সেইসময়ত কেমেৰা থকা ফোনৰ পয়োভৰ থাকিলে হয়তো মানুহক চেল্ফি লোৱা দেখা পালোহেতেন। ময়ো হাতখন আগবঢ়াই দিলো। বিবেকৰ মূখত মৃদু হাঁহি। প্ৰথম বিমানযাত্রাতে এটা সুন্দৰ অভিজ্ঞতা। সেইবাৰ আই.পি.এলৰ শুভাৰম্ভ হৈছিল আৰু সেইবাবে বিবেক অ’বেৰয়ে কলিকতা দলক উৎসাহ যোগাবলৈ তালৈ আহিছিল।
২০০৮ চনৰ নবেম্বৰ মাহ। লণ্ডনৰ হিৰ্থো বিমানবন্দৰ। কোম্পানীৰ কামত লণ্ডনলৈ গৈ ওভতনি যাত্রাৰ বিমানৰ বাবে অপেক্ষাৰত। এনেতে বিমান বন্দৰত হৈ চৈ লাগিল। এখন বিশেষ বিমানৰ পৰা এগৰাকী মহিলা নামি আহিছে। বিমানৰ বাবে ৰৈ থকা কেইজনমান আন বিদেশী যাত্রীয়ে মোক সুধিলে সেইজনী ভাৰতৰ কোনো তাৰকা নেকি? ভালকৈ লক্ষ্য কৰি মন কৰিলো সেয়া বাংলাদেশৰ আবামী লীগৰ নেত্রী আৰু বৰ্তমানৰ প্ৰধানমন্ত্রী শ্বেখ হাচিনা। প্ৰায় এশৰ ওপৰৰ মানুহ হাচিনাক স্বাগতম জনোৱাৰ বাবে হেতা ওপৰা লগাইছে। এই সকলোবোৰ মানুহ বিমানবন্দৰত কাম কৰা মানুহ। কোনোবাজনৰ যদি দোকান আছে আন কোনোবাজন তাৰ কৰ্মচাৰী। হিৰ্থো বিমান বন্দৰত ইমান সংখ্যক বাংলাদেশী মুলৰ মানুহ দেখি তবধ মানিছিলো। হাচিনা ডাঙৰীয়ানীয়ে সকলোকে অভিবাদন জনাই তাৰ পৰা বিদায় মাগে।
২০১০ চন, দুৰ্গাপূজাৰ ঠিক আগে আগে বাংগালোৰৰ পৰা গুৱাহাটীলৈ কানেক্টিং ফ্লাইট আছিল। দিল্লী বিমান বন্দৰত অপেক্ষা কৰিবলগীয়া হৈছিল প্ৰায় ৩ ঘন্টা। যথা সময়ত বিমানত আৰোহণ কৰাৰ বাবে ঘোষণা কৰা হ’ল। লাইনত থিয় হৈ দেখো কিছু পিছত ঠিয় দি আছে গায়ক অংগৰাগ মহন্ত ওৰফে পাপন। পিঠিত গিটাৰ আৰু কানত হেড ফ’ন। কাৰো প্ৰতি কোনো ভ্ৰুক্ষেপ নাই, তেওঁ ব্যস্ত সংগীতৰ আনন্দ লোৱাত। হওতো তেওঁৰ এই চিৰিয়াছ স্বভাবটোৰ বাবে কোনেও তেওঁৰ লগত কথা পাতিবলৈ প্ৰয়াস কৰা নাই। সকলোৰে মাজত কেবল বু-বা চলিছে। জেট এয়াৰৱেজৰ সেই বিমানখনৰ সন্মুখৰ আসনত বহিছিল পাপনে আৰু গুৱাহাটী পোৱাৰ লগে লগে যেন বিমানৰ পৰা নামি কৰবাত অন্তৰ্ধান হৈ গ’ল পাপন।
২০১৩ চন, কালিপূজাৰ সময়। গুৱাহাটী বিমানবন্দৰত উপস্হিত হৈ নিজৰ লাগেজ বেল্টলৈ গ’লো। তাত আগৰে পৰা ৰৈ আছিল  সংগীতৰ যাদুকৰ জুবিন গাৰ্গ। লগত আছিল জুবলীকে ধৰি তেওঁৰ গোটেই দলটো। জুবিনদাৰ ওচৰলৈ গৈ হাতখন আগবঢ়াই দিলো। আগৰ পৰা তেখেতৰ লগত কোনো চিনাকি নাই। তথাপি তেখেতে মোৰ লগত প্ৰায় দহমিনিটমান কথা পাতিলে। তেখেত ইতিমধ্যে পশ্চিমবংগত যথেষ্ট জনপ্ৰিয় হৈছিল। মই কলো তেখেতৰ বাংলাত হোৱা জনপ্ৰিয়তাৰ কথা। তেখেতে হেনো যোৱা নিশা কলিকতাত প্ৰায় ৩-৪ খন ফাংচন কৰিছে। তেখেতে মোক সুধিলে ক্ৰিছ চিনেমাৰ ‘দিল তু হি বতা’ গাণটো মই শুনিছোনে নাই। সেই সময়ত এই গানটো মুক্তি লাভ কৰিছিল আৰু কিছুদিন পিছতেই খুব জনপ্ৰিয় হৈছিল। জুবিনদাৰ সেইদিনাৰ আচৰনত সচাকৈ মুগ্ধ হৈছিলো।
এনেকৈয়ে বিভিন্ন সময়ত বিমান বন্দৰত আন আন বহুতো সৰু-বৰ ৰাজনেতা ,বোলছবি তাৰকাৰ লগত দেখা সাক্ষাত হৈছিল। এই চাৰিটা আছিল সকলোতকৈ বিশেষ।