ৰিজাৰ্ভ বেংক , চৰকাৰ আৰু বিতৰ্ক :

1909

অৰ্চনা বৰঠাকুৰ

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰিজাৰ্ভ বেংকে চৰকাৰক চাৰপ্লাচ দিলে ১.৭৬ লাখ কোটি টকা ।

ৰিজাৰ্ভ বেংক ১৯৪৯ চনৰ ১ জানুৱাৰীত ৰাষ্ট্ৰীয়কৰণ কৰা হয় । চৰকাৰৰ অধীনলৈ অহা বাবে তেতিয়াৰ পৰা ইয়াৰ লাভাংশ চৰকাৰক দিয়া হয় । এইয়া ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ এক্ট ১৯৩৪ , দফা ৪৭ আইন অনুসৰি হয় । সেই হিচাবে ৰিজাৰ্ভ বেংকে চৰকাৰক ২০১৪-১৫ ৰ বিত্তীয় বৰ্ষটোত লাভাংশ হিচাবে  ৬৫৮৯৬ কোটি টকা ২০১৫ -১৬ বৰ্ষটোত  ৬৫৮৭৬ কোটি টকা দিয়ে । কিন্তু নোটবন্দীৰ বাবে ২০১৬-১৭ বৰ্ষটোত আগৰ বছৰতকৈ আধাতকৈও কম মাত্ৰ ৩০৬৫৯ কোটি টকা আৰু ২০১৭-১৮ বৰ্ষটোত ৫০০০০ কোটি টকাহে দিয়ে । কিন্তু এইটো বিত্তীয় বৰ্ষ মানে ২০১৮-১৯ ত ৰিজাৰ্ভ বেংকে চৰকাৰক দিবলগীয়া লাভাংশৰ পৰিমাণ হয় ১২৩৪১৪ কোটি টকা । এই বছৰত কেনেকৈ লাভৰ পৰিমাণ ইমান বাঢ়িল ?  সেইটো বুজিবলৈ হ’লে আমি জানিব লাগিব ৰিজাৰ্ভ বেংকৰ আয়ৰ বিষয়ে । এতিয়া চাওঁ ৰিজাৰ্ভ বেংকৰ আয় ক’ৰ  পৰা হয় ।
1. বৈদেশিক মুদ্ৰা ।
2. সোণ আৰু বিদেশৰ ব’ণ্ডৰ আৰু পুনৰ্মুল্যাংকণ ।
3. চৰকাৰী ব’ণ্ডৰ ওপৰত পোৱা ইণ্টাৰেষ্ট ।
এতিয়া এই ৩ নম্বৰ পইণ্টটো চাওঁ । কোনো চৰকাৰে যেতিয়া Infrastructure ৰ কাম কৰে যেনে ৰাস্তা , স্কুল , হস্পিতল ,দলং , ফ্লাই অভাৰ আদি বনোৱা কাম কৰে , তেতিয়া তাত প্ৰয়োজন হোৱা ধনৰ একাংশ বণ্ডৰ বিনিময়ত আহৰণ কৰে  । এই বণ্ডৰ ওপৰত চৰকাৰে বছেৰেকত এক নিৰ্দিষ্ট পৰিমাণৰ টকা লাভ (yield )  হিচাবে দিয়ে ।  বজাৰত মুদ্ৰাৰ তৰলতাৰ ( liquidity ) সামঞ্জস্যতা আনিবলৈ ,ৰিজাৰ্ভ বেংকে কিছুসংখ্যক বণ্ড গ্ৰাহকৰ পৰা চেকেণ্ডেৰী মাৰ্কেটত কিনি লয় । যোৱা বছৰ ৰিজাৰ্ভ বেংকে বহুত বেছি সংখ্যক বণ্ড কিনি লৈছিল ।  এতিয়া চৰকাৰে সেই বণ্ডৰ ওপৰত লাভ ৰিজাৰ্ভ বেংকক দিবলগীয়া হ’ল । ৰিজাৰ্ভ বেংকে সেই খিনিকে লাভাংশ হিচাবে চৰকাৰক দিবলগীয়া হ’ল । সেইমৰ্মে  চৰকাৰক দিব লগা  ধনৰ পৰিমাণ হ’ব লাগিছিল  ১২৩৪১৪কোটি টকা  । কিন্তু দিয়া ধন হ’ল সৰ্বমুঠ  ১৭৬০৫১ কোটি টকা  । এই অতিৰিক্ত ৫২৬৩৭ কোটি টকা ক’ৰ পৰা আহিল ?
ৰিজাৰ্ভ বেংকে জৰুৰীকালীন অৱস্থাৰ বাবে  খৰচ কৰিবলৈ সৰ্বমুঠ ধনৰ ২৬.৫% ধন সাঁচতীয়া হিচাবে ৰাখে। বৰ্তমান ইয়াৰ পৰিমাণ হ’ল ৯.৬ ট্ৰিলিয়ন টকা । এই 26.5% টকা বেলেগ বেলেগ শিতানৰ বাবে ভাগ কৰি থোৱা থাকে । ইয়াৰ ভিতৰৰ 6.8% ৰখা হৈছিল আপাতকালীন নিধি হিচাবে। অৰ্থাৎ যুদ্ধ বা ভূমিকম্প আদিৰ দৰে আপাতকালীন পৰিস্থিতিৰ বাবে । চৰকাৰক অতিৰিক্ত পুঁজি দিবৰ বাবে বিবেচনা কৰিবলৈ যি বিমল জালান কমিটি বনাইছিল ,  সেই কমিটিয়ে আপাতকালীন নিধি ৬.৮% ৰ পৰাৰ ১.৩% কমাই ৫.৫% কৰিবলৈ ৰিজাৰ্ভ বেংকক অনুৰোধ কৰে । আৰু সেই হিচাবে ৰিজাৰ্ভ বেংকে আপাতকালীন নিধিৰ ১.৩ % ( ৫২৬৩৭ কোটি টকা) চৰকাৰক দিয়ে । চৰকাৰে ৰিজাৰ্ভ  বেংকৰ পৰা লোৱা ধন কিছুমান ৰাষ্ট্ৰীয়কৃত বেংকজ দিব । NPA , পৰিশোধ নকৰা ঋণে   বেমাৰী কৰি তোলা বেংকবোৰক সাহায্য হিচাবে দিবলগীয়া হৈছে । ভাৰতীয় জীৱন বীমা নিগমৰ ধনেৰে আই ডি বি আই বেংকক সকাহ দিছে । এনেকুৱা সাহাৰ্য্যৰ দ্বাৰা  বেংকৰ উত্থান হ’ব নে নহয় সেয়া সময়ত জনা যাব । কিন্তু এইবোৰ সাহাৰ্য্যইও যদি বেংকক উদ্ধাৰ কৰিব নোৱাৰে তেন্তে ৰাষ্ট্ৰীয়কৃত বেংকবোৰ পুনৰ বেচৰকাৰী খণ্ডলৈ যে যাব লাগিব সেয়া নিশ্চিত ।